৭,৫০,০০০ ৰো অধিক সন্তুষ্ট গ্ৰাহকৰ সৈতে ভাৰতত উদযাপন কৰিছে ১০ টা গৌৰৱময় বছৰ
দশম বাৰ্ষিকীৰ উদযাপন আৰু আগন্তুক উৎসৱৰ বতৰটো উল্লেখনীয় কৰি তুলিবৰ বাবে ঘোষণা কৰিছে কেতবোৰ বিশেষ অফাৰ আৰু ল'য়েলিটী বেনিফিট
W7s News ষ্টাফৰিপোৰ্টাৰ: ৰেণোঁ ইণ্ডিয়াই ভাৰতত ইয়াৰ কাম-কাজৰ দশম বাৰ্ষিকীৰ উদযাপন কৰি এই উৎসৱৰ এটা অংশ হিচাপে গুৱাহাটীত মুকলি কৰিছে ৰেণোঁ কাইগাৰৰ সম্পূৰ্ণ নতুন এটা ভেৰিয়েণ্ট আৰ এক্স টি (অ') আৰু কুইড এম ৱাই ২১।
এই ৰেণোঁ কাইগাৰৰ আৰ এক্স টি (অ'), এম.টি আৰু এ.এম.টি. দুয়োটাতে ১.o এল এনাৰ্জি ইঞ্জিনত পোৱা যাব। এই আৰ এক্স টি (অ) ভেৰিয়েণ্টটোৱে আৰ এক্স জেদ ভৰিয়েণ্টটোৰ পৰা কেতবোৰ গ্ৰাহকৰ প্ৰিয়, প্ৰিমিয়াম সা-সুবিধা, যেনে ট্ৰাই-অক্টা এল.ই.ডি পিউৰ ভিজন হেডলেম্পছ আৰু ৪০.৬৪ ছেঃমিঃ ডায়েমণ্ড কাট এলয় হুইলছ কম মূল্যতে লাভ কৰিব। ৪০.৬৪ ডায়েমণ্ড কাট এলয় হুইলছ আৰু আকৰ্ষণীয় ৰেডিয়েণ্ট ৰেড ডুৱেল টোন ৰঙেৰে সুসজ্জিত এই নতুন কাইগাৰ
আৰ এক্স টি (অ') খনৰ প্ৰতিষ্ঠিত থ্ৰী-এল.ই.ডি ফ্ৰণ্ট লুকটোৱে কাৰখনৰ আশ্চৰ্যকৰ ডিজাইনটো অতিৰিক্তভাৱে উজলাই তোলাত জোৰ দিব। কেবিনৰ ভিতৰত উত্তম মানৰ বতাহ সুনিশ্চিত কৰিবলৈ, এই আৰ এক্স টি (অ') খনে পি এম২.৫ এডভান্সড এটমোছফেৰিক ফিল্টাৰৰ সুবিধাও আগবঢ়াব। সামগ্ৰিক স্মাৰ্ট কেবিনৰ সুবিধা বৃদ্ধি কৰি, আৰ এক্স টি (অ') ভেৰিয়েণ্টটোলৈকো আগবঢ়োৱা ৱায়াৰলেছ স্মাৰ্টফোন ৰেপ্লিকেশ্যন ফাংকশ্যনটোৱে, যাত্ৰীসকলক তেওঁলোকৰ স্মাৰ্টফোনবোৰ ২০.৩২ ছেঃমিঃ ডিছপ্লে লিংক ফ্লটিং টাচ্চস্ক্ৰীণৰ সৈতে কানেক্ট কৰিবলৈও সক্ষম কৰি তোলে। ৰেণোঁ কুইড এতিয়ালৈকে এখন আকৰ্ষণীয়, অভিনৱ তথা মিতব্যয়ী বাহন হোৱাৰ লগতে ৰণোঁ ইণ্ডিয়াৰ বাবে এখন প্ৰকৃতাৰ্থতে গেম-চেঞ্জাৰ তথা ভলিউম ড্ৰাইভাৰ হৈ আহিছে। যুগান্তকাৰী প্ৰডাক্ট আৱিষ্কাৰৰ জৰিয়তে কুইডৰ অদম্য সফলতাৰ ওপৰত অবিচল হৈ থকাৰ প্ৰতিশ্ৰুতিৰে, সম্পূৰ্ণ নতুন কুইড এম ৱাই ২১খনে অফাৰিঙৰ ক্ষেত্ৰত ইয়াৰ মূল্যৰ প্ৰস্তাৱ অতিৰিক্তভাৱে সবল কৰি তোলে আৰু প্ৰডাক্ট তথা ব্ৰেণ্ডটোৰ ক্ষেত্ৰত গ্ৰাহকৰ আস্থা আৰু বিশ্বাস দুগুণে বঢ়ায়। এই ৰেণোঁ কুইড এম ৱাই ২১ ৰেঞ্জটো মেনুৱেল আৰু এ.এম.টি দুয়োটা বিকল্পতে০.৮ এল আৰু ১.০ এল এছ চি ই পাৱাৰট্ৰেইনছত আগবঢ়োৱা হ'ব। ৰেণোঁ কুইড ৰেঞ্জটোৱে ভাৰতত প্ৰযোজ্য হোৱা সকলো সুৰক্ষা বিধি মানি চলে, আৰু এতিয়া সকলো ভেৰিয়েণ্টতে উৎকৃষ্টতাৰ মান হিচাপে ডুৱেল ফ্ৰণ্ট এয়াৰবেগছৰ সৈতে সুসজ্জিত কৰিব। এই বিকাশ নিয়ামক সময়সীমাৰ পূৰ্বেই কৰা হৈছে। কাৰখনৰ আকৰ্ষণ বৃদ্ধি কৰি, এই নতুন কুইড এম ৱাই ২১ ক্লাইম্বাৰ এডিশ্যনটো ইলেকট্ৰিক অ'.