W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে কবি এম. কামালুদ্দিন আহমেদৰ কবিতাৰ দিনকৰ কুমাৰে কৰা অনুবাদৰ 'তগৰ তুম চাহত কা খনিজ হো' শীৰ্ষক সংকলনখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে প্ৰখ্যাত হিন্দী কবি-সাংবাদিক তথা হিন্দী পত্ৰিকা 'দুনিয়া ইন দিনো'ৰ সম্পাদক ড. সুধীৰ ছাক্সেনাই। কাব্যৰসিক দৰ্শক-সমাজৰ উপস্থিতিত সংকলনখন উন্মোচন কৰি কবি সুধীৰ ছাক্সেনাই কয় 'এম কামালুদ্দিন আহমেদ সাম্প্ৰতিক আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ। আহমেদৰ কবিতা ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি সাৰ্বজনীন অনুভূতি জগাই তুলিব পৰা বৈশিষ্টৰ বাহক।'আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰসিদ্ধ সমালোচক-অনুবাদক প্ৰদীপ আচাৰ্যই আহমেদৰ সকলোবোৰ কবিতা পঢ়া বুলি মন্তব্য কৰাৰ লগতে কয় 'কামালুদ্দিন আহমেদৰ কবিতাত অসমীয়া জনজীৱনৰ একপ্ৰকাৰৰ নিৰ্যাস লক্ষ্য কৰা যায়। বিশিষ্ট অতিথিৰ ভাষণত অনুবাদক দিনকৰ কুমাৰে কামালুদ্দিন আহমেদৰ কবিতাৰ অনুবাদ সম্পৰ্কীয় অভিজ্ঞতা আৰু অনুবাদৰ তাত্ত্বিক দিশটোৰ বিষয়ে মন্তব্য কৰে। আনহাতে অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত থাকি কামালুদ্দিন আহমেদৰ কবিতাৰ বিষয়ে অনুভৱ ব্যক্ত কৰে বিশিষ্ট কবি অনুভৱ তুলসী আৰু বিজয় শংকৰ বৰ্মনে। ড০ জয়ন্ত ডেকাই আঁতধৰা অনুষ্ঠানটোত গৱেষক দ্বীপজ্যোতি বৰাই কবি আহমেদৰ কেবাটাও কবিতাৰ হিন্দী অনুবাদৰ পাঠেৰে শ্ৰোতা-দৰ্শকক আপ্লুত কৰে।
No comments:
Post a Comment