বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উন্মোচন কৰিলে গুৱাহাটীত ফাৰ্ন চ’চাইটিৰ পুথিভঁৰাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 September 2021

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উন্মোচন কৰিলে গুৱাহাটীত ফাৰ্ন চ’চাইটিৰ পুথিভঁৰাল

 




W7s News ষ্টাফৰিপোৰ্টাৰ : :ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ অভ্যাস এটা গঢ়ি তোলা আৰু শিক্ষাৰ লগত জড়িত প্ৰয়োজনীয় সমল উপলভ্য হোৱাকৈ আজি গুৱাহাটীৰ কনকলতা পথ, আদিংগিৰিত উন্মোচন হয় ফাৰ্নচ’চাইটি পুথিভঁৰাল উন্মোচন কৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বৰ্তমান ৪৫০ খন ইংৰাজী আৰু ২৫০ খন অসমীয়া কিতাপ এই পুথিভঁৰালটোত পঢ়াৰ বাবে উপলভ্য, য’ত আছে মূলতঃ প্ৰসংগ পুথি তথা সহায়িকা, উপন্যাস, গল্প, আত্মজীৱনী, বুৰঞ্জীমূলক আৰু ধৰ্মীয় গ্ৰন্থ, বিশ্বকোষ, অভিধান, মানচিত্ৰ, শব্দকোষ আদিৰ লগতে থাকিব দৈনিক বাতৰি কাকত, আলোচনী আদিও। তাৰ উপৰিও পঢ়ুৱৈ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে বৃটিছ কাউন্সিল পুথিভঁৰালৰ সুবিধাৰ ব্যৱস্থাও কৰা হৈছে।

ফাৰ্নচ’চাইটিৰ সম্পাদক শুভংকৰ বৰুৱাই কয় “প্ৰায় দহ হাজাৰৰো অধিক জনসংখ্যাৰ আদিংগিৰি অঞ্চলত এটাও ৰাজহুৱা পুথিভঁৰাল নাই,আৰু এই অভা ৱআঁতৰাবলৈকে ফাৰ্নচ ’চাইটিয়ে এই প্ৰচেষ্টালৈ আহিছে।পঢ়াৰ ভাল অভ্যাসটো সকলোৰে মাজত গঢ়ি উঠাটো খুবেই প্ৰয়োজনীয়,আৰুএই অভ্যাসগঢ়ি তুলিবলৈপঢ়াৰ সমল হাততে পোৱাটোও প্ৰয়োজনীয়।এটাভাল পুথিভঁৰালহলে এইটো আৰু সমস্যাহৈ নাথাকে, ফাৰ্নচ’চাইটি পুথিভঁৰালে পঢ়ুৱৈৰ এইঅভাৱ আঁতৰাব পাৰিব।”ফাৰ্নচ ’চাইটিৰ সভাপতি বসন্ত ৰাম কলিতাই কয় “এয়া আৰম্ভণিহে,ৰাইজৰ সঁহাৰি সাপেক্ষে আমি আৰু নতুন কিতাপ ইয়াত অন্তৰ্ভুক্ত কৰি গৈ থকাৰ পৰিকল্পনা কৰিম, লগতে ফাৰ্নচ’চাইটিয়েইষ্টাৰ্ণ বুক হাউছৰ প্ৰয়াত সন্দীপ শৰ্মা ,আঁক-বাকপ্ৰকাশনৰ সৌমিত্ৰ যোগীক,বিগ এফ এমৰ আৰ জে শুভংকৰ আৰু আনশুভাকাংক্ষীসকলক আমালৈ কিতাপ দান কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ।”দা ফাৰ্নচ’চাইটিগুৱাহাটী হৈছেএটা স্বেচ্ছাসেৱী সংগঠন যি ৰাজ্যখনৰ বিভিন্ন সামাজিক ক্ষেত্ৰতসক্ৰিয়ভাৱেকাম কৰি আহিছে।চ’চাইটিয়েক’ভিড19 মহামাৰীৰ সময়ত দিয়ালকডাউনত লগতেবানপানীৰ সময়তবিভিন্ন সাহাৰ্য্য অনুষ্ঠান আয়োজন কৰি আহিছে।লগতেতেওঁলোকে সময়ে সময়ে নগৰাঞ্চলৰ সেউজকৰণৰ বাবে গছপুলি বিতৰণ আৰু ৰোপনৰ কাৰ্য্যসুচীও হাততলৈ আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here