কংগ্ৰেছ নেতা অনিল বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 September 2021

কংগ্ৰেছ নেতা অনিল বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু

 




W7s News নিউজ ডেস্ক: লখিমপুৰৰ কংগ্ৰেছ নেতা অনিল বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু। আজি বিয়লি ক্ষেত্ৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল বৰগোহাঁইৰ বাহন। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল এক্স ইউ ভি  বাহনখনে। গুৰুতৰভাৱে আহত বৰগোহাঁইক ভৰ্তি কৰোৱা হৈছিল সোণাপুৰ জিলা চিকিৎসালয়ত। তাতেই শেষ নিশ্বাস ত্যাগ কৰে বৰগোহাঁয়ে।। কংগ্ৰেছ নেতা অনিল বৰগোঁহাইৰ মৃত্যুত শোক প্ৰকাশ সাংসদ (ৰাজ্যসভা) ৰিপুণ বৰাৰ


এক শোক বার্তাত তেওঁ কয় '

বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা,কংগ্ৰেছ নেতা  অনিল বৰগোঁহাইৰ অকাল তথা আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। অনিল বৰগোঁহাইৰ অকাল মৃত্যু কংগ্ৰেছ দলৰ বাবে এক অপূৰণীয় ক্ষতি। সফল ব্যৱসায়ী হিচাপেও সমাজত প্ৰতিষ্ঠা লাভ কৰি দহৰ বাবে আদৰ্শ হোৱা  প্ৰয়াত বৰগোঁহাই কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান সদস্য আছিল। বিভিন্ন সামাজিক কাম কাজতো সদায় আগৰণুৱা প্ৰয়াত বৰগোঁহাইৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো আৰু শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছো।'

 তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটী সাধাৰণ সম্পাদক (প্ৰশাসনিক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় 'ধেমাজি নগৰ নিবাসী বিগত লক্ষীমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা অনিল গোহাঁই গুৱাহাটীৰ সমীপৰ সোণাপুৰত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয়। গুৱাহাটীৰ পৰা নিজ গৃহ ধেমাজি লৈ গৈ থকা অৱস্থাত হোৱা দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সোণাপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত তেওঁ আমাৰ মাজৰ পৰা বিদায় লয়। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত অনিল গোহাঁই এগৰাকী ৰেলৱে বিভাগৰ ঠিকাদাৰৰ উপৰিও তেওঁ প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত গোহাঁইৰ আকস্মিক বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি  ভূপেন কুমাৰ বৰাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। এক শোক বাৰ্তাত সভাপতি  বৰাই অনিল গোহাঁইৰ মৃত্যু কেৱল ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ বাবে নহয় বিশেষকৈ লক্ষীমপুৰ জিলাৰ বাবেও অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। 


#congressleader #anilborgohain#death #accident#assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here