টপচেম চিমেণ্টে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল গাভাস্কাৰৰে চুক্তি স্বাক্ষৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 September 2021

টপচেম চিমেণ্টে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল গাভাস্কাৰৰে চুক্তি স্বাক্ষৰ


 

W7s news,,ষ্টাফৰিপোৰ্টাৰ,,,টপচেম চিমেণ্টে গৌৰৱেৰে ঘোষণা কৰে যে ভাৰতীয়  ক্ৰিকেটৰ কিংবদন্তী সুনীল গাভাস্কাৰ-"দ্য লিটল মাষ্টাৰ"ক তেওঁলোকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰিছে। তেওঁ কঢ়িয়াই অনা অৱদানক ভাৰতীয় ক্ৰিকেটজগতৰ এক শক্তিশালী ভেটিৰূপে চিহ্নিত হৈ আহিছে। টপচেম চিমেণ্টৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু অধিক হ'ব, লগতে ব্ৰেণ্ড বিজ্ঞাপন আৰু যোগাযোগৰ বাবে এক চিহ্নিত মূল্য গঢ়ি তুলিব। বিগত ১৫ বছৰত টপচেম চিমেণ্টে নিজৰ উপস্থিতি আৰু বিকাশ শক্তিশালী কৰি সফলতাৰে উত্তৰ-পূব ভাৰতৰ চিমেণ্ট বজাৰত নিজৰ বাবে স্বকীয় স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে।কোম্পানীৰ চেলছ এণ্ড  মাৰ্কেটিং (মেঘালয় চিমেণ্টছ লিমিটেড)ৰ অধ্যক্ষ ডঃ অনিল কাপুৰে অতি গৌৰৱেৰে উল্লেখ কৰে - " সুনীল গাভাস্কাৰ, যাক "ছানি" বুলি জনা যায়, তেওঁ বহু বছৰ ধৰি প্ৰমাণ কৰিছে যে অপেনিং বেটছমেনৰূপে যিকোনো মেচ জিকিবলৈ দক্ষতা আৰু স্থিৰতাৰ দ্বাৰা এটা ইনিংছৰ শক্তিশালী ভেটি প্ৰথমে স্থাপন কৰি লোৱাটো। একেদৰে, আমি বিশ্বাস কৰোঁ যে এটা শক্তিশালী অট্টালিকা নিৰ্মাণ কৰিবলৈ প্ৰথমে এক শক্তিশালী ভেটিৰ অতি প্ৰয়োজন। টপচেম চিমেণ্ট কোৱাৰ লগে লগে সংযুক্ত হয় মাজবুটি কা ভৰোচা... হামেশা।"আনহাতে, এই সম্পৰ্কে গাভাস্কাৰে মন্তব্য কৰি কয় "মই টপচেম চিমেণ্টৰ বিকাশযাত্ৰাৰ অংশ হোৱাৰ বাবে অপেক্ষা কৰি আছো। মই তেওঁলোকৰ বাবে এক দীঘলীয়া আৰু উৎপাদনশীল ইনিংছৰ কামনা কৰিছো।"টপচেম চিমেণ্টে উত্তৰ-পূব ভাৰতৰ প্ৰচুৰ পৰিমাণে নিৰ্মাণ খণ্ডক সমৰ্থন কৰি আহিছে আৰু এই কোম্পানীটো মেঘালয় আৰু অসমৰ ইন্টিগ্ৰাটেড প্লান্ট আৰু এটি গ্ৰাইণ্ডিং ইউনিটৰ সফল প্লেয়াৰ। টপচেম চিমেণ্টে পিপিচি, অ'পিচি আৰু ছলিড ধলাই চিমেণ্ট প্ৰস্তুত কৰে। টপচেম চিমেণ্ট হৈছে এটা 

নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ সমৰ্পিত মানদণ্ড আৰু গ্ৰাহক সেৱাৰ স্পষ্ট বিজয়ী। কোম্পানীয়ে তেওঁলোকৰ সেৱাসমূহত সৰ্বশ্ৰেষ্ঠ কেঁচা সামগ্ৰী, বিশ্বমানৰ প্ৰযুক্তি প্ৰয়োগ কৰিছে আৰু গুণগত মানদণ্ডৰ সৈতে কেতিয়াও আপোচ কৰা নাই।

আজি, নিৰ্মাণ উদ্যোগটো বৰ্ধিত গ্ৰাহকৰ সৈতে বৃহৎ বিকাশৰ বাবে জ্ঞান আৰু চাহিদাৰে সাজু হৈছে বিশ্বমানৰ চিমেণ্ট প্ৰস্তুতত। টপচেম চিমেণ্ট কোম্পানীটোৱে আগবঢ়োৱা সামগ্ৰীবোৰৰ বাবে গ্ৰাহককে ধৰি বহুমুখী বিপণন পদক্ষেপৰ সৈতে তীব্ৰ প্ৰতিযোগিতামূলক বজাৰ প্ৰমোচন, অনলাইন সমৰ্থন আৰু জনসম্পৰ্কৰ বাবে এই পৰিস্থিতি সন্মুখীন হ'বলৈ সাজু হৈছে।টপচেম চিমেণ্টে সকলো সময়তে সৰ্বশ্ৰেষ্ঠ মানদণ্ড আৰু সেৱা প্ৰদান কৰি আহিছে আৰু ইয়াৰ অনাগত বছৰবোৰত আৰু বৃদ্ধি হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here