'হৃদয়ৰ মণিকাঞ্চন' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 September 2021

'হৃদয়ৰ মণিকাঞ্চন' উন্মোচন






W7s News ষ্টাফৰিপোৰ্টাৰ : বিশিষ্ট  লেখক বাণীকান্ত মেধিৰ গ্রন্থ 'হৃদয়ৰ মণিকাঞ্চন ' দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ড০ পূৰ্ণ ভট্টাচাৰ্যই। উন্মোচনী ভাষণত তেওঁ কয় ' লেখক বাণীকান্ত মেধিয়ে এটা সুন্দৰ বিষয়বস্তুক লৈ গ্ৰন্থখন লিখি উলিয়াইছে। আজিৰ সময়ত অতি প্ৰাসংগিক এই বিষয়বস্তুক লৈ লিখা গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ। কলাৰত্ন, পদ্মশ্ৰী, নৃত্যাচার্য যতীন গোস্বামীয়ে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে। সভাৰ আৰম্ভণিতে ৰুমী দেৱীয়ে গুৰু বন্দনা আৰু সৰস্বতী বন্দনা পৰিবেশন কৰে। সভাত লেখক বাণীকান্ত মেধিয়ে গ্রন্থখনৰ আঁৰৰ কথা উল্লেখ কৰি কয় ' শিক্ষক আৰু শিক্ষার্থীৰ মধুৰ সম্পর্ককলৈ এই গ্ৰন্থখন লিখা হৈছে। পাঠক সমাজে গ্ৰন্থখন আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ।'সভাত

জ্যোতি প্ৰকাশনৰ স্বত্ত্বাধিকাৰী নগেন শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here