ৰাজ্যৰ প্ৰতিখন জিলাতে "টেট পৰীক্ষা"ৰ কেন্দ্ৰৰ ব্যৱস্থা কৰকঃ এছ এফ আই-ডি ৱাই এফ আই - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 16 September 2021

demo-image

ৰাজ্যৰ প্ৰতিখন জিলাতে "টেট পৰীক্ষা"ৰ কেন্দ্ৰৰ ব্যৱস্থা কৰকঃ এছ এফ আই-ডি ৱাই এফ আই

Responsive Ads Here

 

IMG_20210701_010141

ৰাজ্যৰ সাতখন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নিদিয়াতো অবিবেচক, বৈষম্যমূলক আৰু সাম্প্ৰদায়িক মানসিকতাৰ পৰিচায়ক



W7s News ষ্টাফৰিপোৰ্টাৰ: আগন্তুক অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া "অসম টেট" পৰীক্ষাৰ বাবে সাতখন জিলাত কোনো পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাত ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু প্ৰতিখন জিলাতে পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এছ এফ আই আৰু ডি ৱাই এফ আইয়ে অসম চৰকাৰৰ অধীনৰ শিক্ষা বিভাগৰ এই সিদ্ধান্ত চূড়ান্ত অবিবেচক, বৈষম্যমূলক আৰু সম্প্ৰদায়িক মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে। শিক্ষা বিভাগৰ বিজ্ঞাপন অনুসৰি বৰপেটা, বজালি,  কৰিমগঞ্জ, হাইলাকান্দি, গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু  ধুবুৰী জিলাত টেট পৰীক্ষাৰ কোনো কেন্দ্ৰ নাই।  উল্লেখনীয় যে বাদ পৰা জিলা কেইখনৰ প্ৰায় কেইখনে আকাৰত বৃহৎ হোৱাৰ লগতে সীমামূৰীয়া আৰু ভৌগলিকভাৱেও অতি প্ৰতিকুল। স্বাভাৱিক পৰিস্থিতিতকৈ  ৰাজ্যখনৰ বৰ্তমানৰ  কোভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি টেট পৰীক্ষাৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল। পূৰ্বৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমকি টেট পৰীক্ষাৰ বাবে উক্ত জিলাসমূহত পৰীক্ষা কেন্দ্ৰ আছিলে আৰু সুচাৰূৰূপে পৰীক্ষাও অনুষ্ঠিত হৈছিল। এনেস্থলত এইবাৰ হ'বলগীয়া টেট পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নৰখাটো কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়ে এছ এফ আই আৰু ডি ৱাই এফ আইয়ে  উক্ত জিলা কেইখনত পূৰ্বৰ দৰেই টেট পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *