W7s News ষ্টাফৰিপোৰ্টাৰ: অসমৰ আগশাৰীৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ শ্যামন্ত বৰুৱা এছচিয়েছন অৱ কিউটেনিয়াছ চার্জনছ অৱ ইণ্ডিয়াৰ গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়। এছচিয়েছন অৱ কিউটেনিয়াছ চার্জনছ অৱ ইণ্ডিয়া হৈছে ছালৰ বিভিন্ন সমস্যাৰ আধুনিক অস্ত্ৰোপচাৰ আৰু নান্দনিকতাৰ ক্ষেত্ৰৰ বৈজ্ঞানিক বিকাশ, প্ৰশিক্ষণ আৰু গবেষণাৰ সৈতে জড়িত মুক্ষ্য সংগঠন। ডাঃ শ্যামন্ত বৰুৱা হৈছে এনে ৰাষ্ট্ৰীয় চৰ্মৰোগ সংগঠনৰ সভাপতি নিৰ্বাচিত হোৱা অসম তথা সমগ্ৰ উত্তৰ পূব ৰাজ্যৰ প্ৰথম জন চৰ্মৰোগ বিশেষজ্ঞ। ডাঃ বৰুৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰোগ বিভাগৰ মূৰব্বী অধ্যাপকৰূপে কৰ্মৰত।
No comments:
Post a Comment