W7s News ষ্টাফৰিপোৰ্টাৰ :ৰাজ্যজুৰি শুকুৰবাৰে পালন কৰা হ'ল গণেশ চতুৰ্থী। গণেশ চতুৰ্থী উপলক্ষে শুকুৰবাৰে পুৱাৰে পৰা গণেশ বন্দনাৰে মুখৰ হৈ পৰে ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যৰ গণেশ মন্দিৰ সমূহত পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত সিদ্ধিদাতাৰ আশীষ বিচাৰি ভিৰ কৰে লাখ লাখ ভক্তই। প্ৰতিজন ভক্তই দেশৰ দহৰ মংগলৰ বাবে বিঘ্ননাশকৰ আশীষ লয়। অৱশ্যে এইবাৰ চৰকাৰী ক'ভিড বিধি মানি আয়োজক তথা মন্দিৰ কৰ্তৃপক্ষবোৰে গণেশ চতুৰ্থী পালন কৰে। গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰ সমূহ সুন্দৰকৈ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গণেশ মন্দিৰ সমূহত ক'ভিড বিধি মানি গণেশ চতুৰ্থীৰ আয়োজন কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত থকা গণেশ মন্দিৰৰ লগতে অন্যান্য মন্দিৰ সমূহতো গণেশ চতুৰ্থী ৰ আয়োজন কৰা হয়। এই উপলক্ষে ভক্তগণে গণেশ প্ৰভুক ধূপ দ্বীপ, নৈবদ্যৰে পুজা-অৰ্চনা কৰে। মহানগৰীৰ ভঙাগড়স্থিত মা কালী মন্দিৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে গণেশ চতুৰ্থী উদ্ যাপন কৰা হ'য়। এই উপলক্ষে পুৱা ৯ বজাত গণেশ প্ৰভুৰ অভিষেকেৰে গণেশ চতুৰ্থীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য়। তাৰপাছত ১১ বজাত মহাআৰতি, দুপৰীয়া ১২.৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ আৰু সন্ধিয়া ৬ বজাত আৰতি অনুষ্ঠিত হ'য়। ক'ভিড বিধি ভক্ত সকলে সিদ্ধিদাতাৰ আশীষ লয়। ইফালে লাচিতনগৰস্থিত হনুমান মন্দিৰ, লাল গণেশৰ গণেশ, আঠগাঁওৰ গণেশ মন্দিৰ, খানাপাৰা, পাণ্ডুনাথ দেৱালয়, শ্ৰীশ্ৰী সীতাৰাম ঠাকুৰবাৰী, পল্টনবজাৰ, দিছপুৰ লাষ্টগেট আদিত ক'ভিড বিধি মানি গণেশ চতুৰ্থীৰ আয়োজন কৰা হয় প্ৰতিবছৰৰ দৰে এইবাৰো মহানগৰীৰ গণেশগুৰিস্থিত শ্ৰী শ্ৰী"গণেশ মন্দিৰ"প্ৰাংগণত পালন কৰা হ'ব গণেশ মহোৎসৱ। শ্ৰী শ্ৰী গণেশ জন্মোৎসৱ সমিতিৰ উপদেষ্টা গোপাল বাজাজে কয়' সম্পূৰ্ণ ক'ভিড প্ৰটোকলৰ মাজেৰে আয়োজন কৰা হ'য় এই গণেশ চতুৰ্থী মহোৎসৱৰ । শুকুৰবাৰে পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত লাখ লাখ ভক্তই গণেশ প্ৰভুৰ শ্ৰী চৰণত আশীষ লয়।
উল্লেখ্য, এইবাৰ ভক্তগণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব চাৰে-ছয় কৌটি টকীয়া গণেশৰ স্বৰ্ণ মূৰ্তি । ইফালে লতাশিলস্থিত গণেশ মন্দিৰত লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতিৰ উদ্যোগত বছেৰেকীয়া সৌভাগ্য শুক্লা চতুৰ্থী গণেশ পূজাৰ আয়োজন কৰা হয়। এই সম্পৰ্কে সমিতিৰ সম্পাদক জগন্নাথ দাসে কয় ' গণেশ চতুৰ্থী পুৱা ৭.৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'য়। সম্পূৰ্ণ ক'ভিড বিধি মানি পূজাৰ আয়োজন কৰিছোঁ। পুৱা ৮.৩০ বজাৰ পৰা সৌভাগ্য শুক্লা চতুৰ্থী পূজা আৰম্ভ হয়। এইবাৰ ২১০০০ আহুতিৰে পালন কৰা যজ্ঞত ৰাইজৰ হৈ সমিতিয়ে তিনিটা পূৰ্ণ আহুতি প্ৰদান কৰে এইবাৰ ১০১ কেজিৰ ওজনৰ এটা লাড়ু আগবঢ়োৱা হ'য়। লগতে উগ্ৰতাৰা দেৱালয়ৰ পুৰোহিত ভুৱনেশ্বৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হ'য়।' এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিন্দুধৰ্মাৱলম্বী লোকেগণেশ চতুৰ্থী পালন কৰে।
No comments:
Post a Comment