মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজি মুকলি কৰি দিয়ক -- প্ৰণৱ নাৰায়ণ দেৱ
W7s News ষ্টাফৰিপোৰ্টাৰ : জনজাতিকৰণৰ অবিহনে ক্ষান্ত নহয় সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ৷ জনজাতিকৰণৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন আৰু “মডেলিটী” কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী জনাইছে সন্মিলনীয়ে৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে জনজাতিকৰণৰ অন্যথা চৰকাৰৰ বিৰুদ্ধে শক্তিশালী আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে ৷ গোৰ্খা সম্প্ৰদায়ৰ ক্ষেত্ৰত ভূমিৰ অধিকাৰ আৰু ডি ভোটাৰ সম্পৰ্কে যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে সেই একেই সিদ্ধান্ত কোচ ৰাজবংশী সকলৰ ক্ষেত্ৰতো গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি প্ৰণৱ নাৰায়ণ দেৱে কয় “ যোৱা সময়চোৱাত ডি ভোটাৰৰ নামত অসমৰ অন্যতম বৃহৎ ভূমি পুত্ৰ কোচ ৰাজবংশী লোকসকলক বিদেশী বুলি অত্যাচাৰ আৰু উৎপীড়ন কৰা হৈছে৷ ডিটেনশ্যন কেম্পত অবৰ্ণনীয় উৎপীড়নৰ সমুখীন হোৱা তেনে কেইবাগৰাকীও কোচ ৰাজবংশী ভাই ভনীৰ মৃত্যু হৈছে৷ স্বগোষ্ঠীৰ লোকসকলে সমুখীন হোৱা এনে অবিচাৰ সহ্য কৰা নহ’ব৷” ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ প্ৰথমখন চৰকাৰৰ কাৰ্য্যকালত গঠন কৰা মন্ত্ৰীগোটৰ মুৰব্বী গৰাকীয়েই এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে বুলি উনুকিয়াই সভাপতি গৰাকীয়ে কয়, “ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন অনুমোদন জনাই কেন্দ্ৰলৈ প্ৰেৰণ কৰক আৰু জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ স্হিতি স্পষ্ট কৰিব লাগে ৷” আনহাতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন হোৱাৰ পাছত আহি পৰা আইনী জটিলতাৰ আৰত থকা স্বগোষ্ঠীৰ ব্যক্তিসকলক এই সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰৰ বাবে সন্মিলনীৰ হৈ আহ্বান জনাই সভাপতি গৰাকীয়ে৷ বিগত চৰকাৰৰ আমোলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত ঘোষিত “ মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজ”ৰ পুঁজি অদ্যপৰিমিত কোচ ৰাজবংশী উন্নয়ন পৰিষদে লাভ নকৰাত আশ্চৰ্য প্ৰকাশ কৰি উন্নয়ন পৰিষদৰো অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে শীঘ্ৰেই এই পুজি কোচ ৰাজবংশী সকলৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায় ৷ বিটিএডি এলেকাত অন্যান্য জনগোষ্ঠীসমূহক প্ৰদান কৰা ভূমিৰ অধিকাৰ সম্পৰ্কীয় ইতিমধ্যে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তত অন্যান্য জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী সকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই সভাপতিয়ে কয় যে জনজাতিয় বেল্ট আৰু ব্লকত ভূমিৰ অধিকাৰ কেৱল অবিভক্ত গোৱালপাৰা জিলাতহে কোচ ৰাজবংশীসকলে উপভোগ কৰি আছে, এই অধিকাৰ বিটিএডিৰ লগতে বাক্সা, ওদালগুৰিৰ কোচ ৰাজবংশী লোকসকলকো প্ৰদান কৰিব লাগে৷' সংবাদমেলত সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাণাদিত্য বৰ্মন, উপ সভাপতি ৰাতুল ভৰালী আৰু প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়া উপস্থিত থাকে।
No comments:
Post a Comment