উত্তৰ পূৰ্বাঞ্চলত প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক উদ্বোধন
'হায়াত মিৰৰ' উন্মোচন
W7s News ষ্টাফৰিপোৰ্টাৰ: সম্প্ৰতি বিশ্বৰ ৰোগৰ বোৰৰৰ ভিতৰত হৃদৰোগৰ প্ৰকোপ অতিকৈ বেছি বুলি ক'ব পৰা যায়। পৰিৱৰ্তিত জীৱন শৈলী, খাদ্যভাস আৰু উচ্চ ৰক্তচাপ এই ৰোগৰ মূল কাৰক হিচাপে চিনাক্ত হৈছে। প্ৰতিবছৰে বিশ্বত ১৭.৯ মিলিয়ন মানুহ হৃদৰোগত আক্ৰান্ত হয়। হৃদৰোগৰ উচ্চমানৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নাম ইতিমধ্যই অসমৰ চিকিৎসা সেৱাত শিখৰ পাইছে। হাস্পতাল খনৰ হৃদ ৰোগ বিশেষজ্ঞ তথা হায়াত হাৰ্ট চেণ্টাৰৰ সঞ্চালক ডাঃ চিন্ময় মজুমদাৰৰ নেতৃত্বত হাস্পতাল খনত এখনি 'হাৰ্ট ফেইলাৰ ক্লিনিক' ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে I সাধাৰণ মানুহৰ মাজত হৃদৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু হৃদৰোগীৰ শুশ্ৰূষা কৰাৰ উদ্দেশ্যে আগত ৰাখি আয়োজন কৰা এই হাৰ্ট ফেইলাৰ ক্লিনিক খন অহা বিশ্ব হৃদৰোগ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে উদ্বোধন কৰা হয়। য'ত সাধাৰণ ৰাইজ তথা হৃদৰোগী সকলে এই ৰোগৰ চিকিৎসা, চিকিৎসকৰ পৰামৰ্শ আৰু আনুসংগিক বিশেষ যত্ন লাভ কৰিব যত চিকিৎসকৰ উপৰিও বিশেষ পৰামৰ্শ দাতা উপস্থিত থাকিব। উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰা এই হাৰ্ট ফেইলাৰ ক্লিনিক খনে হৃদৰোগত আক্রান্ত ৰোগৰ বাবে এক বিশেষ ভূমিকা পালন কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাত এক যুগান্তকাৰী সংযোজন হিচাপে পৰিগণিত হ'ব। "আমাৰ হস্পিতালৰ মূল লক্ষ্য হ'ল ৰোগী সকলৰ ভালদৰে যত্ন লোৱা I ৰোগী আৰু সাধাৰণ মানুহৰ মাজত এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবৰ বাবে এই ক্লিনিক খনে বহুত কাম কৰিব পাৰিব। আমি এই ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে এনেকুৱা এখন ক্লিনিকৰ প্ৰয়োজনীয়তা বহুত বেছি আছিল মোৰ ব্যক্তিগত ভাৱে এটা পৰিকল্পনা তথা সপোন আছিল আৰু আজি উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত হাৰ্ট ফেইলাৰ ক্লিনিক প্ৰতিষ্ঠা হ'ল। এইয়া আমাৰ বাবে সুখবৰ"- বুলি ডাঃ চিন্ময় মজুমদাৰে অনুষ্ঠানত কয়। আনহাতে বিশ্ব হৃদৰোগ দিৱসৰ লগত সংগতি ৰাখি হাস্পতাল খনে 'হায়াত মিৰৰ' নামৰ এখনি আলোচনী উন্মোচন কৰে I অনুষ্ঠানত অতিথি হিচাপে সংগীত শিপ্লী জিতুল সোনোৱাল, তৰালি শৰ্মা, হাস্পতাল খনৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াৰ লগতে চিকিৎসক, নাৰ্ছ আৰু অন্য কৰ্মচাৰী সকল উপস্থিত থাকে। উল্লেখ্য, এই বিশ্বহৃদ ৰোগ দিৱস উপলক্ষে অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইজনমান চিনাকি ব্যক্তিত্বলৈ মৰম আৰু সন্মান হিচাপে বিনামূলীয়া হৃদৰোগৰ চিকিৎসা সেৱা আগবঢ়ায়। “বিশ্ব হৃদৰোগ দিৱস উদযাপনৰ লগত সংগতি ৰাখি উদ্বোধন কৰা হাৰ্ট ফেইলাৰ ক্লিনিক খন ৰাইজৰ বাবে যথেষ্ট সহায়কাৰী হ'ব। আগতে হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ আৰু চিকিৎসাৰ বাবে ৰোগী অসমৰ বাহিৰত যাব লাগিছিল, কিন্তু আজি এনে জটিল ৰোগৰ বাবে হায়াত হস্পিতাল কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ বাবে আমাৰ চিকিৎসক আৰু উন্নত মানৰ কাৰিকৰী প্ৰযুক্তিৰ বাবে সম্ভৱ বুলি হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়ে।
No comments:
Post a Comment