অসমৰ সকলো জিলা আৰু স্বায়ত্ব পৰিষদ অঞ্চলত গাঁওপ্ৰধান প্ৰথা প্ৰচলন কৰাৰ দাবী-সদৌ অসম গাঁওপ্ৰধান সন্থাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 21 September 2021

অসমৰ সকলো জিলা আৰু স্বায়ত্ব পৰিষদ অঞ্চলত গাঁওপ্ৰধান প্ৰথা প্ৰচলন কৰাৰ দাবী-সদৌ অসম গাঁওপ্ৰধান সন্থাৰ

 


ৰাজ্যত প্ৰায় ৬,২১৬ খন গাঁও প্ৰধান চৰকাৰী নিৰিখত দৰমহা দিয়াৰ দাবী



W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমৰ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বিটিআৰৰ কিছু অঞ্চল, কাৰ্বি আংলং আৰু বৰাক উপত্যকাত গাঁওপ্ৰধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সদৌ অসম গাঁওপ্ৰধান সন্থাই। মঙলবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ কাৰ্যকৰী সভাপতি ঘনশ্যাম তালুকদাৰে এই কথা সদৰী কৰে। তেওঁ লগতে কয় ' সদৌ অসম গাঁও প্ৰধান সন্থা যিহেতু অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে গঠিত এটা সন্থা গতিকে অসমৰ সকলো জিলা আৰু স্বায়ত্ব পৰিষদ অঞ্চলত গাঁওপ্ৰধান প্ৰথা প্ৰচলন কৰিব লাগে। অসমৰ প্ৰতিজন চৰকাৰী গাঁওপ্ৰধানৰ অন্তৰ্গত এলেকাত ৰাইজৰ লগতে চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন সভা-সমিতি আৰু প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰিবৰ বাবে একোটাকৈ কাৰ্যালয়ৰ ব্যবস্থা কৰিব লাগে। অসমৰ প্ৰতিজন গাঁওপ্ৰধানৰ যিহেতু চৰকাৰী বিধি অনুসৰি কাম-কাজ আগবঢ়াই নিয়াৰ চিন্তা বৰ্তমানৰ চৰকাৰে কৰিছে সেযেহে চৰকাৰী নিৰিখত দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্যৰ গাঁওপ্ৰধান সকলৰ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱা বিচাৰিছে চৰকাৰে। ৰাজ্যত প্ৰায় ৬,২১৬ খন গাঁও প্ৰধান আছে। আমি ২৪ ঘণ্টাই কাম কৰিব লাগে। সম্প্ৰতি আমি ৯ হাজাৰ টকা পাৰিতোষিক লাভ কৰোঁ। ' সংবাদ মেলত সন্থাৰ সম্পাদক সমৰেন্দু হাজৰিকাই কয় ' শেহতীয়াভাবে চলিত বছৰৰ ২৬ আগষ্টত চৰকাৰী অধিসূচনা যোগে উপাযুক্তৰ যোগেদি ৬৫ বছৰ বা তাতকৈ তলৰ গাওঁপ্ৰধানক উপায়ুক্তই কৰ্মৰ পৰা অব্যাহতি দিয়াৰ যি ব্যৱস্থা কৰিছে তেনে ক্ষেত্ৰত সেই সকল গাঁওপ্ৰধানক নিশ্চিত নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক দাবী জনালোঁ। ৰাজ্যত ৬৫ ৰ উৰ্ধৰ প্ৰায় ১৫০০ গাঁওপ্ৰধান আছে।' সংবাদ মেলত সদৌ অসম গাঁওপ্ৰধান সন্থাৰ সভাপতি ডম্বৰুধৰ দেউৰীৰ লগতে সন্থাৰ অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here