'অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা প্ৰভাত চন্দ্ৰ মেধীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

'অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা প্ৰভাত চন্দ্ৰ মেধীৰ মৃত্যু

 





W7s News ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যৰ এগৰাকী বিশিষ্ট অভিযন্তা তথা সমাজকৰ্মী প্ৰভাত চন্দ্ৰ মেধীৰ বুধবাৰে আকস্মিক মৃত্যু হয়। মহানগৰীৰ লাচিত নগৰত থকা বাসগৃহত হঠাতে অসুস্থ হৈ পৰা মেধীক স্থানীয় নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে দিনৰ ১১.৫৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী সুদক্ষ অভিযন্তা হিচাবে এক দীঘলীয়া কৰ্ম জীৱন অতিবাহিত কৰা মেধিয়ে পৰিষদৰ অতিৰিক্ত মুখ্য অভিযন্তা হিচাবে অৱসৰ লৈছিল।‌ পৰৱৰ্তী সময়ত নসত্ৰ ৰ কৃষ্ণগুৰু আশ্ৰমৰ এগৰাকী নিষ্ঠাবান ভকত হিচাবে সেৱা আগবঢ়াই অহা প্ৰয়াত মেধী তেওঁৰ সহজ- সৰল জীৱনেৰে সকলোৰে ‌প্ৰিয়ভাজন আছিল। তেওঁৰ মৃত্যুৱে লাচিত নগৰৰ অঞ্চলকে ধৰি গুণগ্ৰাহী ৰ মাজত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল

৭৫  বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, কন্যা আৰু তিনিটা নাতি-নাতিনী এৰি যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here