W7s News ষ্টাফৰিপোৰ্টাৰ: দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ-গৰুখুঁটি অঞ্চলত ২০ ছেপ্টেম্বৰত জিলা প্ৰশাসন আৰু অসম আৰক্ষী তথা আৰক্ষী বেটেলিয়নৰ সহস্ৰাধিক জোৱানে নিৰ্মমভাৱে কৃষক উচ্চেদ অভিযান চলোৱাৰ প্ৰতিবাদত চি পি আই (এম)দলে মঙলবাৰে গুৱাহাটী ক্লাবৰ কাষৰ ৰ’টাৰি পইণ্টত বিক্ষোভ সংগঠিত কৰে আৰু তিনিটা সুনিৰ্দিষ্ট দাবী সম্বলিত স্মাৰখ-পত্ৰ জিলা আৰক্ষী-প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ পাৰ্টিৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ অন্যতম সদস্য ইচ্ফাকুৰ ৰহমানে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই বক্তব্য দাঙি ধৰি কয় 'ধলপুৰ-গৰুখুঁটি অঞ্চলত প্ৰস্তাৱিত গৰুখুঁটি কৃষি প্ৰকল্প স্থাপনৰ নামত মাটি অধিগ্ৰহণ কৰিবলৈ দৰং জিলা প্ৰশাসনে যুদ্ধংদেহী মনোভাব লৈ কেইবাহেজাৰো নিৰীহ লোকক বৰ্বৰভাৱে উচ্চেদ আৰু গৃহহীন কৰে৷ অসম আৰক্ষী আৰু আৰক্ষী বেটেলিয়নৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসনে পুৱাৰে পৰা সন্ধিয়ালৈকে এই উচ্চেদ চলায়৷ এই অভিযানত জেচিবি, এক্সকেভেটৰেৰে এফালৰ পৰা স্থানীয় বাসিন্দাসকলৰ ঘৰ-বাৰী, খেতি-বাতি, সম্পত্তি আদি সকলোবোৰ ভাঙি তহিলং কৰে৷ প্ৰশাসনৰ অত্যাচাৰত অঞ্চলটোত আবাল-বৃদ্ধ-বণিতাৰ কান্দোনৰ ৰোল শুনি সকলো স্তম্ভিত আৰু হতভম্ব হয়৷ ভট্টাচাৰ্যই লগতে উল্লেখ কৰে, উচ্চেদিত লোকসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত বসবাস কৰি উন্নত মানৰ খেতি-বাতি আৰু ভোগ দখল কৰি আছে৷ বৰ্তমানৰ কোভিডজনিত এক অস্বাভাৱিক পৰিস্থিতিৰ মাজত এনেদৰে উচ্চেদ কৰি দুখীয়া কৃষকসকলক অথাই সাগৰত পেলোৱা এই কাৰ্য অমানুষিক আৰু সংবিধানবিৰোধী৷চি পি আই (এম) দলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত উল্লেখ কৰা হয়, ছিপাঝাৰৰ চৰ অঞ্চলত ‘সন্দেহযুক্ত বিদেশী’ আৰু ‘অবৈধ বেদখলকাৰী’ বুলি প্ৰচাৰ কৰি ৰাজ্য চৰকাৰ তথা প্ৰশাসনে এই নিৰ্মম উচ্চেদ অভিযান চলায় যদিও আজিলৈকে ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে উচ্চেদিত লোকসকলক কোনেও ‘বিদেশী’ বা ‘বাংলাদেশী’ বুলি চিনাক্ত কৰা নাই৷ দৰাচলতে সম্পূৰ্ণ সাম্প্ৰদায়িক উদ্দেশ্যেৰে ধলপুৰ-গৰুখুঁটি অঞ্চলত উচ্চেদ অভিযান আৰম্ভ কৰা হৈছে৷ প্ৰশাসনে কোনো আইনী ব্যৱস্থা গ্ৰহণ তথা বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এনেদৰে এটা বিশেষ সম্প্ৰদায়ৰ লোকক অযথা ‘সন্দেহযুক্ত বিদেশী’ৰ মোহৰ মাৰি বৰ্বৰ উচ্চেদ কৰা কাৰ্য মানৱাধিকাৰ ভংগৰ উদাহৰণ আৰু ভাৰতীয় সংবিধানৰ ২১ অনুচ্চেদৰো বিৰোধী৷ এই পৰিস্থিতিত চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে ছিপাঝাৰৰ ধলপুৰ-গৰুখুঁটি অঞ্চলত উচ্চেদ অভিযান বন্ধ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়াআৰু ততালিকে তেওঁলোকৰ পুনৰ সংস্থাপন নিশ্চিত কৰা, বিকল্প সংস্থাপন অবিহনে ৰাজ্যৰ সকলো অঞ্চলতে উচ্চেদ অভিযান বন্ধ কৰা আৰু ন্যায়িক প্ৰক্ৰিয়া অবিহনে কোনো লোককে ‘সন্দেহযুক্ত নাগৰিক’ বুলি অপযশ দিয়াটো অপৰাধ হিচাপে গণ্য কৰাৰ বাবে দাবী উত্থাপন কৰে৷এই প্ৰতিবাদী কাৰ্যসূচীত অন্যান্যসকলৰ লগতে ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাস আৰু তপন শৰ্মা, পাৰ্টিৰ কামৰূপ [মহানগৰ] জিলা কমিটিৰ সম্পাদক শতঞ্জীৱ দাস উপস্থিত থাকে৷ প্ৰতিবাদস্থলীত স্মাৰক-পত্ৰখন পাঠ কৰি দিয়ে ইচ্ফাকুৰ ৰহমানে আৰু লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল দাসে আৰক্ষী-প্ৰশাসনৰ হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰে৷
No comments:
Post a Comment