হৃদৰোগঃ “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সজাগতা কাৰ্যসূচী # - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

হৃদৰোগঃ “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সজাগতা কাৰ্যসূচী #


# খোজ কাঢ়ক কুশলে থাককঃ  ডাঃ চন্দন মোদক#


W7s News ষ্টাফৰিপোৰ্টাৰ : "খোজ কাঢ়ক , চাইকেল চলাওক , শাৰীৰিক শ্ৰম কৰক আৰু সকলোৱে কুশলে থাকক ৷”---- জনসাধাৰণৰ প্ৰতি এই আহ্বান

বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ তথা “ দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকৰ ৷  “বিশ্ব হৃদ দিৱস” উপলক্ষে "দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”য়ে “গ্ৰীণ ক্লাছেছ, গুৱাহাটী”ৰ সহযোগত মহানগৰীত  স্বাস্থ্য সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁ এনেদৰে কয় ৷ পুৱা ৭ বজাত মঠঘৰীয়াৰ পৰা গীতা মন্দিৰলৈ এক পদযাত্ৰা সমদলৰ নেতৃত্ব দি সংস্থাটিৰ সভাপতি ডাঃ মোদক আৰু সাংস্কৃতিক , তথ্য তথা প্ৰচাৰ মুৰব্বী নৱজ্যোতি পাঠকে কয় যে জন্মৰে পৰা মৃত্যু পৰ্যন্ত মানুহৰ যিবোৰ অংগই অবিৰাম কাম কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ ৷ গতিকে ইয়াক ৰোগমুক্ত কৰি ৰখাটো সকলো মানুহৰে দায়িত্ব ৷ কিন্তু আজিকালি মানুহে বিভিন্ন চাপৰ বোজা লৈ জীৱন যাপন কৰিবলগীয়া হয় ৷ কৰ্মক্ষেত্ৰৰ চাপ , প্ৰতিযোগিতামূলক জীৱন শৈলী , স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যাভাস , ধপাত তথা অন্যান্য মাদক দ্ৰৱ্যৰ আসক্তি আদিয়ে মানুহৰ হৃদযন্ত্ৰক দুৰ্বল কৰিছে ৷ প্ৰসংগক্ৰমে সংস্থাটিয়ে  উল্লেখ কৰে যে ৮৩শতাংশ হৃদৰোগৰ কাৰণ হৈছে এনেধৰণৰ জীৱন শৈলী ৷ তদুপৰি ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱাসকলৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী ৷ এয়া বাৰুকৈয়ে উদ্বেগৰ বিষয় ৷লগতে প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমবৰ্ধমান অত্যাচাৰকো হৃদৰোগৰ বাবে দায়ী কৰে সংস্থাটিয়ে ৷ কিয়নো মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেন উদাৰ প্ৰকৃতিয়ে বিনামূল্যে প্ৰদান কৰে ৷ কিন্তু প্ৰকৃতিৰ এই উদাৰতাৰ বিপৰীতে এচাম লোকে গছ-বন তহিলং কৰি সমাজ-জীৱনলৈ বিপদ নমাই আনিছে ৷ এনে কাৰ্যৰ বিৰোধীতা কৰাৰ লগতে প্ৰকৃতিক আপডাল কৰিবলৈ আহ্বান জনায় সংস্থাটিয়ে ৷ সেয়েহে সকলোকে খোজ কাঢ়া , চাইকেল চালনা আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তুলিবলৈও আহ্বান জনায় তেওঁলোকে ৷ ইপিনে “বিশ্ব হৃদ দিৱস” উপলক্ষে “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”য়ে আজি পুৱা ১১ বজাৰ পৰা সৰু সজাই ষ্টেডিয়ামৰ বিপৰীতে থকা মহানন্দ তামুলী পথৰ ৰংমন নগৰস্থিত “দ্য হাৰ্ট , সহৃদয় গোষ্ঠী”ৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা চিকিৎসা শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া দৰৱ বিতৰণ কৰে ৷ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে সহযোগিতা আগবঢ়োৱা সদাশয় ৰাইজ তথা সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে সংস্থাটিয়ে ৷



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here