উত্তৰ-পূৰ্বাঞ্চলৰ সুবিধা বঞ্চিত শিক্ষাৰ্থীৰ বাবে বিশেষ সুবিধা
W7s News ষ্টাফৰিপোৰ্টাৰ : দেশৰ সৰ্বশ্ৰেষ্ঠ বোৰ্ডিং স্কুল ডুন স্কুলে স্কলাৰশ্বিপ পৰীক্ষাৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত বিদ্যালয়খনৰ হেড অৱ ডেভেলপমেণ্ট এণ্ড এলামনাই ৰিলেচনচ অৰ্জুন সিং বার্তৱালে কয় 'এই বিদ্যালয় স্থাপন কৰা হৈছিল ১৯৩৫ চনত। যিয়ে সদায়ে অসাধাৰণ গুণৰ ছাত্ৰ সকলক এক বিশেষ সুবিধা প্ৰদান কৰি আহিছে। যিয়ে ভৱিষ্যতে দেশক উন্নতিৰ দিশত আগবাঢ়ি যোৱাত নেতৃত্ব দিব পাৰে।
এই বিদ্যালয়ত সপ্তম আৰু অষ্টম শ্ৰেণীত নাম ভৰ্তি কৰা হয়। যাৰ বাবে ডিচেম্বৰ মাহত আয়োজিত কৰা হয় এক লিখিত পৰীক্ষাৰ । যি পৰীক্ষাৰ পিছতে এক সাক্ষাৎকাৰ অনুষ্ঠিত হয় আৰু যোগত্যাৰ পিছত ছাত্ৰক ছাত্ৰবৃত্তি প্ৰদান কৰা হয়। 'সংবাদমেলত বিদ্যালয়ৰ ডাইৰেক্টৰ অৱ পাৰ্চনেল অনুপমা যোশী আৰু ডাইভাৰচিটি কমিটিৰ অধ্যক্ষ ৰবি সিংঘীয়ে কয় ' ছাত্ৰবৃত্তি প্ৰদান কৰাৰ বাবে অনুষ্ঠিত এই পৰীক্ষাৰ উদ্দেশ্য়েই ডুন স্কুলে উত্তৰ পূৱত অনুষ্ঠিত কৰিব লিখিত পৰীক্ষা। গুৱাহাটী আৰু তেজপুৰত অনুষ্ঠিত কৰা হব এই পৰীক্ষা। দুয়োখন চহৰতে এই পৰীক্ষা চলিত বৰ্ষৰে ২ অক্টোবৰত অনুষ্ঠিত কৰা হব। এই পৰীক্ষা উত্তৰ পূৱৰ এই দুখন চহৰৰ বাদেও শ্ৰী নগৰ, চেন্নাই আৰু কোইম্বাতোৰত অনুষ্ঠিত কৰা হব। এই ছাত্ৰ বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন মাচুল ১০০ টকা। বিদ্যালয়খনে এই পৰীক্ষাৰ জৰিয়তে উত্তৰ পূৱৰ প্ৰতিভশালী ছাত্ৰ সকলক বিচাৰি উলিয়াবলৈ সক্ষম হব বুলি আশাবাদী। অনুষ্ঠিত হব লগা এই পৰীক্ষাৰ জৰিয়তে শ্ৰেষ্ট ২০ ছাত্ৰ নিৰ্বাচন কৰা হব। সেই ২০ ছাত্ৰক ডিচেম্বৰ মাহত ডেৰাডুনত হব লগা সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনাব। ইয়াৰ বাবে ছাত্ৰৰ লগতে এগৰাকী অভিভাৱকৰ সম্পূৰ্ণ অহা যোৱা আৰু ডেৰাডুনত থকা খোৱৰ খৰচ বহন কৰিব। এই পৰীক্ষাৰ দ্বাৰা ডুন স্কুলে এইটোৱেই প্ৰমাণ কৰিব বিচাৰে যে, এই স্কুল খন কেৱল ধনী ঘৰৰ ছাত্ৰৰ বাবে নহয়। যোগ্যতা থাকিলে সকলো ছাত্ৰই এই স্কুলত পঢ়িব পাৰিব। বৰ্তমানে স্কুল খলত ১৬ শতাংশ ছাত্ৰ এনে আছে যিয়ে আৰ্থিকভাৱে দুৰ্ৱল হোৱাৰ পিছতো মেধাৰ ভিত্তিত ছাত্ৰ বৃত্তি লাভ কৰি শিক্ষা গ্ৰহণ কৰি আছে। লগতে যদিহে এই পৰীক্ষাত এনে ছাত্ৰ আহে যি বহুত প্ৰতিভাশালী পিছে আৰ্থিকভাৱে দুৰ্ৱল তেনে ছাত্ৰকো সম্পূৰ্ণ ছাত্ৰ বৃ্ত্তি প্ৰদান কৰাৰো ব্যৱস্থা কৰা আছে। ছাত্ৰ সকলক এই লিখিত পৰীক্ষাৰ বাবে উৎসাহ যোগাবৰ বাবে বৰ্তমানে গুৱাহাটীত আছে। যি পৰীক্ষা ডিচেম্বৰত অনুষ্ঠিত হব লগা মূল পৰীক্ষাৰ চাবি কাঠি।
পৰীক্ষাৰ বিধি- পৰীক্ষাৰ মুঠ সময়সীমা ৩ ঘণ্টা (লিখিত পৰীক্ষা) ভাষা (আঞ্চলিক-ইংৰাজী) আৰু ব্যৱহাৰিক জ্ঞান,বিজ্ঞান আৰু গণিত।
No comments:
Post a Comment