কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিৰ দ্বাৰা এটা একক সপোনৰ কোম্পানীৰপৰা অভিলেখ ভংগকাৰী নিয়োগৰ সুযোগ নিশ্চিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 September 2021

কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিৰ দ্বাৰা এটা একক সপোনৰ কোম্পানীৰপৰা অভিলেখ ভংগকাৰী নিয়োগৰ সুযোগ নিশ্চিত

 


বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পিপিঅ’সহ ১৮ কোম্পানী উপলব্ধ; ডেলয়েটে আগবঢ়ালে অভিলেখ-ভংগকাৰী অ’ফাৰ -১০৪ ছাত্ৰ-ছাত্ৰী নিযুক্ত

বছৰি ২০ লাখ টকা (এল পি এ


) ৰ সৰ্বাধিক পে’ পেকেজৰে বিশিষ্ট কৰ্প’ৰেটত ২০০+ ছাত্ৰ-ছাত্ৰীৰ নিযুক্তিৰে নিয়োগ অভিযানৰ সফল আৰম্ভণি

 

W7s News ষ্টাফৰিপোৰ্টাৰ;

: স্নাতক আৰু উচ্চ শিক্ষাৰ বাবে দেশখনৰ এখন শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিয়ে কেম্পাছ নিয়োগৰ ক্ষেত্ৰত পুনৰ এবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। অৰ্থনৈতিক সীমাবদ্ধতা সত্বেও, ২০২১ ৰ আগষ্ট মাহৰ মাত্ৰ ১৪ দিনৰ ভিতৰত ছাত্ৰ-ছাত্ৰীলৈ ২১২ নিয়োগৰ সুযোগ নিশ্চিতিৰে বিশিষ্ট কোম্পানীসমূহে বিশ্ববিদ্যালয়খনৰ প্ৰতিভাসমূহক নিয়োগ কৰে। এনালগ ডিভাইচসমূহে বছৰি ২০ লাখ টকা (এল পি এ) ৰ সৰ্বাধিক পে’ পেকেজ আগবঢ়োৱাৰ বিপৰীতে, ১০৪ নিয়োগৰ সুযোগেৰে নিয়োগৰ দৌৰৰ আগত থাকে ডেলয়েট। বিশিষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সপোনৰ আৰু অত্যধিক সপোনৰ কোম্পানীসমূহত নিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ তেওঁলোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে। প্ৰসিদ্ধ নিয়োগকৰ্তাসকলৰ ভিতৰত আছে এমাজন, ডেলয়েট, মট’ৰ’লা চলুশ্যন, হেকউইথইনফি, এনালগ ডিভাইচ, এড’ব ইণ্ডিয়া (ইন্টাৰ্ণৰ সুযোগ), জ’ছ টেকন’লজি, মেন্টৰ গ্ৰাফিক্স, ইনৰ্ফৰমেটিকা, এজাইল চলুশ্যন, মেট্ৰিক ষ্ট্ৰীম, চিডিকে গ্ল’বেল এক’লাইট ডিজিটেল, কিউঅ’টিয়েন্ট টেকন’লজি, প্ৰভিডেন্স গ্ল’বেল ছফ্টৱেৰ, টেক চিষ্টেম, ইউএছআই। এই কোম্পানীসমূহে বিশ্ববিদ্যালয়খনৰপৰা নিয়োগৰ অৰ্থে ভাৰ্চুৱেল সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে।“ক’ভিড-১৯ সৃষ্ট প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰি, আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও বিশিষ্ট কোম্পানীৰপৰা প্ৰি-প্লেচমেন্ট অ’ফাৰ লাভ কৰিছে। এয়া হৈছে আমি আগবঢ়োৱা শৈক্ষিক আৰু দক্ষতা প্ৰশিক্ষণৰ মানদণ্ডৰ সাক্ষ্য। আমি ২০২১-২২ নিয়োগ বৰ্ষৰ এই উৎসাহজনক আৰম্ভণিত সফলতা লাভৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰদানৰ প্ৰচেষ্টা গ্ৰহণৰ বাবে বিভাগীয় মুৰব্বী, ফেকাল্টী আৰু সমূহ ষ্টাফৰ শলাগ লৈছো। চলিত নিয়োগ বৰ্ষৰ ২ সপ্তাহত ২১০+ নিয়োগৰ সুযোগ লাভ কৰা হৈছে”, এইদৰে কয় কেএল ডীমড-টু-বি ইউনিভাৰ্ছিটিৰ অধ্যক্ষ ইঞ্জিনিয়াৰ কোনেৰু সত্যনাৰায়ণে। এই প্ৰসংগত, কেএল ডীমড টু বি ইউনিভাৰ্ছিটিৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ডঃ জি পি সাৰধি বাৰ্মাই কয়, “অলপতে অনলাইন মাধ্যমেৰে অনুষ্ঠিত ড্ৰাইভৰ জৰিয়তে নিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ ১৮ টাকৈ বিশিষ্ট কোম্পানী আগবাঢ়ি অহাটো আমাৰ বাবে সন্তোষৰ বতৰা। কোম্পানী আৰু গ্ৰেজুৱেটসকলৰ মাজৰ যোগাযোগ সহজতৰ কৰিবলৈ আমাৰ প্লেচমেন্ট চেলে গোটেই বছৰটো প্ৰচেষ্টা অব্যাহত ৰাখে। কেম্পাছ ইন্টাৰভিউ/নিয়োগ অভিযানৰ জৰিয়তে সংস্থাপিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অবিৰামভাৱে বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিবলৈ, বিশেষীকৃত দক্ষতা প্ৰদানৰ অৰ্থে প্ৰশিক্ষণ সত্ৰৰ আয়োজন কৰা হৈছে আৰু অত্যাধুনিক প্ৰযুক্তিৰ জ্ঞানে ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহত নিয়োগ লাভত সহায় কৰিব।”ট্ৰেইনিং আৰু প্ৰগ্ৰেশ্যন ডিভিজনে ছাত্ৰ-ছাত্ৰীক চি, চি++, পিঠুন, জাভাকে ধৰি প্ৰগ্ৰেমসমূহৰ ভাৰ্বেল, কোৱান্ট, এপটিটিউড, ৰিজনিং ও লজিকৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ দক্ষতা বিকাশ ডিভিজনে ছেলছফ’ৰ্চ, ছাৰ্ভিচনাও, পেগা, অট’মেশ্যন এনিহুৱেৰ, টেছ’ল্ভ, বাইটএক্সএল, হুয়াওয়ে, এনআই, চিচক’, এডব্লিউএছ আৰু মাইক্ৰ’ছফ্ট এজিউৰ সন্দৰ্ভত উদ্যোগৰ সৈতে স্কিল চাৰ্টিফিকেশ্যন আৰু দক্ষতা বিকাশ কাৰ্য্যক্ৰম অনুষ্ঠিত কৰিছে।  ১৪ দিনত, ৪ ছাত্ৰই বছৰি ২০ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ নিশ্চিত কৰিছে, ১৮ ছাত্ৰই বছৰি ১৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ লাভ কৰিছে, ৪৪ ছাত্ৰই বছৰি ১২ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ পাইছে, ১৭০ ছাত্ৰই বছৰি ৭.৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ নিশ্চিত কৰিছে আৰু ২১২ ছাত্ৰই বছৰি ৫ লাখ টকা (এল পি এ) ৰ উৰ্ধ সুযোগ লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here