ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 September 2021

ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী

 



ধেমাজিৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া আৰু উজান বজাৰৰ কিশোৰী ডিম্পল কুমাৱতৰ নৃশংস হত্যাৰ 

বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ 

 প্ৰতিবাদ





W7s News ষ্টাফৰিপোৰ্টাৰ : ধেমাজিৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া আৰু উজান বজাৰৰ কিশোৰী ডিম্পল কুমাৱতৰ নৃশংস হত্যাৰ 

বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিয়ে গুৱাহাটীৰ ৰাজীৱ ভৱন প্ৰাংগণত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ আৰম্ভণিতে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিয়ে 

নন্দিতা শইকীয়া আৰু  ডিম্পল কুমাৱতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাজলি জ্ঞাপন কৰে। তাৰপাছত  কমিটিৰ সদস্য সকলে মহিলা কিশোৰীৰ নিৰাপত্তা নিশ্চিত কৰক, ডিম্পল কুমাৱত আৰু নন্দিতা শইকীয়াৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক আদি শ্লোগান থকা প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে প্রদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ

ববিতা শৰ্মাই কয় ' নাৰীক সুৰক্ষা দিয়াত ব্যৰ্থ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত পূৰ্বে এনে ঘটনা সঘনাই ঘটা নাছিল।

নাৰী নিৰ্যাতনৰ ঘটনাত অসম শীৰ্ষস্থানত আছে কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত নিমাত হৈ আছে। তেওঁ নাৰীক সুৰক্ষা দিয়াৰ শক্তিশালী বার্তা দিব লাগিছিল কিন্তু তেওঁ মৌনতা অৱলম্বন কৰি আছে। কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ নাৰীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।' এই কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈয়ে কয় ' 

ধেমাজিৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া আৰু উজান বজাৰৰ কিশোৰী ডিম্পল কুমাৱতৰ নৃশংস হত্যাকাৰীক কঠোৰ শাস্তি দিব লাগে। এই কালপ্ৰীত সকলে যাতে কঠোৰ শাস্তি পায় তাৰবাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনালোঁ।' এই কাৰ্যসূচীৰ জৰিয়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বালিকা পেগুয়ে কয় 'অসমৰ নাৰী সজাগ হ'ব লাগে।অসমত নাৰী সকল কিয় সুৰক্ষিত নহয় তাৰ উত্তৰ দিয়ক চৰকাৰে। বিজেপি চৰকাৰ কেৱল বিধায়ক কিনা বেচাত ব্যস্ত । চৰকাৰ এই সকল হত্যাকাৰীক কঠোৰ শাস্তি দিয়ক।' কমিটিৰ বহুসংখ্যক মহিলাৰ লগতে অন্যান্য কর্মী সকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here