‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ ‘স্বচ্ছতা হি সেৱা’ ২০২১ ৰ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 September 2021

‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ ‘স্বচ্ছতা হি সেৱা’ ২০২১ ৰ উদ্বোধন



W7s News ষ্টাফৰিপোৰ্টাৰ: ২০২১ বৰ্ষৰ ১৫ ছেপ্টেম্বৰত গুৱাহাটীৰ নেডফি সন্মিলন কেন্দ্ৰত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)অসমে ‘স্বচ্ছতা হি সেৱা ২০২১’ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰে । ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা বাৰ্ষিকী উদযাপনৰ হেতু ভাৰত চৰকাৰৰদ্বাৰা উদযাপিত কৰা "আজাদী কা অমৃত মহোৎসৱ" লগত সংগতি ৰাখি ২০২১ বৰ্ষৰ স্বচ্ছতা হি সেৱাৰ কাৰ্যসূচী শুভাৰাম্ভণি কৰা হৈছে । উক্ত অনুষ্ঠানটোত উপস্থিত আছিল- পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী  ৰণজিৎ কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী (আইএএছ), ভাৰত চৰকাৰৰ খোৱা পানী আৰু অনাময় বিভাগৰ , উপ-সঞ্চালক প্ৰধান হিৰণ্য বৰা (আইএছএছ), অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু অনাময় বিভাগৰ আয়ুক্ত আৰু সচিব তথা স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) অসমৰ অভিযান সঞ্চালক আকাশ দ্বীপ (আইএএছ)। জল শক্তি মন্ত্ৰণালয়ৰ খোৱা পানী আৰু অনাময় মন্ত্ৰণালয়ে সমগ্ৰ ভাৰতত এছ.এইচ.এছ. আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ২০২১ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২১ লৈ । ইয়াৰ অংশ হিচাপে বিভিন্ন কাৰ্যকলাপ আৰু অনুষ্ঠান হাতত লোৱা হ'ব । একেদৰে অসমতো এছ.এইচ.এছ ২০২১ উদ্বোধন কৰা হ'ব য'ত কেইবাটাও কাৰ্যকলাপ যেনে 'সত্যাগ্ৰহ চে স্বচ্ছাগ্ৰহ ৰথ যাত্ৰা', 'শ্ৰমদান', 'স্বচ্ছতা জাগৃতি যাত্ৰা' (ৰেলী), 'স্বচ্ছতা চেম্পিয়নৰ বঁটা আৰু স্বীকৃতি', গ্ৰাম পঞ্চায়তৰ আদিৰ সৈতে সম্বাদ অনুষ্ঠিত কৰা হ'ব । অনুষ্ঠানটো ২ অক্টোবৰত, ২০২১ৰ স্বচ্ছ ভাৰত দিৱস উদযাপনৰ সৈতে সমাপ্ত হ'ব । অনুষ্ঠানটো  আকাশ দ্বীপ (আইএএছ) অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু অনাময় বিভাগৰ আয়ুক্ত আৰু সচিব তথা স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) অসমৰ অভিযান সঞ্চালকৰ স্বাগতম ভাষণেৰে আৰম্ভ হৈছিল,  তেওঁ আজাদী কা অমৃত মহোৎসৱ, এছএইচএছ, স্বচ্ছ সর্বেক্ষণ আৰু স্বচ্ছ ভাৰত দিৱসৰ ইয়াৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰে । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি  হিৰণ্য বৰাই(ভাৰত চৰকাৰৰ খোৱা পানী আৰু অনাময় বিভাগৰ , উপ-সঞ্চালক প্ৰধান) কয় যে, "যিকোনো অভিযানৰ সফলতা বজাই ৰখা আৰু শেষত প্ৰাপ্ত কৰাৰ ওপৰত নিৰ্ভৰ কৰে আকাংক্ষিত উদ্দেশ্য । স্বচ্ছ ভাৰত অভিযানে সেইটো কৰিবলৈ সক্ষম হৈছে । এই অভিযান ৰূপান্তৰিত হৈছে এক জন আন্দোলনলৈ য’ত সাধাৰণ জনগণে অনাময় আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে । মই স্বচ্ছ সৰ্বেক্ষণ (গ্ৰামীণ) জৰীপৰ বাবে অপেক্ষা কৰি আছোঁ,  যেনেকৈ মোৰ ভাল কামৰ ওপৰত আত্মবিশ্বাস আছে, এই জৰীপ ৰেংকিঙত আমাৰ ৰাজ্যৰ স্থিতি উন্নীত হ’ব বুলি আশা ৰাখিছো । মই অসমৰ জনসাধাৰণক এই জৰীপত অংশগ্ৰহণ কৰি, ৰাজ্যক সমৰ্থন আৰু সহায় কৰাত তথা তেওঁলোকৰ সৎ মতামত প্ৰদাান কৰিবলৈ অনুৰোধ জনাইছো ।"স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ সৌজন্যত আৰম্ভ হোৱা ‘স্বচ্ছতা হি সেৱা’ৰ লক্ষ্য হৈছে অধিক লোকৰ অংশগ্ৰহণৰে অনাময়ৰ ধাৰণাটো শক্তিশালী কৰা । এই বছৰ এই 'স্বচ্ছতা হি সেৱা'ৰ লক্ষ্য হৈছে মানুহক এক পৰিষ্কাৰ পৰিৱেশৰ গুৰুত্ব বুজিবলৈ উৎসাহিত কৰা আৰু গোটা আৰু তৰল আৱৰ্জনাৰ নিষ্কাসনৰ ব্যৱস্থাপনা প্ৰণালীবদ্ধভাৱে কৰা ।ৰাজ্যৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈ, জিলাৰ পৰা গ্ৰাম পঞ্চায়ত, গাঁও, সম্প্ৰদায়ৰ পৰা ব্যক্তিগত পৰ্যায়লৈ অন্তৰ্ভুক্ত আৰু প্ৰতিখন গাঁও অ'ডিএফ প্লাছলৈ উন্নীত কৰিবলৈ একেলগে প্ৰতিটো স্তৰত মিছনৰ প্ৰতিজন অংশীদাৰৰ অংশগ্ৰহণৰ প্ৰয়োজন হ'ব ।

স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ বিকাশ আৰু পদক্ষেপৰ ওপৰত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী  ৰণজিৎ কুমাৰ দাসে কয় 'স্বচ্ছ ভাৰত মিছনে অনাময়,  পৰিচ্ছন্নতা আৰু সুৰক্ষিত পানীৰ জৰিয়তে মানুহৰ জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰি সমাজৰ উন্নতিৰ বাবে কাম কৰি আহিছে যাৰ ফলত অৰ্থনৈতিক প্ৰগতি আৰু উন্নত স্বাস্থ্য লাভ কৰিছে । অসমৰ গাওঁবোৰত, স্বচ্ছতা হি সেৱা সংস্কৃতি আৰু দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে । কিন্তু নগৰীকৰণৰ বাবে এই প্ৰথাটো ম্লান হোৱা দেখা গৈছিল । স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ লগে লগে পৰিচ্ছন্নতা আৰু পৰিচ্ছন্নতাৰ ঢৌ আকৌ এবাৰ ঘূৰি আহিছে আৰু জন আন্দোলনলৈ পৰিণত হৈছে । অ'ডিএফৰ ওপৰত ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ আমি স্বচ্ছতা হি সেৱা অভিযানৰ অধীনত বহুতো কাৰ্যকলাপৰ পৰিকল্পনা কৰিছো । মই সকলোকে আগবাঢ়ি আহি ইয়াক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো ।"ইয়াৰ পিছত "সত্যাগ্ৰহ চে স্বচ্ছাগ্ৰহ ৰথ যাত্ৰা" শুভাৰম্ভ কৰা হয় যিয়ে অ'ডিএফৰ স্থিৰতা আৰু সঠিক পৃথকীকৰণ,  গোটা আৰু তৰল আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাশনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ অসমৰ সকলো জিলা ভ্ৰমণ কৰিব। খোৱাপানী আৰু অনাময় সমিতি কামৰূপ (মেট্ৰ')ৰ দ্বাৰা তাঁতিমৰাত আজিৰ উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে শ্ৰমদান কাৰ্যসূচীও ৰূপায়ন কৰা হৈছিল । এই কাৰ্যসূচীত অন্তৰ্ভুক্ত আছিল আৱৰ্জনা সংগ্ৰহ আৰু পৰিবহন আৰু ওচৰৰ এলেকাত অপৰিষ্কাৰ পানী ব্যৱস্থাপনাৰ বাবে শোষক গাঁতৰ ভেটি প্ৰতিষ্ঠাপন ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here