আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চিত্ৰ নিৰ্মাতা শিল্পী গজেন পাংগিং - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চিত্ৰ নিৰ্মাতা শিল্পী গজেন পাংগিং




মিচিং সমাজ সংস্কৃতিৰ সাধক গজেন পাংগিঙৰ সাংস্কৃতিক যাত্ৰাৰ প্ৰসাৰ হওঁক - মহেন্দ্ৰ হাজৰিকা




W7s News ষ্টাফৰিপোৰ্টাৰ : মিচিং সমাজৰ পৰা ডাইনী হত্যা, সন্তানহীন পতিপত্নীৰ সাংসাৰিক সমস্যা, কন্যাসন্তান জন্ম সমস্যাকে ধৰি বিভিন্ন স্পৰ্শকাতৰ বিষয়ক চুটিছবি নিৰ্মাণ কৰি অান্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি অসমবাসীক গৌৰম্বিত কৰা অনাতাঁৰশিল্পী গজেন পাংগিঙৰ কষ্ট ত্যাগ প্ৰসংশনীয় । গুৱাহাটী প্ৰেছ ক্লাৱত হোৱা পুমি ফিল্মৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে বিশিষ্ট অভিনেতা নয়ন নিৰ্বানে। অৰিন্দম প্ৰিন্স পাংগিঙে অাঁতধৰা অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই উপস্থিত থাকি অনাতাঁৰশিল্পী গজেন পাংগিঙৰ কৃতিত্বক শলাগ লোৱাৰ লগতে উষ্ম অভিনন্দন জনায়। অভিনেত্ৰী তৃষ্ণা পেগু, অভিনেতা ৰাজীৱ দলৈ, প্ৰিয়া পাংগিং, তেনচন মিলিয়ে সভাত অংশ গ্ৰহণ কৰি চলচ্চিত্ৰ নিৰ্মাতা পৰিচাল গজেন পাংগিঙৰ উত্তৰোত্তৰ কামনা কৰে। উল্লেখ্য, মাই লাইফ, ফ্ৰড ইন লাভ, মেৰী পিতৃক গাঁও, পুত্ৰৱতী ভৱ, লাইফ অৱ কাম্পতি ইত্যাদি ফিল্মৰ বাবে খ্যাতি অৰ্জন কৰিছে মিচিং কৃষ্টি সংস্কৃতিৰ গৱেষক গজেন পাংগিঙে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here