সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 September 2021

সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদ মেল

 




অসমত থকা ২৪ খন  উন্নয়ন প্ৰাধিকণৰৰ প্ৰায় তিনি শতাধিক কৰ্মচাৰীক প্ৰাপ্য দৰমহা দিয়াৰ দাবী-সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ




W7s News ষ্টাফৰিপোৰ্টাৰ: অসমৰ ২৪ খন প্ৰাধিকৰণত  কৰ্মৰত প্ৰায় তিনিশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছে আৰু চাকৰিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে-এইদৰে কয় সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্যমঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত ঐক্যমঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই লগতে কয় 'অসম চৰকাৰে ২০১২ চনত 'অসম পৌৰ আইন -১৯৫৬ আৰু নগৰ আৰু গাঁও পৰিকল্পনা আইন ১৯৫৯ ৰসংশোধনৰ পাছত উন্নয়ন প্ৰাধিকৰণ বিলাকৰ আয়ৰ উৎসও কমি আহিল।এই আইন দুখনৰ সংশোধনীৰ সময়ত প্ৰাধিকৰণৰ কৰ্মৰত কৰ্মচাৰীৰ নিৰাপত্তাৰ দিশটোত তদানীন্তন চৰকাৰৰ বিভাগক বাৰম্বাৰ দৃষ্টিগোচৰ কৰি অহাৰ পাছতো কোনো গুৰুত্বই আৰোপ নকৰিলে। বর্তমান কৰ্মৰত কৰ্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি তেওঁলোকৰ নাৰ্য প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে। দেৰগাঁও ত ৪২ মাহ, লখিমপুৰত ৭২ মাহ, ডিব্ৰুগড়ত ৪০ মাহ, সোণাৰীত ৪৭ মাহ, গোৱালপাৰা ৪২ মাহ, কৰিমগঞ্জত ২৮ মাহ, ধুবুৰীত ২৪ মাহ, জাগীৰোডত ৪১ মাহ, শিলচৰত ২ মাহ, বৰপেটাত ৪৫ মাহ, নগাঁওত ৪ মাহ, নাজিৰাত ৪৬ মাহ, শিৱসাগৰত ২৫ মাহ, গোলাঘাটত ১৯ মাহ, ধেমাজিত ৭ মাহ পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে। এনে এটা পৰিস্থিতিত চৰকাৰী অনুদানো বিগত পাঁচটা বিত্তীয় বৰ্ষত প্ৰদান নকৰাত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা পৰিস্থিতি হৈছে। দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিকূলতাৰ মাজতো আমি কৰ্তব্যৰ প্ৰতি অৱহেলা নকৰি অসম চৰকাৰৰ অন্যান্য বিভাগৰ কৰ্মচাৰীৰ দৰেই নীতি-নিয়মৰ মাজেৰে কৰ্তব্য সম্পাদন কৰি আছো। তদুপৰি সভাপতি সকলে সামগ্ৰিকভাৱে প্ৰাধিকণৰ কৰ্মচাৰীসকল আৰু ইয়াৰ আঁচনিভুক্ত এলেকাধীন ৰাইজৰ সমূহীয়া কল্যাণৰ কথা চিন্তা নকৰাৰ ফলত কেৱল নিজৰ ব্যক্তিগত লাভালাভৰ বাবে ৫ বছৰৰ পৰা ১৫ বছৰ পৰ্যন্ত ধৰি একেৰাহে একেজন সভাপতিয়ে মাথোঁ সভাপতিৰ চকীখন বৰ্তাই ৰাখিবলৈকে নিশ্চুপ আৰু আওকণীয়া তথা গা এৰা দিয়া মনোভাৱ পোষণ কৰে। সেয়েহে আমাৰ চাকৰিৰ প্ৰাদেশিকীকৰণকে ধৰি চাকৰিৰ নিৰাপত্তা,অনিশ্চয় দৰমহা, অৱসৰৰ পাছত আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক পেঞ্চন, গ্ৰেছুইটি আৰু ভৱিষ্যনিধি আদিকে ধৰি প্ৰধান সমস্যাসমূহ চৰকাৰে দায়বদ্ধতাৰে অতিশীঘ্ৰে সমাধান কৰাৰ বাবে আমি চৰকাৰক দাবী জনালোঁ।  এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আৰু বিত্ত বিভাগৰ মন্ত্ৰীক এক বাস্তৱ দৃষ্টিভংগীৰে শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ। অন্যথা অনাগত দিনত প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই যিকোনো ধৰণৰ আইন সংগত আৰু গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে যিকোনো পৰিস্থিতিৰ বাবে প্ৰাধিকৰণৰ পৰিচালনা কৰ্তৃপক্ষ আৰু চৰকাৰেই পৰিৱৰ্তিত পৰিস্থিতিত দায়িত্ব গ্ৰহণ কৰিব লাগিব।' সংবাদ মেলত সাধাৰণ সম্পাদক সঞ্জীৱ বুঢ়াগোহাঁইৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here