W7s News ষ্টাফৰিপোৰ্টাৰ : গ্লেমাৰ মিউজিক প্ৰডাকচনৰ প্ৰথম নিবেদন 'কা তু ভি চাহে' শীর্ষক হিন্দী গীতৰ ভিডিঅ' বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত মুকলি কৰা হয়। অভিনেতা কিশোৰ দাস, অভিনেত্ৰী ৰীণা বসুমতাৰী, সংগীত শিল্পী বিজয় কাশ্যপ আৰু কৰিঅ' গ্ৰাফাৰ আৰু ভিডিঅ'টোৰ পৰিচালনা কৰা তাৰক শ্বাহৰ উপস্থিতিত গীতটো মুকলি কৰা হয়। অভিনেতা কিশোৰ দাসে এই কাৰ্যসূচীৰ জৰিয়তে কয় ' হিন্দী ভাষাত এটা ৰোমান্টিক গীত গ্লেমাৰ মিউজিক প্ৰডাকচনৰ বেনাৰত প্ৰথমবাৰৰ বাবে কৰা হৈছে। গীতটো ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ।' গীতটোত কণ্ঠ দিছে ভি জে বাছফৰে, ভিডিঅ'টোৰ পৰিচালনা আৰু কৰিঅ' গ্ৰাফী তাৰক শ্বাহৰ, সংগীত অঞ্জন জ্যোতিৰ। মুকলি অনুষ্ঠানত গ্লেমাৰ মিউজিক প্ৰডাকচনৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।
No comments:
Post a Comment