হীৰেন বৰা পৰিচালিত নতুন চলচ্চিত্ৰ 'নাছিমাম-ডাৰ্লিং' ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 September 2021

হীৰেন বৰা পৰিচালিত নতুন চলচ্চিত্ৰ 'নাছিমাম-ডাৰ্লিং' ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত

 





W7s News ষ্টাফৰিপোৰ্টাৰ: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক হীৰেন বৰা পৰিচালিত ৰাভা ভাষাত নিৰ্মিত নতুন চলচ্চিত্ৰ 'নাছিমাম-ডাৰ্লিং' ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। এই ছবিখন আগন্তুক ১৫ জানুৱাৰীৰ পৰা ঢাকা অনুষ্ঠিত হ'বলগীয়া বিংশতিসংখ্যক ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ চিনেমা অফ দ্যা ৱৰ্ল্ড শাখাত নিৰ্বাচিত হৈছে। সমগ্ৰ বিশ্বৰ প্ৰায় ৬০ খন দেশৰ ২০০ চলচিত্ৰৰ মাজৰ পৰা নিৰ্বাচিত ২৫ খন চলচিত্ৰৰ মাজৰ প্ৰদৰ্শনৰ বাবে ৰাভা চলচিত্ৰ 'নাছিমাম-ডাৰ্লিং'এ স্থান লাভ কৰাটো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে উল্লেখনীয় খবৰ। ছবিখনত ৰাভা-হাছঙৰ এখন দুখীয়া গাঁৱৰ কু-সংস্কাৰ আৰু অৰ্দ্ধ শিক্ষিত কৃষক সমাজৰ মাজত নাছিমাম নামৰ এজন দুখীয়া উচ্চ শিক্ষিত যুৱতীৰ নানা সামাজিক তথা দুষ্ট চক্ৰৰ আতিশয আৰু নিৰ্যাতনক নেওচি এক এন জি অ' যোগে গাঁৱৰ উন্নতিৰ বাবে কৰা হাৰ নমনা সংগ্ৰামৰ ছবি দাঙি ধৰা হৈছে। ৰাভা হাচং স্বায়ত্ব পৰিষদ, নিখিল ৰাভা সাহিত্য সভা আৰু সদৌ অসম ৰাভা ছাত্ৰ সন্থাৰ সহযোগিতাত সুৰভী এন্টাৰপ্ৰাইজৰ বেনাৰত হীৰেন বৰাৰ পৰিচালনা আৰু প্ৰয়োজনাৰে নিৰ্মিত এইখন পৰিচালকৰ ছয় নম্বৰ চলচ্চিত্ৰ। উল্লেখ্য, ইয়াৰ পূৰ্বে এই চলচ্চিত্ৰখনে  ইংলেণ্ডৰ এটা আন্তৰ্জাতিক মহোৎসৱৰ লগতে ডেৰাডুন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদর্শনৰ বাবেও নিৰ্বাচিত হৈছে। হীৰেন বৰাৰ কাহিনী তথা ৰঞ্জিত সূত্রধাৰ আৰু হীৰেন চিত্ৰনাট্যৰে নিৰ্মিত চলচ্চিত্ৰ খনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে টংকেশ্বৰ ৰাভা (মুখ্য কাৰ্যবাহী সদস্য), প্ৰকাশ ৰাভা, দীপক ৰাভা, অনুপমা ৰাভা, সিদ্ধাৰ্থ ৰাভা, হেমন্ত ৰাভা, জোনালী ৰাভা, শিশু শিল্পী টিকু কলিতা আৰু নীলিম দত্তকে ধৰি নবিনৱ-প্ৰবীণ স্থানীয় শিল্পীয়ে। চলচ্চিত্ৰ খনৰ সম্পাদনা কৰিছে দীপক মণ্ডলে, সংগীত পৰিচালনা তৰালি শৰ্মাৰ। চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়া, বীৰেণ দাস আৰু চিন্ময় ৰাভাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here