W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ উজানবজাৰস্থিত ছহীদ ন্যাস ভৱনত শুকুৰবাৰে লেখক সুভাষ চন্দ্ৰ গোস্বামীৰ 'দুৰ্যোগ আৰু প্ৰাথমিক আন্ত:গাথঁনি' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। বিশিষ্ট আবৃত্তিকাৰ অনুপ জ্যোতি চৌধুৰীয়ে আঁতধৰা উন্মোচনী সভাখনত বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ নিৰ্মল কুমাৰ চৌধুৰী, বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ অৰূপ মিশ্ৰ, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰমেশ বৰা উপস্থিত থাকে। সভাত বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ অৰূপ মিশ্ৰ, জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰমেশ বৰাই গ্ৰন্থখন উন্মোচন কৰে। উন্মোচক সকলে গ্রন্থখনত বিভিন্ন দিশ সম্বন্ধে এক গঠনমূলক মন্তব্য আগবঢ়ায়। এই সম্পৰ্কে লেখক সুভাষ চন্দ্ৰ গোস্বামীয়ে কয় 'দুৰ্যোগ আৰু প্ৰাথমিক আন্ত:গাথঁনি' শীৰ্ষক গ্ৰন্থখনত মূল উপজীব্য হৈছে প্ৰাকৃতিক দুৰ্যোগক প্ৰতিৰোধ কৰিব পৰাকৈ গুণগতমানসম্পন্ন গাথঁনি কেনেদৰে প্ৰস্তুত কৰিব লাগে সেইবিষয়ে জনসাধাৰণক অৱগত কৰাৰ লগতে সজাগ কৰি তোলা। লগতে এই গ্ৰন্থখনৰ আন এক উদ্দেশ্য হৈছে প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা হাত সাৰিবলৈ আগতীয়া সাৱধানতা কেনেকৈ ল'ব পাৰি সেই সম্পৰ্কে জনসাধাৰণক বিশেষকৈ নৱপ্ৰজন্মক অৱগত কৰা।'তদুপৰি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি বিপুল ৰাভা, বিনোদ ভাগৱতী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Post Top Ad
Responsive Ads Here
Friday, 10 September 2021

'দুৰ্যোগ আৰু প্ৰাথমিক আন্ত:গাথঁনি' শীৰ্ষক গ্রন্থ উন্মোচন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment