'
W7s News ষ্টাফৰিপোৰ্টাৰ : চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে ত্ৰিপুৰাত বিজেপি বাহিনীৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰীত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ত্ৰিপুৰাত ক্ষমতালৈ অহাৰ পাছৰে পৰাই বিজেপি দলে মুখ্য বিৰোধী দল চি পি আই (এম)ৰ বহু কাৰ্যালয়ত আক্ৰমণ আৰম্ভ কৰা কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে চি পি আই (এম)অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্য্যই কয় ' বিজেপিয়ে আমাৰ বহু নেতা-কৰ্মীৰ বাসগৃহ আক্ৰমণ কৰাৰ উপৰি ভালেসংখ্যক নেতা-কৰ্মীক হত্যা কৰিছে৷ শেহতীয়াভাৱে চলিত মাহৰ ৮ ছেপ্টেম্বৰত বিজেপিয়ে আগৰতলাত অৱস্থিত চি পি আই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ত আক্ৰমণ সংগঠিত কৰে আৰু বহুকেইখন যান-বাহনত অগ্নিসংযোগ কৰে৷ চি পি আই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ সমীপৰ ‘প্ৰতিবাদী কলাম’ সংবাদ মাধ্যমৰ কাৰ্যালয়তো বিজেপি বাহিনীয়ে আক্ৰমণ চলায়৷ বিজেপি বাহিনীৰ আক্ৰমণৰ পৰা সৰ্বসাধাৰণ পথচাৰী তথা স্থানীয় লোকেও ৰেহাই পোৱা নাই৷ ইয়াৰ দুদিন পূৰ্বে চলিত মাহৰ ৬ ছেপ্টেম্বৰত বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰক নিজ বিধানসভা সমষ্টিত বিজেপি বাহিনীয়ে কাৰ্যসূচী ৰূপায়ণত বাধা দিয়াৰ চেষ্টা চলায় যদিও সমষ্টিবাসী ৰাইজে প্ৰতিৰোধ গঢ়ি তোলাত সেয়া বিফল হয়৷ জনসাধাৰণৰ জীৱন-জীৱিকাৰ নানা প্ৰশ্নত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ ফলত বিজেপি দল আৰু বিপ্লৱ কুমাৰ দেৱ নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে গণ-অসন্তোষ বৃদ্ধি পাব ধৰিছে৷ ক্ৰমবৰ্ধমান গণ বিচ্চিন্নতাৰ বাবে হতাশাগ্ৰস্ত বিজেপি দলে ফেচীবাদী কায়দাৰে ৰাইজৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে৷ বিজেপি দল আৰু বিপ্লৱ কুমাৰ দেৱ নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ অগণতান্ত্ৰিক আৰু ফেচীবাদী হিংসাৰ বিৰুদ্ধে চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত অনুষ্ঠিত আজিৰ প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি ত্ৰিপুৰাত বিজেপি নেতৃত্বত গণতন্ত্ৰ ধ্বংসযজ্ঞৰ বিৰুদ্ধে ধ্বনি দিয়ে৷ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই বিজেপি দলৰ পৰিকল্পিত হিংসাত্মক কাৰ্যকলাপক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে ত্ৰিপুৰাৰ জনসাধাৰণে বিজেপি দলৰ এনে ফেচীবাদী কৰ্মকাণ্ডক গণতান্ত্ৰিকভাৱে প্ৰতিহত কৰিব৷ বিজেপি দলৰ এনে গণতন্ত্ৰবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু শান্তিপ্ৰিয় লোকৰ প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালো৷'
প্ৰতিবাদী কাৰ্যসূচীত দলৰ জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মন, কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ প্ৰমুখ্যে বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে৷ দলৰ জ্যেষ্ঠনেতা উদ্ধব বৰ্মনে ত্ৰিপুৰাত বিজেপি দলৰ গুণ্ডাবাহিনীৰ সংগঠিত আক্ৰমণক দলটোৰ হতাশাৰ প্ৰতিফলন বুলি অভিহিত কৰি কয় যে চি পি আই (এম)ৰ নেতৃত্বত বিজেপি দলৰ লজ্জাজনক ব্যৰ্থতাৰ বিৰুদ্ধে সংগঠিত ৰাইজৰ বৰ্ধিত সমাৱেশেই বিজেপিক দিশহাৰা কৰি তুলিছে৷ ত্ৰিপুৰাৰ গণতান্ত্ৰিক ৰাইজে প্ৰতিৰোধ গঢ়ি তুলিছে৷ ফেচীবাদী বিজেপিক গণতান্ত্ৰিকভাৱে পৰাভূত কৰিবলৈ চি পি আই (এম) বদ্ধপৰিকৰ বুলি বৰ্মনে কয়৷ ত্ৰিপুৰাত বিজেপি বাহিনীৰ আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীৰ উপৰি ধেমাজি, ঢকুৱাখনা, হোজাই, কৰিমগঞ্জ, বঙাইগাঁও, নলবাৰী আদি ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত হয়৷
চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে সকলো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু শান্তিপ্ৰিয় লোকক গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰাম শক্তিশালী কৰাৰ বাবে আহ্বান জনায়৷
No comments:
Post a Comment