সংযুক্ত কিষাণ মৰ্চাৰ *আহবানত অসমত সবাত্মক ভাৰত বন্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

সংযুক্ত কিষাণ মৰ্চাৰ *আহবানত অসমত সবাত্মক ভাৰত বন্ধ

 


বিভিন্ন ঠাইত বন্ধ সমৰ্থনকাৰীক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ




W7s News ষ্টাফৰিপোৰ্টাৰ :  সংযুক্ত কিষাণ মৰ্চাৰ আহবানত কৃষক বিৰোধী তিনিখন কৃষি আইন আৰু চাৰিখন শ্ৰম সংহিতা বাতিল কৰা, ফচলৰ লাভজনক মূল্যৰ আইনী নিশ্চয়তা প্ৰদান আৰু অন্যান্য দাবীত আজি দেশজোৰা বন্ধৰ সমৰ্থনত সংযুক্ত কিষাণ মৰ্চাৰ অসম শাখা আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ, অসমৰ উদ্যোগত ৰাজ্যখনৰ প্ৰায় সকলোবোৰ জিলাতে সবাত্মক বন্ধ পালন কৰা হয়। খবৰ অনুসৰি কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, হোজাই, ধেমাজি, বিশ্বনাথ, ৰঙাপাৰা, ঢেকীয়াজুলি, ওদালগুৰি, কামৰূপ (গ্ৰাম্য),নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আদি জিলা আৰু অঞ্চলত বন্ধৰ প্ৰভাৱ সবাত্মক আছিল। আনহাতে ডিব্ৰুগড়, শিৱসাগৰ, লক্ষ্মীমপুৰ, শোণিতপুৰ, কামৰূপ মহানগৰ জিলাত বন্ধৰ প্ৰভাৱ আংশিক আছিল যদিও ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰে আৰু বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বন্ধ থাকে। গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত এ আই টি ইউ চি, চি আই টি ইউ, এ আই চি চি টি ইউ আৰু এ আই ইউ টি ইউ চিৰ কম¹সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। শান্তিপূৰ্ণ বিক্ষোভ কাৰ্যসূচীত আৰক্ষী বাধা প্ৰদান কৰে আৰু প্ৰতিবাদকাৰীসকলক লতাশিল আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা শ্ৰমিক নেতা সকলৰ ভিতৰত চি আই টি ইউৰ তপন শমা, এ আই টি ইউ চিৰ ৰমেন দাস, বাবুল চৌধুৰী, এ আই চি চি টি ইউৰ পংকজ কুমাৰ দাস, এ আই ইউ টি ইউ চিৰ প্ৰমোদ ভাগৱতীৰ নাম উল্লেখযোগ্য। পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়ে। আনহাতে নাৰেংগী, নুনমাটি, মালিগাঁও, পল্টন বজাৰ, বশিষ্ট আদি ঠাইত কেবাশ শ্ৰমিকে বন্ধৰ সমৰ্থনত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা দাবীসমূহ হৈছে -কৃষক বিৰোধী কৃষি আইন তিনিখন বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, কৃষি পণ্যৰ লাভজনক মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰা, শ্ৰমিকৰ নু্যনতম মজুৰী মাহে ২১ হাজাৰ ধাৰ্য কৰা, বিদু্যৎ সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, পেট্ৰল-ডিজেলৰ আবকাৰী শুল্ক প্ৰত্যাহাৰ কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, বৰ্বৰ উচ্ছেদ বন্ধ কৰা, ভূমিহীনক ভূমি দিয়া,  ধলপুৰৰ কৃষক হত্যাৰ ন্যায়িক বিচাৰ কৰা, অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, প্ৰধানমন্ত্ৰী-কিষাণ সহ চৰকাৰী আঁচনিৰ দুৰ্নীতি বন্ধ কৰা, কাগজ কল, নামৰূপ সাৰকাৰখানা, এপল' বস্ত্ৰ উদ্যোগকে ধৰি ৰাজহুৱা খণ্ডৰ বন্ধ আৰু ৰুগ্ন উদ্যোগ প্ৰতিষ্ঠানসমূহ পুনৰুজ্জীৱিত কৰা, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণ বন্ধ কৰা, ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কেঁচা চাহপাতৰ নিম্নতম সহায়ক দাম নিৰ্ধাৰণ কৰা,গো-সুৰক্ষা আইন বাতিল কৰা। সংগঠন দুটাই ভাৰত বন্ধ সবাত্মকভাৱে সফল কৰি তোলাৰ বাবে ৰাজ্যখনৰ সকলো বিৰোধী ৰাজনৈতিক দল-সংগঠন তথা গণতান্ত্ৰিক ৰাইজলৈ ধন্যবাদ জনাইছে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে সংযুক্ত কিষাণ মৰ্চা, অসম আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ, অসমে কয় যে দিল্লীৰ প্ৰৱেশদ্বাৰ সমূহত  সুদীৰ্ঘ দহ মাহ জুৰি কৃষক সকলে নিৰৱিন্নভাৱে সংগ্ৰাম অব্যাহত আছে। আন্দোলনৰত কেবাশ কৃষকৰ মৃত্যু হৈছে। কিন্তু বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ কৃষকৰ এই ঐতিহাসিক আন্দোলন ব্যৰ্থ কৰিবলৈ চলোৱা সকলো ষড়যন্ত্ৰ কৃষকৰ অভূতপূৰ্ব ঐক্যই  ব্যৰ্থ কৰিছে।  

