জ্যোতিষ-শাস্ত্ৰক গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 4 September 2021

জ্যোতিষ-শাস্ত্ৰক গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক

 


এয়া বিজ্ঞানৰ ওপৰত আৰ এছ এছৰ পৰিকল্পিত আক্ৰমণ


W7s News: নিউজ ডেস্ক: তেজপুৰ বিশ্ববিদ্যালয়ে জ্যোতিষশাস্ত্ৰক গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাত এছ এফ আইৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে । শুকুৰবাৰে  পৰীক্ষা নিয়ন্ত্রকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা F.13-30/1/2020(Acad)/531 চাৰ্কুলাৰখনে বহু বিভাগীয় গৱেষণা(Multidisciplinary Research)ৰ নামভৰ্তিৰ ক্ষেত্ৰত পি এইচ ডিৰ বিষয় হিচাপে 'জ্যোতিষশাস্ত্ৰ আৰু মানৱ স্বাস্থ্য' শীৰ্ষক এক পাঠ্যক্ৰম সন্নিবিষ্ট কৰিছে ।  এছ এফ আই-এ এনে বিজ্ঞান বিৰোধী এটা বিষয় পি এইচ ডি-ত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত অতি পশ্চাদপদ আৰু সমাজত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰমূল্যসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰিব। বিজেপি চৰকাৰে এহাতে প্ৰতি বছৰে গৱেষণাৰ ক্ষেত্ৰখনত ধন আৱন্টন হ্ৰাস কৰি আনি ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা বিমুখ কৰিছে আৰু আনহাতেদি প্ৰাতিষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমৰ মাজেৰে দেশত অন্ধবিশ্বাস, অবৈজ্ঞানিক দৃষ্টিভংগীসমূহ সমাজত বিয়পাই দি জনগণক অস্থিৰ কৰি ৰাখি নিজৰ নিকৃষ্ট স্বাৰ্থ সিদ্ধিৰ চেষ্টা কৰি আহিছে। এইয়া সমাজৰ বাবে বিপদজনক আৰু ইয়াৰ ফলত এটা প্ৰজন্ম সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ'ব। এছ এফ আইৰ অভিমত আৰ এছ এছৰ নীতি অনুসৰণ কৰি চৰকাৰে বৈজ্ঞানিক প্ৰমূল্যসমূহক কৌশলগতভাৱে পক্ষাঘাত কৰাৰ প্ৰক্ৰিয়া চলাইছে। এইয়া বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ ওপৰত চলা পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ। বৈজ্ঞানিক তত্ত্ব আৰু পৰীক্ষালব্ধ জ্ঞানক নাকচ কৰি কল্পবিজ্ঞানৰ চৰ্চা চলিছে ব্যাপক হাৰত। পৌৰাণিক ৰূপকথা আৰু কল্পকাহিনীক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাৰো চলিছে অদ্ভূত অপচেষ্টা। আনকি ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০তো অন্ধবিশ্বাসক উৎসাহিত কৰা হৈছে। ইতিমধ্যে ইন্দিৰা গান্ধী জাতীয় মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত জ্যোতিষ-শাস্ত্ৰৰ দৰে অবৈজ্ঞানিক শিক্ষা তথা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছে। হেয়জ্ঞান কৰা হৈছে জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা তথা অধ্যয়নক। আনকি বহু ক্ষেত্ৰত ক'ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজখনতো আধুনিক চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ পৰিৱৰ্তে অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া হৈছে । মন কৰিব লগা কথা যে ভাৰতীয় সংবিধানৰ ৫১(এ) (এইছ)  ধাৰাই বিজ্ঞানমনস্কতা গঢ়ি তোলাতো প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য বুলি কৈছে । এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথ কয় 'আমাৰ স্পষ্ট মত তেজপুৰ বিশ্ববিদ্যালয়ে জ্যোতিষ শাস্ত্ৰক গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি বাস্তৱমুখী বিষয়সমূহক অধিক গুৰুত্ব প্ৰদান কৰক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here