চি পি আই (এম) ৰ সংবাদ মেল
উচ্ছেদিত সকলক পূনৰ সংস্থাপন দিয়ক
সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ হৰণ কৰাৰ সংকীৰ্ণ ৰাজনৈতিক কৰ্মসূচীৰ বাবেই চৰকাৰে এনে পন্থা অৱলম্বন কৰিছে
মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ
W7s News ষ্টাফৰিপোৰ্টাৰ :দৰং জিলাৰ ধলপুৰৰ উচ্ছেদ অমানৱীয়, অসংবিধানিক, আইন বিৰুদ্ধ-এই ভাষ্য প্ৰাক্তন সাংসদ (ৰাজ্য সভা), চি পি আই (এম)ৰ পলিটব্যুৰ’ সদস্য বৃন্দা কাৰাটৰ। বৃহস্পতিবাৰ গুৱাহাটীৰ হেদায়েটপূৰস্থিত চি পি আই (এম) ৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় 'আমি ১,২ আৰু ৩ নং ধলপুৰলৈ গৈ অসংখ্য উচ্ছেদিত লোকক সাক্ষাৎ কৰো৷ আমি যি প্ৰত্যক্ষ কৰিলো সেয়া অতি ভয়ংকৰ৷ এনে লাগিল যেন অসমৰ এই অঞ্চলটোত সংবিধান, আইন-কানুন সকলোবোৰ নাইকীয়া হৈ পৰিছে৷ অস্ত্ৰধাৰী পুলিচৰ দ্বাৰা প্ৰায় সহস্ৰাধিক দুখীয়া কৃষক পৰিয়ালক উচ্ছেদ কৰা হ’ল৷ এই কৃষকসকলে বিগত ৫০ বছৰৰো অধিক কাল ধৰি এই মাটিতে কৃষি কৰ্ম চলাই আহিছিল৷ তেওঁলোকৰ কঠিন শ্ৰমে এই ভূমি কৃষিযোগ্য ভূমিত পৰিণত কৰিলে আৰু কৃষিকৰ্মৰ মাজেৰেই শাক-পাচলি, ধান আৰু অন্যান্য সামগ্ৰী উৎপাদন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে৷ তেওঁলোকৰ দখলীস্বত্ব প্ৰমাণ কৰিবলৈ তেওঁলোকৰ হাতত ন্যায্য কাগজ-পত্ৰও আছে৷ আনকি কিছু পৰিয়ালৰ মালিকীস্বত্ত্বও আছে৷ আমি অনুষ্ঠিত কৰা ৰাজহুৱা শুনানিত মই নিজে তেনে কাগজ-পত্ৰ প্ৰত্যক্ষ কৰিছো৷ যদি চৰকাৰৰ দাবী অনুসৰি এই ভূমিত বেদখল হোৱাৰ কথাটো আপাততঃ মানিও লোৱা যায় তথাপি চৰকাৰে জৰীপ কৰি এনে বাদ-বিবাদ নিষ্পত্তি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ সবাতোকৈ আচৰিত কথাটো হ’ল এই লোকসকলক ১২ ঘণ্টাতকৈয়ো ক'ম সময়ত উচ্ছেদৰ জাননী দিয়া হ’ল৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বেআইনী আৰু অমানৱীয়৷ পুনৰ সংস্থাপনৰ বাবে কোনো পৰিকল্পনা কৰা হোৱা নাই আৰু ভূমি আবণ্টনৰো কোনো প্ৰস্তাৱ পৰিলক্ষিত নহ’ল৷ চলিত মাহৰ ২৩ ছেপ্টেম্বৰৰ পৰা কোনো চৰকাৰী বিষয়াই এই লোকসকলৰ ওচৰলৈ যোৱা নাই৷ ইয়াৰ বিপৰীতে অঞ্চলটোত আমি বহু পুলিচ আবেষ্টনী দেখিবলৈ পাওঁ৷ এয়া এক ধৰণৰ ভয়-ভাবুকিত বাহিৰে আন একো নহয়৷ চৰকাৰী ট্ৰেক্টৰৰ দ্বাৰা মাটি চহাই মাটিত গুটি ছটিওৱাটো আমি প্ৰত্যক্ষ কৰিলোঁ৷ লোকসকলৰ বাদ-বিবাদ নিষ্পত্তি নকৰাকৈ বে-আইনীভাৱে চৰকাৰে ভূমি দখল কৰাত লিপ্ত হৈছে৷ তদুপৰি ২৩ ছেপ্টেম্বৰৰ দিনা প্ৰশাসন আৰু পুলিচৰ ভূমিকা দখলদাৰী শক্তিতকৈয়ো বেয়া আছিল৷ আমাক জনোৱা অনুসৰি লোকসকলে আৰু কিছু সময় বিচাৰিছিল৷ মহিলা আৰু শিশুসকল বিৰাট পুলিচ বাহিনী দেখি সন্ত্ৰস্ত হৈ উঠিছিল৷ কিন্তু তেওঁলোকক কোনো সময় দিয়া নহ’ল৷ তেওঁলোকৰ যি সৰু-সুৰা ঘৰ আছিল সেয়া ধ্বংস কৰা হ’ল৷ তেওঁলোকৰ যি সামান্য সম্পত্তি আছিল সেয়া ধূলিস্যাৎ কৰি দিয়া হ’ল৷ পুলিচে গুলীচালনা কৰি দুজন লোকক নিহত কৰে৷ আমি পুলিচৰ গুলীত নিহত দুই লোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে বহু আহত লোকক সাক্ষাৎ কৰিলোঁ৷ পুলিচৰ সন্মুখতে প্ৰশাসনৰ দ্বাৰা নিয়োজিত এগৰাকী ফটোগ্ৰাফাৰে মৃতপ্ৰায় হৈ নিশ্চল হৈ পৰি থকা এগৰাকী লোকৰ ওপৰত যি পৈশাচিক বৰ্বৰ কাম কৰিলে সিয়ে সকলোকে লজ্জানত কৰিলে৷ এই ফটোগ্ৰাফাৰজনে নিশ্চল দেহৰ ওপৰত বাৰে বাৰে জপিয়াই বৰ্বৰ কাৰ্য পুলিচৰ সন্মুখতে সংঘটিত কৰিলে আৰু পুলিচ নিৰ্বাক হৈ থিয় দি থাকিল৷ এনে ঘটনা হোৱাৰ পাছতো এজনো পুলিচকৰ্মীৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰাটো এক অভূতপূৰ্ব ঘটনা৷ উচ্ছেদিত লোকসকলৰ অৱস্থা যুদ্ধক্ষেত্ৰৰ কয়েদীতকৈয়ো শোচনীয়৷ তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে এটা টকাও দিয়া হোৱা নাই৷ বহু মহিলা আৰু শিশুৱে কান্দি কান্দি আমাৰ সন্মুখত তেওঁলোকৰ চৰম দুৰ্দশাৰ কথা বৰ্ণনা কৰে৷ খোৱাপানী, শৌচাগাৰ, মূৰৰ ওপৰৰ এখন চালি, খাদ্য, ঔষধ-পাতি অবিহনে চৰম যন্ত্ৰণাত এওঁলোকে থাকিবলগীয়া হৈছে৷ সকলো পৰিয়ালতে বেমাৰী শিশু আৰু মহিলা আছে৷ চৰকাৰেই এনে বৰ্ণনাতীত অৱস্থাৰ বাবে দায়ী৷ আমি দেখিবলৈ পালো যে ওচৰৰ বিদ্যালয়ত শিক্ষাদান আৰম্ভ হৈছে কিন্তু এই উচ্ছেদিত পৰিয়ালৰ শিশুসকল স্কুললৈ যাব পৰা নাই৷ আমি এয়া দেখিলো যে অঞ্চলটোৰ সকলোবোৰ ৰাস্তা প্ৰশাসনে বন্ধ কৰি ৰাখিছে ফলত আনকি চিকিৎসা সেৱাৰ বাবেও যথেষ্ট আহুকালৰ সৃষ্টি হৈছে৷আমি চাৰিটাকৈ মছজিদ ভাঙি পেলোৱা প্ৰত্যক্ষ কৰিলো৷ ইয়াৰে অন্ততঃ এটা মছজিদ ;লাই দিয়া হৈছে৷ কেইবাটাও কবৰস্থান খান্দি পেলাই ধ্বংস কৰা হৈছে৷ বহু শিশুৱে পঢ়া-শুনা কৰা এটা মাদ্ৰাছাও ভাঙি পেলোৱা হৈছে৷ চৰকাৰে ঘোষণা কৰিছে যে এই ভূমি কৃষি পামলৈ ৰূপান্তৰিত কৰা হ’ব আৰু ইয়াত ‘খিলঞ্জীয়া’ লোকক নিয়োগ কৰা হ’ব৷ চৰকাৰৰ এই ঘোষণাও বৰ আচহুৱা৷ অঞ্চলটোত ইতিমধ্যেই কৃষি কৰ্ম-কাণ্ড চলি আছে৷ ইয়াৰ দ্বাৰা কেৱল স্থানীয় লোকৰেই নহয়, গুৱাহাটী চহৰৰ পাচলি বজাৰৰ চাহিদাও ই পূৰণ কৰি আহিছে৷ অঞ্চলটোত উচ্চেদ কাৰ্য নকৰাকৈয়ো চৰকাৰী কৃষি পাম গঢ়ি তোলাৰ বাবে যথেষ্ট ভূমি আছে৷ চৰকাৰে এই পথ কিয় গ্ৰহণ কৰা নাই? দুৰ্ভাগ্যজনকভাৱে আমি পালো যে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ হৰণ কৰাৰ সংকীৰ্ণ ৰাজনৈতিক কৰ্মসূচীৰ বাবেই চৰকাৰে এনে পন্থা অৱলম্বন কৰিছে৷ চৰকাৰে লোকসকল ভাৰতীয় নাগৰিক বুলি জানি-শুনিও এনে কাম হাতত লৈছে৷ অৰ্থাৎ অসমৰ এই অঞ্চলটোত মুছলিম হোৱা বাবেই ভাৰতীয় নাগৰিকৰ অধিকাৰ হৰণ কৰা হৈছে৷ এই পৰিস্থিতি মানৱ অধিকাৰৰ স্পষ্ট উলংঘন৷ এয়া সংবিধানৰ ওপৰত আক্ৰমণ৷ উচ্ছেদ, পুনৰসংস্থাপন সম্পৰ্কীয় আইনৰ উলংঘন৷আমি চৰকাৰৰ ওচৰত দাবী জনাও যে যথাযথ জৰীপ আৰু দাবীসমূহ নিষ্পত্তি নকৰাকৈ আৰম্ভ কৰা সকলো ধৰণৰ উচ্ছেদ আৰু ভূমিৰ বলপূৰ্বক দখল অনতিপলমে বন্ধ কৰক৷ সেই সময়লৈ সকলো পৰিয়ালকে তেওঁলোকৰ ভূমিলৈ উভতি যোৱাৰ অনুমতিপ্ৰদান কৰক,নিহত আৰু আহতসকলৰ পৰিয়ালৰ প্ৰতি উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক, জীৱিকা আৰু সম্পত্তি হেৰুওৱা লোকসকলৰ প্ৰতিও ক্ষতিপূৰণ আগবঢ়াওক৷ উচ্ছেদিত লোকসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰক৷ খাদ্য, খোৱাপানী, অস্থায়ী শৌচাগাৰ, বাসস্থান আদিৰ ব্যৱস্থা কৰক,লোকক গুলীয়াই মৰাত জড়িত পুলিচকৰ্মীৰ বিৰুদ্ধে আৰু ফটোগ্ৰাফাৰজনৰ বৰ্বৰ কামৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এই ধৰণৰ ঘটনা কেৱল অসমৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে চিন্তাৰ কাৰণ। বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। কেৱল সংখ্যালঘু হোৱা বাবে তেওঁলোকৰ ওপৰত আমনৱীয় অত্যাচাৰ চলোৱা হৈছে। বিজেপিয়ে আমাৰ দেশত গণতন্ত্ৰ নাই বুলি এটা বার্তা দিব বিচাৰিছে।
গুজৰাটৰ দৰে অসমখন কৰিব বিচাৰিছে। তেওঁলোকৰ বাবে ভোট জৰুৰী মানৱীয়তা জৰুৰী নহয়। আনহাতে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ' কানহাইয়া কুমাৰে ক'ত যোগদান কৰে নকৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু বাওঁদল সদায় বি জেপি, আৰ এছ এছৰ ভুল নীতিৰ বিৰুদ্ধে সদায় শক্তিশালী হৈ থাকিব। 'উল্লেখ্য, প্ৰতিনিধি দলটোত মোৰ লগত চি পি আই (এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু অন্যান্য নেতৃবৃন্দ আছিল৷ তেওঁ লগতে বুধবাৰে ধলপুৰ, গৰুখুটি ভ্ৰমণ কালত দেখা বাস্তৱ ছবিখন সম্পৰ্কে এখন পত্র লিখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।।সংবাদ মেলত চি পি আই (এম) অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেবেন ভট্টাচাৰ্যৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment