সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাৰ সংবাদ মেল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 23 September 2021

demo-image

সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাৰ সংবাদ মেল

Responsive Ads Here

 

IMG-20210924-WA0010

অসমৰ ৪৮ টা যাত্ৰাদলৰ প্ৰায় ২০০০ লোক ক'ভিডৰ বাবে ক্ষতিগ্ৰস্ত


চৰকাৰে নতুন এছ অ' পি ঘোষণা কৰি দুৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিবলৈ দিয়ক


চৰকাৰক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ দাবী


যাত্ৰাদলৰ শিল্পী সকলৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰক




W7s News ষ্টাফৰিপোৰ্টাৰ :'অসমৰ যাত্ৰা দল সমূহক ৫ লাখ টকাৰ আৰ্থিক অনুদান দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম যাত্ৰাদল প্ৰয়োজক সন্থাই। সন্থাৰ উদ্যোগত বৃহস্পতিবাৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সভাপতি নৱ শৰ্মাই এই দাবী উত্থাপন কৰি কয় ' অসমৰ ৪৮ টা যাত্ৰাদলৰ প্ৰায় ২০০০ লোক ক'ভিডৰ বাবে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। পূৰ্বে সন্থাৰ অধীনত ৪৫ টা যাত্ৰাদল থকাৰ লগতে তিনিটা নতুনকৈ গঠন হোৱা দল আছে। ক'ভিড পৰিস্থিতিৰ বাবে এক বুজাব নোৱাৰা ক্ষতিৰ সন্মুখীন হ'ল যাত্ৰাদলৰ প্ৰয়োজন সকল। এইবাৰ পৰিবেশ কিছু উন্নত হোৱাত আৰু ভ্ৰাম্যমাণ নাট্যদল সমূহক আখৰা কৰিবলৈ চৰকাৰে ক'ভিড বিধিৰ মাজতেই অনুমতি দিয়াত অসমৰ এই দল সমূহে আখৰা আৰম্ভ কৰাৰ লগতে নতুন উদ্যমেৰে ধন বিত খৰছ কৰি চেটিংচ লাইট শব্দ যন্ত্ৰ সকলো ঠিক কৰি লয়। কিন্তু চৰকাৰৰ নতুন এছ অ' পি ঘোষণা কৰি আগন্তক দুৰ্গা পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিলে। যাৰফলত কেবাখন পূজা আহ্বায়াক সমিতিয়ে চুক্তি বাতিল কৰিলে। এতিয়া নাটক কৰিব নোৱাৰিলে আমাৰ প্ৰযোজক শিল্পী কলা কুশলী সকলে নাখাই মৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

ক'ভিডৰ বাবে বিগত  দুবছৰত স্তব্ধ হৈ আছে নাট্য সংস্কৃতিৰ মূল ভেটি অসমৰ যাত্ৰাদল সমূহ। আমি বিগত দুবছৰ ধৰি দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে। আমাক চৰকাৰে মাহী আইৰ দৃষ্টিৰে চাইছে। ইয়াৰ লগত পৰোক্ষভাৱে প্ৰায় শতাধিক লোক জড়িত হৈ আছে। নতুন এছ অ' পিৰ ঘোষণা  কৰক যাতে দুৰ্গাপূজাৰ সময়ত আমি ক'ভিড বিধি মানি নাটক কৰাৰ সুবিধা লাভ  কৰিব পাৰোঁ।ৰজাঘৰে সভা সমিতি, অনুষ্ঠানৰ আয়োজন কৰিব পাৰে কিন্তু আমি মুকলিকৈ ক'ভিড বিধি মানি অনুষ্ঠান পৰিবেশন কৰাৰ বাধা আৰোপ কৰি আহিছে। আমাৰ প্ৰতি চৰকাৰক সু-দৃষ্টি  দিবলৈ আহ্বান জনালোঁ। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক আমাৰ ভাষাৰে বুজাব নোৱাৰা ক্ষতি পূৰণৰ বাবে ৫ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ বাবে দাবী জনালোঁ। লগতে যাত্ৰাদলৰ শিল্পী সকলৰ বাবে যোগ্যতা অনুসৰি শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ।'

সংবাদ মেলত সন্থাৰ কাৰ্যকৰী সভাপতি গকুল মহন্তই কয় 'অসমৰ সাংস্কৃতিক জীৱন বিগত দুটা বছৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্তু হৈছে। পূৰ্বে অসমত প্ৰায় ৬০ টা যাত্রাদল আছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বহু যাত্ৰাদল কালৰ বুকুত হেৰাই গ'ল। ১৯৩০ চনত নটসৈনিক তথা অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই নকৈ প্ৰতিস্থা কৰা যাত্ৰাদলে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতখনক দ্ৰুতগতিত আগুৱাই লৈ গ'ল। লগতে যাত্ৰাদলৰ অভিনেতা অভিনেত্ৰীৰ লগতে শিল্পী কলা কুশলীক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ।  তদুপৰি অসমত যিমানবোৰ টোলগেট আছে তাত প্ৰতিটো যাত্ৰাদলৰ বাহন সমূহৰ কৰ ৰেহাই দিয়াৰ বাবে চৰকাৰক আবেদন জনালোঁ।' সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক চবিন তালুকদাৰৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *