বিশিষ্ট নাট্যকৰ্মী নগাঁৱৰ দীপক বৰালৈ চলিত বৰ্ষৰ “দীপা গোস্বামী শিল্পী বঁটা”
'
W7s News ষ্টাফৰিপোৰ্টাৰ : মঞ্চ, চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ সুদক্ষ অভিনেত্ৰী প্ৰয়াত “দীপা গোস্বামী শিল্পী বঁটা” চলিত বৰ্ষত বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা সক্ৰিয় নাট্যকৰ্মী নগাৱঁৰ দীপক বৰালৈ আগবঢোৱা হৈছে ৷ উল্লেখ্য, অসমৰ গ্ৰামাঞ্চলত নাটকৰ প্ৰচাৰ, প্ৰসাৰ তথা সুস্থ পৰিবেশ সৃষ্টিৰ বাবে সক্ৰিয়ভাৱে আগবঢ়োৱা সেৱাৰ বাবে বৰাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। গ্ৰামাঞ্চলৰ পৰা অসম আৰু ভাৰতৰ ৰাজধানীলৈকে এইগৰাকী নাট্যকৰ্মীৰ অৱদান মনকৰিবলগীয়া। শ্ৰীমন্ত শংকৰদেৱৰ আটাইকেইখন অঙ্কীয়া নাট আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দুখনকৈ ঝুমুৰাকে ধৰি মিশ্ৰ ব্ৰজাৱলী বহুকেইখন ভাওনা তেওঁ পৰিচালনা কৰে। একাংক নাট ৰচনা, পৰিচালনা আৰু অভিনয় কৰি অসমৰ বহু ঠাইৰ নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু দলগতভাৱেও পুৰস্কৃত। পূৰ্ণদৈৰ্ঘ্য নাট ৰচনা, পৰিচালনাৰে অসম নাট্য সন্মিলনৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালক,দল,অভিনেতা, অভিনেত্ৰী, পোহৰ,সঙ্গীত আদিত পুৰস্কৃত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটী,সঙ্গীত নাটক অকাদেমি,নতুন দিল্লীৰ দ্বাৰা অনুষ্ঠিত নাট সমাৰোহকে ধৰি অসম তথা ভাৰতৰ কেইবাঠাইটো নাট সমাৰোহত দীপক বৰাৰ পৰিচালনাত নাট মঞ্চস্থ হয়। পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ, উত্তৰ-পূৱ নাট্য মহোৎসৱ-ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু সঙ্গীত নাটক অকাদেমিৰ নাট-মহোৎসৱলৈ তেওঁ কেইবাবাৰো পৰ্যবেক্ষক হিচাপে নিমন্ত্ৰিত হৈছে । এইবছৰ দীপা গোস্বামী শিল্পী বঁটাৰ নিৰ্বাচক সমিতৰ সদস্য হিচাপে আছিল নাট্যকাৰ, পৰিচালক শুভেশ্বৰ দাস, জেষ্ঠ সাংবাদিক, লেখিকা স্বপ্না বেজবৰুৱা আৰু জেষ্ঠ সাংবাদিক, প্ৰবন্ধকাৰ আৰু সংগঠক ৰক্তাভ জ্যোতি বৰা। চলিত বছৰৰ ২৭ ছেপ্টেম্বৰত গুৱাহাটীৰ ঝংকাৰ ডাঞ্চ একাডেমিৰ প্ৰেক্ষাগৃহত এক মনোজ্ঞ অনুষ্ঠানৰ মাধ্যমেৰে নাট্যকৰ্মী দীপক বৰাক এই বঁটা প্ৰদান কৰা হ’ব বুলি দীপা গোস্বামী সোঁৱৰণি ন্যাসৰ স্মিতা বৰ্মনে জানিবলৈ দিছে।
No comments:
Post a Comment