"ধলপুৰ-গৰুখুটীত উচ্ছেদিত ৰাইজক সহায় কৰক" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 30 September 2021

"ধলপুৰ-গৰুখুটীত উচ্ছেদিত ৰাইজক সহায় কৰক"

 



W7s News ষ্টাফৰিপোৰ্টাৰ: নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসমৰাজ্যিক কেন্দ্ৰ, বিভিন্ন জিলা আৰু আঞ্চলিক কমিটিয়ে বৃহস্পতিবাৰে ধলপুৰ-গৰুখুটীত, চৰকাৰৰ অমানবীয় উচ্ছেদত ক্ষতিগ্ৰস্ত ৰাইজক সহায় আৰু সংস্থাপন, ক্ষতিপূৰণৰ দাবীত অসমৰ  মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

  দৰং জিলা প্ৰশাসনে যোৱা২০ আৰু  ২৩ ছেপ্টেম্বৰ, ২০২১ত কোনো বিকল্প ব্যৱস্থা অবিহনে সুদীৰ্ঘ বছৰ বসবাসকাৰী এই লোকসকলক, বৰ্তমানৰ এই কোভিডকালীন পৰিস্থিতিত যুদ্ধংদেহি মনোভাৱ লৈ কেইবাহেজাৰো লোকক বৰ্বৰ ভাৱে উচ্ছেদ আৰু গৃহহীন কৰিলে।জেচিবি,এক্সকেভেটৰেৰে বাসিন্দা সকলৰ বাসগৃহ, খেতি-বাতি, সম্পত্তি ভাঙি ছিঙি তহিলং কৰে।খোৱা খাদ্য-পানীৰ সংকটত,বিশেষ কৈ মহিলা সকল,কিশোৰী- যুৱতী,কেচুৱা শিশুসকল,বৃদ্ধ সকল কিমান সমস্যাত পৰিছে!ভুক্তভূগিহে অণুধাবন কৰিব পাৰিব।বিকল্প ব্যৱস্থা অবিহনে উচ্ছেদৰ দ্বাৰা কৰা এই ধৰণৰ মানৱতাহীন বৰ্বৰতা, প্ৰতিবাদী লোকক গুলিয়াই, লাঠিৰে কোবাই, মৃতদেহৰ ওপৰত অত্যাচাৰ কৰা দৃশ্য অতি হৃদয়বিদাৰক,মানৱাধিকাৰ ভংগ আৰু সংবিধান বিৰোধী।প্ৰস্তাবিত গৰুখুটী কৃষি প্ৰকল্প স্থাপনৰ নামত মাটি অধিগ্ৰহণ সুপৰিকল্পিত আৰু মানবীয় প্ৰমূল্যৰে কৰিলে ১২ বছৰীয়া কিশোৰকে ধৰি তিনি জন লোকৰ মৃত্যু, পুলিচ আৰু প্ৰতিবাদী অনেক লোক আহত -ঘূণীয়া হ'ব নালাগিলহেতেন।চৰকাৰে বিকল্প বাসস্থান অবিহনে  অসমৰ বিভিন্ন অঞ্চলত সময়ে সময়ে চলাই থকা বৰ্বৰ উচ্ছেদ কাৰ্য বন্ধ কৰক।উচ্ছেদিত ৰাইজক সংস্থাপনৰ ব্যৱস্থা কৰক।উচ্ছেদত বিপৰ্যস্ত ৰাইজক চৰকাৰে খাদ্যৰ  আৰু ন্যূনতম সা-সুবিধাৰ ব্যৱস্থা কৰক বুলি দাবী উত্থাপন কৰে সমিতিৰ

সভাপতি দীপ্তি বৰচেতিয়া আৰু সম্পাদিক

নিয়তি বৰ্মনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here