গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 September 2021

গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ সংবাদমেল

 





W7s News ষ্টাফৰিপোৰ্টাৰ: প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ বিৰুদ্ধে উঠা ভূমি দখলৰ বিভিন্ন অভিযোগ নসাৎ কৰিছে খোদ প্ৰাক্তন আলফা নেতাজনে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই অভিযোগ নসাৎ কৰি তেওঁ কয় ' বিগত কিছু দিন ধৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে উঠা ভুমি দখলৰ মিছা অপপ্ৰচাৰ চলিছে। যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আৰু সংস্থাপনৰ বাট দিবলৈ ইণ্ডিজেনাছ এগ্ৰিকালচাৰ ফাৰ্মাচ প্রডিউচাৰ কোম্পানী লিমিটেডে কাম কৰি আছে। প্ৰাক্তন আলফা নেতা তথা ইণ্ডিজেনাছ এগ্ৰিকালচাৰ ফাৰ্মাচ প্রডিউচাৰ কোম্পানী লিমিটেডৰ অধ্যক্ষ অনুপ চেতীয়াই লগতে কয় ' 

উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ ঘোৰাজান বিল দখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ' ঘোৰাজান বিলৰ এক নং খণ্ডৰ ১২৭ বিঘা মাটি আমি  দখল কৰা নাই। সেই বিল আমি ২০১৯ চনত লিজত লৈছো। আমি ১১ বছৰৰ বাবে সেই ভূমি লিজত লৈছোঁ। তাত ত্ৰিমূৰ্তি মাল্টিপাৰপাছ কো-অপাৰেটিভ ছ'চাইটিয়ে শাক পাচলিৰ খেতি, মাছ, হাঁহ পালন আদিৰে স্বাৱলম্বী যুৱ প্ৰজন্মক স্বাৱলম্বী কৰিব বিচাৰিছে। তাৰবাবে আমি চৰকাৰক ৰাজহ দি আহিছোঁ। লগতে স্থানীয় যুৱকক তাত জড়িত কৰি আহিছোঁ।সেইদৰে তিনিচুকীয়াৰ গুই জানৰ ৫০০ বিঘা মাটিত কৃষি কৰ্ম আৰম্ভ কৰিছোঁ। চৰকাৰী ভূমিত যাতে কোনো সন্দেহ জনক নাগৰিকে খিতাপি ল'ব নোৱাৰে তাৰ বাবে আমি কৃষিকাৰ্য আৰম্ভ কৰিছোঁ। ৰহাৰ ভূমি দখল সন্দৰ্ভতো প্ৰতিক্ৰিয়া চেতিয়াৰ।ৰহাৰ ওচৰৰ মাটিখিনি যাতে থলুৱাৰ হাতত থাকে তাৰবাবে আমি  তাত চিত্ৰনলাৰ খেতি আৰম্ভ কৰিছোঁ। সেইদৰে ৰহাৰ কোনো ভূমি আমি দখল কৰা নাই।বসুন্ধৰী ক’অপাৰেটিভ চ’ছাইটি লিমিটেডৰ জৰিয়তে ৰহাৰ প্ৰায় ৫০০ বিঘা ভূমিৰ ১০০ বিঘাত চিত্ৰনলাৰ খেতি কৰা হৈছে। আলফা সদস্য আৰু স্থানীয় লোক আছে এই প্ৰকল্পটোত। এই ভূমি দখলত কোনো আলফা সদস্য জড়িত নাই। আমি ইণ্ডিজেনাছ এগ্ৰিকালচাৰ ফাৰ্মাচ প্রডিউচাৰ কোম্পানী লিমিটেডে গঠন কৰিছোঁ।কেৱল মাত্ৰ যুৱপ্ৰজন্মক সংস্থাপিত আৰু স্ব-নিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে। ৰাইজে যাতে মোক তাৰবাবে ভুল নুবুজে । মোৰ বিৰুদ্ধে সম্পূৰ্ণ ভূৱা আৰু ভিত্তিহীন অপপ্ৰচাৰ চলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here