অসমত সত্ৰ, নামঘৰ, দেৱালয়, মন্দিৰ আদিৰ যিবোৰ মাটি সন্দেহজনক নাগৰিকৰ বেদখলত আছে,সেইবোৰ অনতিপলমে বেদখল মুক্ত কৰাৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

অসমত সত্ৰ, নামঘৰ, দেৱালয়, মন্দিৰ আদিৰ যিবোৰ মাটি সন্দেহজনক নাগৰিকৰ বেদখলত আছে,সেইবোৰ অনতিপলমে বেদখল মুক্ত কৰাৰ দাবী

 গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দু মহাসভাৰ সংবাদ মেল


ভূমি বেদখলৰ জৰিয়তে

অসমক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে গঠনৰ আখৰা মাত্ৰ 





ধলপুৰৰ উচ্ছেদ অভিযানক আদৰণি


২ নৱেম্বৰত জীৱনজোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠান


৩১ জন বিশিষ্ট ব্যক্তিলৈ 'লুইত পৰীয়া জীৱনজোৰা সাধনা বঁটা





W7s News ষ্টাফৰিপোৰ্টাৰ : ' দৰং জিলাৰ ধলপুৰত হোৱা উচ্ছেদ অভিযানক আমি আদৰণি জনাইছোঁ। ধলপুৰকে আদি কৰি সমগ্ৰ অসমত যিবোৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা অবৈধ ভাৱে দখল কৰি আছে তেওঁলোক কোনো ভূমিহীন দৰিদ্ৰ লোক নহয় -এইদৰে কয়  অখিল ভাৰত হিন্দু মহাসভা, অসম প্ৰদেশৰ সভাপতি ৰাজনী বৰ্মনে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' এই বেদখল স্বাধীনতাৰ আগৰ পৰা বৰ্তমানলৈকে অসমক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে গঠনৰ আখৰা মাত্ৰ। ইয়াত সাৰ পানী যোগাইছে কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওঁপন্থীৰ দৰে জাতীদ্ৰোহী সকলে। সেই অঞ্চলতে বিদেশী বহিস্কাৰ আন্দোলনৰ দময়ত বহুতো অসমীয়া চফল যুৱকক হানি খুচি নৃশংস ভাৱে হত্যা কৰা হৈছিল। সেই সময়ত অসমত ক্ষমতাত আছিল কংগ্ৰেছ চৰকাৰ। তেতিয়া তেওঁলোকৰ ৰাজ ধৰ্ম ক'ত গৈছিল তাৰ উত্তৰ আমাক দিয়ক। ধলপুৰৰ ঘটনাক যি সকলে সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিছে সেই সকলক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে বিৰোধীক আমি বাল্মীকি হ'বলৈ আহ্বান জনালোঁ। অন্যথা আগন্তুক নিৰ্বাচনত বিৰোধী শূন্য হ'ব। এইখন আফগানিস্তান নহয় অসমৰ জনগণে উচ্ছেদৰ সমৰ্থন কৰিছে। অখিল গগৈয়ে নিজৰ সমষ্টিৰ কথা চিন্তা কৰক, অসমৰ কথা চিন্তা কৰিবলৈ অসমৰ জনগণ আছে।' সংবাদ মেলত মহাসভাৰ সাধাৰণ সম্পাদক মুকুট চন্দ্ৰ ডেকাই কয় '  আমি উচ্ছেদৰ 

এই আদৰণীয় পদক্ষেপৰ বাবে দৰং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিধায়ক পদ্ম হাজৰিকাক বঁটা প্ৰদান কৰিব লাগে। লগতে অসমত সত্ৰ, নামঘৰ, দেৱালয়, মন্দিৰ আদিৰ যিবোৰ মাটি সন্দেহজনক নাগৰিকৰ বেদখলত আছে,সেইবোৰ অনতিপলমে বেদখল মুক্ত কৰিবলৈ আমি চৰকাৰক দাবী জনালোঁ। আমি লগতে চলিত বছৰৰ ২ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সমগ্ৰ অসমত ভাষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, কৃষি, ক্ষুদ্ৰ উদ্যোগ, বস্ত্ৰ শিল্প, সমাজসেৱা, সংবাদ সেৱা আদি বিভিন্ন দিশত নিৰৱচ্ছিন্নভাবে পাৰদৰ্শিতাৰে সেৱা আগবঢ়াই অহা ৩১ জন ব্যক্তিক 'লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰিম। সেই অনুসৰি পিতৃ ৰত্ন বঁটা লীলাকান্ত মহন্তক, মাতৃ ৰত্ন বঁটা মামনী বৰগোঁহাইৰ ( লাভলীনা বৰগোঁহাইৰ মাতৃ), সত্ৰ ৰত্ন বঁটা পীতাম্বৰ দেৱগোস্বামীক কৰ্মৰত্ন বঁটা বিধায়ক পদ্ম হাজৰিকাক, সংবাদ ৰত্নবঁটা ক্ৰমে কনকসেন ডেকা আৰু সঞ্জীৱ নাৰায়ণক, পৰিচালক ৰত্ন বঁটা চন্দ্ৰ মুদৈক, অভিনয় ৰত্ন বঁটা (চলচ্চিত্ৰ) বিদ্যা ৰাওক, সংগীত ৰত্ন বঁটা দ্বীপেন বৰুৱাক, শিক্ষাৰত্ন বঁটা ড০ অমৰজ্যোতি চৌধুৰীক, সাহিত্য ৰত্ন বঁটা অনুৰাধা শৰ্মা পূজাৰীক, প্ৰকৃতি ৰত্ন বঁটা যাদৱ পায়েং, সমাজ ৰত্ন বঁটা লায়ঞ্চ ক্লাব, গুৱাহাটী কেয়াৰ,সংস্কৃত ৰত্ন বঁটা উমাকান্ত শৰ্মাক, মঞ্চৰত্ন বঁটা ভৱেশ বৰুৱাক, নৃত্যৰত্ন বঁটা মৰমী মেধিক, জীৱন সঞ্জীৱনী বঁটা ডাঃ হিমাদ্রী বৰঠাকুৰক, সংবাদ সূৰ্য বঁটা নিতুমণি শইকীয়াক, অভিনয় মহাৰথী বঁটা চম্পক শর্মাক, হাস্যৰসিক ৰত্ন বঁটা অতুল পাচঁনিক, মঞ্চ সূৰ্য বঁটা মৃদুল ভূঞাক, সংগীত সূৰ্য বঁটা দিগন্ত ভাৰতী, অভিনয় শিৰোমণি বঁটা ডাঃ আলক্ষ্য বৰুৱাক, কৃষি ৰত্ন বঁটা কন্যাক বহুমুখী কৃষি পামক, সাংস্কৃতিক সূৰ্য বঁটা দীনেশ দাসক, ক্ৰীড়া ৰত্নবঁটা পৰাগ দাসক, ক্ষুদ্ৰ উদ্যোগ বঁটা সীতা জখলাক, বাণিজ্যিক সূৰ্য বঁটা দীপক বৰুৱা, নীতিশ চন্দ্ৰ সৰকাৰক, সমাজ সূৰ্য বঁটা বিপুল ভূঞাক আৰু প্ৰশাসনিক আদৰ্শ বঁটা সত্যনাৰায়ণ অধিকাৰীক প্ৰদান কৰা হ'ব। এই বঁটাৰ লগত চেলেং, মানপত্ৰ, গীতা,স্মাৰক আদি থাকিব।' সংবাদ মেলত মহাসভাৰ অসম প্ৰদেশ কমিটিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here