গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক দিলীপ বড়োৰ গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 September 2021

গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক দিলীপ বড়োৰ গ্ৰন্থ উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ : 

'কিতাপ ছপোৱা, পঢ়োৱা, লিখোৱা সমস্যা বহুল হৈ পৰিছে। এই ক্ষেত্ৰত ই বুকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। গ্ৰন্থ সমূহ ডিজিটাইজেচন কৰি ইণ্টাৰনেটত যোৱাৰ ব্যৱস্থা আছে। অসম সাহিত্য সভাইও আপুৰুগীয়া গ্ৰন্থসমূহ ডিজিটাইজেচন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে-এইদৰে কয় 

 অসম সাহিত্য সভাৰ সভাপতি তথা সুদক্ষ প্ৰশাসনিক বিষয়া, বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়াই।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক তথা মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষক  দিলীপ বড়োৰ  গল্প সংকলন "সোণৰ খাৰু নালাগে মোক" আৰু কবিতা সংকলন "তৰুণ হৃদয়ৰ ছবি" উন্মোচন কৰি তেওঁ লগতে কয় ' দিলীপ বড়োৱে দুখন সুন্দৰ গ্ৰন্থ লিখি উলিয়াইছে। লেখকৰ গল্প সংকলন 'সোণৰ খাৰু নালাগে মোক' আৰু কবিতা সংকলন 'মৰুত হৃদয়ৰ ছবি' নাম দুটা আকৰ্ষণীয় হোৱাৰ লগতে বিষয়বস্তু সুন্দৰ হৈছে।

গ্ৰন্থ দুখনৰ বেটুপাত আকর্ষণীয় হৈছে। সাম্প্ৰতিক সমাজত বিশ্বাসহীনতা এটা ডাঙৰ সমস্যা হৈ পৰিছে। বিশ্বাস নাথাকিলে সমাজ এখনত জীয়াই থকা কঠিন। গতিকে সকলোৱে মৰম, চেনেহ, বন্ধুত্বৰ মাজেৰে জীয়াই থাকক।' সম্পূৰ্ণ কভিড বিধি পালন কৰি অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিতত সঞ্চালকৰ দায়িত্ব পালন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট গৱেষক ড° উপেন ৰাভা হাকাচামে। সভাত মালিগাঁও সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক প্ৰিয়নাথ দত্ত, নেতাজী বিদ্যাপীঠ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰ্মন,মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ব্ৰজেশ কুমাৰ মিশ্ৰকে আদি কৰি কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। উন্মোচনী অনুষ্ঠানটিৰ আতঁধৰে ঋতুস্মিতা শৰ্মাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here