আৰ.ভি.এম. আৰু ডে এণ্ড নাইট আই.আৰ.ভি.এম.ৰ দৰে নতুন বৈশিষ্ট্যৰে লগতে ব্লেক ৰুফৰ সৈতে বগা ৰঙত ডুৱেল টোন এক্সটেৰিয়ৰতো পোৱা যাব। বিভিন্ন ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ সুৰক্ষাজনিত সা-সুবিধাৰ লগতে ইয়াত দিয়া ফ্ৰণ্ট ড্ৰাইভাৰ ছাইড পাইৰোটেক আৰু প্ৰিটেন্স'নাৰ সুবিধাটোৱেও গাড়ীখনৰ সুৰক্ষাৰ মান বহুগুণে বৃদ্ধি কৰিছে। ৰেণোঁ কাইগাৰ আৰ এক্স টি (অ) ভেৰিয়েণ্টটো ভাৰতীয় টকাৰ মূল্য ৭.৩৭ লাখত মুকলি কৰা হৈছে (এক্স-শ্ব'ৰুম গুৱাহাটী) আনহাতে নতুন কুইড এম ৱাই ২১ ৰেঞ্জটো ভাৰতীয় টকাৰ মূল্য ৪.০৬ লাখৰপৰা আৰম্ভ হৈছে (এক্স-শ্ব'ৰুম গুৱাহাটী)।এই বাৰ্ষিক উৎসৱৰ অংশ হিচাপে, ৰেণোঁৱে ইয়াৰ প্ৰডাক্টসমূহৰ নিৰ্বাচিত ভেৰিয়েণ্টবোৰৰ ওপৰত সৰ্বাধিক ৮০,০০০ টকা পৰ্যন্ত লাভালাভ আগবঢ়াই ২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ ঘোষণা কৰিছে। এই সময়ছোৱাৰ ভিতৰত নতুন ৰেণোঁ গাড়ী ক্ৰয় কৰিলে এই অফাৰসমূহ লাভ কৰিব পাৰিব। ওপৰত উল্লেখ কৰাখিনিৰ উপৰিও, ১০ বছৰ পূৰ্তিৰ উপলক্ষে ৰেণোঁৱে ১১০,০০০ টকা পৰ্যন্ত সৰ্বাধিক লয়েলিটী বেনিফিটৰ জৰিয়তে ১০ টা অনন্য লয়েলিটী ৰিৱাৰ্ডৰ কথাও ঘোষণা কৰিছে, যিটো নিয়মীয়া গ্ৰাহক উপহাৰসমূহতকৈ সকলোফালৰপৰাই বেছি।নগদ উপহাৰ আৰু লয়েলিটী বোনাছৰ ৰূপত ঘোষিত অফাৰসমূহৰ উপৰিও, কোম্পানীয়ে ৰেণোঁ কুইড, ট্ৰিবাৰ আৰু কাইগাৰ ক্ৰয় কৰাৰ ওপৰত বায় নাও, পে ইন ২০২২ আঁচনিখনো ঘোষণা কৰিছে, য'ত ক্ৰেতাসকলে এতিয়া এখন নতুন ৰেণোঁ গাড়ী বাচি লৈ ৬ মাহৰ পিছৰপৰা ই.এম.আই. পৰিশোধ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ৰেণো ইণ্ডিয়াৰ কষ্টমাৰ কেয়াৰ মুৰব্বী ভীমসেন গোলাবানীয়ে বুধবাৰে সংবাদ মাধ্যমক কয় ভাৰতত ইয়াৰ দশকজোৰা উপস্থিতিৰে ৰেণোঁৱে এক উল্লেখনীয় উন্নতি সাধন কৰিছে যাৰ ভিতৰত আছে এক অত্যাধুনিক নিৰ্মাণ কেন্দ্ৰ, এক বিশ্ব মানৰ প্ৰযুক্তি কেন্দ্ৰ, লজিষ্টিক্স আৰু ভাৰতত থকা ডিজাইন চেণ্টাৰ। নিজৰ অনন্য উৎপাদন কৌশল আৰু অগ্ৰণী গ্ৰাহক সন্তুষ্টিজনিত পদক্ষেপসমূহৰ দ্বাৰা সমৰ্থিত এই শক্তিশালী আধাৰে ভাৰতত ৰেণোঁ গাড়ী চলোৱা ৭.৫০.০০০ ৰো অধিক গ্ৰাহকৰ সহায়ত এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
No comments:
Post a Comment