বিকলাংগ উন্নয়ন পৰিষদ, অসমৰ
দীন দয়াল দিব্যাংগ পেঞ্চন আঁচনি ধন এহেজাৰ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰ টকা দিব্যাংগ লোকক দিয়াৰ ব্যৱস্থা কৰাৰ দাবী
W7s News ষ্টাফৰিপোৰ্টাৰ :বিকলাংগ সকলৰ বাবে থকা ১৫ খন আচঁনিৰ মাত্ৰ ৪ খন কাৰ্যক্ষম হৈ আছে- এই অভিযোগ বিকলাংগ উন্নয়ন পৰিষদ, অসম সদৌ অসম দৃষ্টিহীন যুৱ উন্নয়ন পৰিষদ আৰু সদৌ অসম প্ৰতিবন্ধী পুনৰ সংস্থাপন সন্থাই। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত বিকলাংগ সকলৰ বিভিন্ন সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবী জনায় সন্থা কেইটাই। সংবাদ মেলত বিকলাংগ উন্নয়ন পৰিষদ, অসমৰ সাধাৰণ সম্পাদক মাধৱী দাসে কয় ' আমি আমাৰ সমস্যা সমূহ সমাধানৰ বাবে দীৰ্ঘদিন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছো যদিও আজি পৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই। সেয়ে আমি পুনৰবাৰ চতুৰ্থ বৰ্গৰ ৫১১ টা পদত মৌখিক সাক্ষাৎ কাৰ হোৱা পদসমূহ অতি শীঘ্ৰে নিযুক্তি দিয়া, নতুন এক লাখ পদৰ পৰা ৪ শতাংশ অক্ষম ব্যক্তিসকলৰ বাবে সুকীয়া বব্যস্থা কৰা, বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে গুৱাহাটীৰ মাজ-মজিয়াত জিৰণি ভৱনৰ ব্যৱস্থা কৰা, এশ শতাংশ দৃষ্টিহীনকো পদত নিযুক্তি প্ৰদান কৰা, আগন্তুক শিক্ষা বিভাগৰ পদৰ শিক্ষকৰ পদ সমূহৰ বাবে দিব্যাংগ সকলৰ বাবে সুকীয়া টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনালোঁ। লগতে সম্প্ৰতি দি থকা দীন দয়াল দিব্যাংগ পেঞ্চন আঁচনি ধন এহেজাৰ টকাৰ পৰিৱৰ্তে পাঁচ হাজাৰ টকা দিব্যাংগ লোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিবন্ধী পুনৰ সংস্থাপন আঁচনি ধন বিধানসভা সমষ্টিত অতি কমেও ২০ জনৰ পৰিৱৰ্তে ৫০ জন দিব্যাংগ লোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে পূৰ্বৰ ২০ হাজাৰ টকাৰ পৰিৱৰ্তে ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰিব লাগে। পি এম জি এ ৱাই ৰ গৃহ দিব্যাংগ সকলক চিনাক্তকৰণ পত্ৰৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা, মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল আচঁনিখন প্ৰতিটো পঞ্চায়তত দিয়াৰ ব্যৱস্থা কৰা, প্ৰতিটো প্ৰতিবন্ধী দল সংগঠনক মাতি চৰকাৰী আঁচনিসমূহৰ বিষয়ে মাহত এদিনকৈ আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনালোঁ।' সংবাদ মেলত পৰিসদৰ সহকাৰী সম্পাদক ৰমেন দাসৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment