'শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰ্মৰত ৩৮ জন অস্থায়ী কৰ্মচাৰীক অতিশীঘ্ৰে স্থায়ী কৰাৰ দাবী -শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 September 2021

'শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰ্মৰত ৩৮ জন অস্থায়ী কৰ্মচাৰীক অতিশীঘ্ৰে স্থায়ী কৰাৰ দাবী -শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ

 



দাবী পূৰণ নহলে ২ অক্টোবৰৰ পৰা সম্পূৰ্ণ

গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সন্থাই




W7s News ষ্টাফৰিপোৰ্টাৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰ্মৰত ৩৮ জন অস্থায়ী কৰ্মচাৰীক অতিশীঘ্ৰে স্থায়ী কৰাৰ দাবী জনাইছে-শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাই। অন্যথা ২ অক্টোবৰৰ পৰা সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সন্থাই।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সন্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক কবিন্দ্ৰ দাসে এই দাবী কথা সদৰী কৰে। তেওঁ লগতে কয় ' ১৯৯৮ চনৰ ৯ নৱেম্বৰত স্থাপন হোৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ আজিৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৯৪ জন। অসম চৰকাৰে গঠন কৰি দিয়া এচেচমেণ্ট কমিটিৰ এচেচমেণ্ট ৰিপোৰ্ট অনুসৰি ইতিমধ্যে ২০১৮ চন স্থায়ীকৰণ কৰা ৪০ জন কৰ্মচাৰীৰ আজিলৈকে পূৰ্বৰ কৰ্মচাৰী সকলৰ দৰে গ্ৰেচুইটি আৰু এল আই চি পেঞ্চন আজিলৈকে দিয়া নহ'ল। সেয়ে আমি দাবী জনাইছোঁ এই ৪০ জন কৰ্মচাৰী স্থায়ীকৰণৰ পৰাই উক্ত সুবিধা  প্ৰদান কৰিব লাগে। তদুপৰি এচেছমেণ্ট ৰিপোৰ্ট অনুসৰি দ্বিতীয় পৰ্যায়ত আৰু তৃতীয় পৰ্যায়ত মুঠ ৩৮ জন কৰ্মচাৰী স্থায়ীকৰণ নিৰ্দিষ্ট তাৰিখতে নিযুক্তি প্ৰদান কৰি দৰমহা সমূহ বকেয়া হিচাপে প্ৰদান কৰি সকলো সা-সুবিধা প্ৰদান কৰিব লাগে। লগতে পূৰ্বতে দাবী কৰা অনুসৰি ২০১১ চনৰ পৰা ভৱিষ্যত নিধি আইনৰ বকেয়া ধন অতি সোনকালে মোকলাই দিব লাগে। সকলো কৰ্মচাৰীৰ বাকী থকা পদোন্নতি সমূহ সময়মতে দিব লাগে। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভূমি, ভৱন সমূহ যাতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানক স্থায়ী বা অস্থায়ী ৰূপে যাতে আবন্টন নিদিয়ে তাৰবাবে আমি দাবী জনালোঁ। ইতিপূৰ্বে কলাক্ষেত্ৰৰ ভূমি

একাধিকবাৰ আন অনুষ্ঠানক দান দিয়া হৈছিল। অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ বাবে ২০১১ চনত দিয়া হৈছিল। ' সংবাদমেলত সন্থাৰ সভাপতি নীলকান্ত ৰংহাঙে কয় ' ইতিমধ্যে চৰকাৰৰ অজ্ঞাতে সম্পূৰ্ণ নিজাববীয়াকৈ বিলুপ্ত ঘটোৱা পুতলা নাচ আৰু প্ৰদৰ্শন, শিশু পুথিভঁৰাল, শব্দ জ্যোতি টেৰেকটা উদ্যোগ, সৌৰ প্ৰকল্প আদিৰ পূন: উদ্ধাৰৰ আমি দাবী জনালোঁ। অসমৰ জাতি মাটি,ভেটি, ভাষা,সংস্কৃতিৰ ভৱিষ্যত সুৰক্ষা, প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ আৰু গৱেষণাৰ্থে কাৰ্যকৰী কৰাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনালোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সকলো আধৰুৱা নিৰ্মীয়মান প্ৰকল্প সমূহ সময় ভিত্তিত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনালোঁ। কিছুদিন পাছত কলাক্ষেত্ৰই ৰূপালী জয়ন্তী বৰ্ষত উপনীত হ'ব। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সভাপতি গতিকে আমাৰ সমস্যা সমূহ সমাধানৰ বাবে তেওঁক কাতৰ অনুৰোধ জনালোঁ।' সংবাদ মেলত সমাজৰ অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here