 

যোৱাবছৰৰ ল'কডাউনৰ সুযোগত কেন্দ্ৰীয় চৰকাৰে অগণতান্ত্ৰিকভাৱে তিনিখন কৃষক বিৰোধী কৃষি আইন গ্ৰহণ কৰিছিল। এই আইন তিনিখনৰ দ্বাৰা চৰকাৰে দেশৰ  কৃষক ভিত্তিক কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই সমগ্ৰ কৃষি ব্যৱস্থাটোক বৃহৎ কৰ্প'ৰেট খণ্ডক গতাই দিবলৈ ষড়যন্ত্ৰ চলাইছিল। এই আইন তিনিখন কাৰ্যকৰী হ'লে কৃষি ভূমি ক্ৰমান্বয়ে বৃহৎ পুূঁজিপতিৰ হাতলৈ গুচি যাব, কৃষক নিজ মাটিত দাসত পৰিণত হ'ব। কৃষিজাত ফচলৰ অবাধ মজুত আৰু মূল্য নিৰ্ধাৰণৰ ক্ষমতা বৃহৎ ব্যৱসায়ীসকলে লাভ কৰাৰ ফলত খাদ্য বস্তুৰ কৃত্ৰিম নাটনি আৰু অভাৱনীয় মূল্য বৃদ্ধি ঘটাতো অৱধাৰিত হৈ পৰিব। অসমৰ ক্ষেত্ৰতো দেখা গৈছে কৃষকসকল চৰকাৰৰ নিৰ্মম উচ্ছেদৰ সন্মূখীন হৈছে। নগাওঁৰ মিকিৰ বামুনি গ্ৰাণ্টৰ পৰা দৰং জিলাৰ ধলপুৰলৈ হোৱা উচ্ছেদ কাৰ্যই চৰকাৰৰ স্বৈৰতান্ত্ৰিক প্ৰৱনতা প্ৰকট কৰিছে। জনসাধাৰণক সাম্প্ৰদায়িক  মেৰুবিভাজনৰ ফালে ঠেলি দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা  গো-সুৰক্ষা আইনে জাতি-ধৰ্ম নিৰ্বিশেষে কৃষক-গোপালকসকলকহে বেছিকৈ ক্ষতিগ্ৰস্ত কৰিব। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে উগ্ৰ হিন্দুত্ববাদী সাম্ৰদায়িকতাই চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিছে।

কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰৰ জনবিৰোধী, সাম্প্ৰদায়িক, অগণতান্ত্ৰিক, ফেচীবাদী কাৰ্যসূচীসমূহৰ বিৰুদ্ধে কৃষকৰ  আন্দোলনে যি দৃঢ়তা আৰু ঐক্যৱদ্ধভাৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে, কৃষক আন্দোলনক কেন্দ্ৰ কৰি দেশৰ কৃষক-শ্ৰমিকৰ ঐক্যবদ্ধ সংগ্ৰামে নতুন মাত্ৰা  ধাৰন কৰিছে। 

প্ৰেছ বিজ্ঞপ্তিটোত সংযুক্ত কিষাণ মৰ্চা, অসম আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ, অসমে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী বাহিনীৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু এই কাৰ্যক  নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত বিজেপি চৰকাৰে নমোৱা আক্ৰমণ হিচাপে অভিহিত কৰে। উল্লেখযোগ্য যে আজি একে সময়তে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত হিন্দুত্ববাদী সংগঠনে ধলপুৰৰ উচ্ছেদৰ সমৰ্থনত হিমন্ত বিশ্ব শমা জিন্দাবাদ ধ্বনিৰে সহস্ৰাধিক লোকে ক'ভিড বিধি উলংঘা কৰি গুৱাহাটীৰ ৰাজপথেৰে সমদল উলিয়াই। এই সমদলৰ প্ৰতি আৰক্ষী অনুমতি প্ৰদান কৰিছে,  বিপৰীতে ভাৰত বন্ধৰ সমৰ্থক শান্তিপূৰ্ণপ্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই হিমন্ত বিশ্ব শমাৰ চৰকাৰৰ স্বৈৰাচাৰী গণতন্ত্ৰ বিৰোধী পুলিচৰাজৰ স্বৰূপ উদঙাই দিছে। সংযুক্ত কিষাণ মৰ্চা, অসম আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ, অসমে কোন আইনৰ ভিত্তিত গুৱাহাটীত শাসক দলৰ লোকক সমদলৰ অনুমতি দিয়া হ'ল আৰু ভাৰত বন্ধৰ সমৰ্থনকাৰী অৰ্ধ শতাধিক লোকক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ উত্তৰ দিবলৈ গৃহমন্ত্ৰীৰ দায়িত্ব থকা হিমন্ত বিশ্ব শমাৰ ওচৰত দাবী জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here