W7s News ষ্টাফৰিপোৰ্টাৰ : বিশ্ব হৃদ দিৱস উপলক্ষে জি এন আৰ চি হাস্পতালে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি প্রচাৰ মাধ্যমৰ বিভিন্ন অনুষ্ঠানত জি এন আৰ চি হাস্পতালৰ কেইবাজনো জ্যেষ্ঠ বিশেষজ্ঞই অংশগ্ৰহণ কৰে। জনগণক কলেষ্টৰেলৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰি হাস্পতালখনৰ হৃদৰোগ বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৱে কয় ' তেজত কলেষ্টৰেলৰ পৰিমাণ কমিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে। আনহাতে কলেষ্টৰেলৰ পৰিমাণ পৰিমিত হলে এথেৰোছক্লেৰোছিছ প্ৰতিৰোধ কৰিব পাৰি। উচ্চকলেষ্টৰেল হাৰ্ট এটেকৰ প্ৰধান কাৰণ। প্ৰতিবছৰে মুঠ ৩০ শতাংশ লোকৰ মৃত্যু হয় কেৱল হৃদৰোগজনিত কাৰণত। কৰ'নাৰী আৰ্টাৰী ৰোগ হ'ল ইয়াৰ প্ৰধান কাৰণ বুলি প্ৰচাৰ মাধ্যমৰ জৰিয়তে উল্লেখ কৰে হাস্পতালখনৰ ছয়মাইল শাখাৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত গগৈয়ে। আনহাতে হাস্পতালখনৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰাজনীশ দুৱৰাই এটা নিউজ পৰ্টেলত 'ডায়েবেটি'ছ হৃদৰোগৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰে। আনহাতে হাস্পতালৰ তৰফৰ পৰা মাদাৰ বৃদ্ধাবাস আৰু গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়।উল্লেখ্য, ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস পালন কৰা হ'ব।
Post Top Ad
Saturday, 18 September 2021

বিশ্ব হৃদ দিৱস উপলক্ষে জি এন আৰ চি হাস্পতালৰ সজাগতা কাৰ্যসূচী
Tags
# অসম
Share This
About W7S News
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
Newer Article
ফিছফেড’ৰ উদ্যোগত মাছৰ পৰা প্ৰস্তুত স্বাস্থ্যসন্মত মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য সামগ্ৰী প্ৰস্তুত আৰু বিপনন আৰম্ভ
ডিব্ৰুগড়ৰ খনিয়া গাঁৱত বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখনকৈ নতুন গ্ৰন্থ উন্মোচন
W7S NewsAug 07, 2025এমপিজে জুৱেলাৰ্ছ এতিয়া শিলচৰত – আগৰ তুলনাত বেছি ডাঙৰ আৰু অধিক আকৰ্ষণীয়
W7S NewsJul 30, 2025সমগ্ৰ উত্তৰ-পূব ভাৰতত সম্প্ৰসাৰণৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাৰ মৰাণহাটত আধুনিক গহনাৰ এক নতুন অধ্যায়ৰ উন্মোচন কিছনাৰ
W7S NewsJun 12, 2025
Labels:
অসম
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment