ফিছফেড’ৰ উদ্যোগত মাছৰ পৰা প্ৰস্তুত স্বাস্থ্যসন্মত মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য সামগ্ৰী প্ৰস্তুত আৰু বিপনন আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 September 2021

ফিছফেড’ৰ উদ্যোগত মাছৰ পৰা প্ৰস্তুত স্বাস্থ্যসন্মত মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য সামগ্ৰী প্ৰস্তুত আৰু বিপনন আৰম্ভ

 



W7s News ষ্টাফৰিপোৰ্টাৰ : ফিছফেডে মাছৰ পৰা প্ৰস্তুত মান সংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য সামগ্ৰীৰ উপলভ্যতাওঁ সুনিশ্চিত কৰিছে। সতেজ আৰু জীৱিত মাছ স্বাস্থ্যসন্মত ভাবে বিপণনৰে এক সুকীয়া অৱস্থিতি প্ৰতিষ্ঠা কৰিব সক্ষম হোৱা ফিছফেডৰ কাৰিকৰী সহযোগিতাত থলুৱা প্ৰতিষ্ঠান আস্থা এন্টাৰপ্ৰাইজৰ লিপিছা ব্ৰেণ্ডৰ বিভিন্ন মৎস্য প্ৰজাতিৰ স্বাস্থ্যসন্মত শুকান মাছ জনসাধাৰণে আদৰি লোৱাৰ পাছত আন এক থলুৱা প্ৰতিষ্ঠান 

 WUBITU ECO International Pvt Ltd.লে ফিছফেডৰ কাৰিকৰী সহযোগিতাত জনসাধাৰণলৈ উলিয়াই দিছে মাছৰ চাটনি। আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আৰ্কষনীয় পেকেজিংৰে অতি সস্বাদু ১০গ্ৰাম চাটনিৰ মূল্য মাত্ৰ ১০ টকা। মুখ্যতঃ বিশেষকৈ ম্যানমাৰৰ পৰা আমদানিকৃত এনে সামগ্ৰীয়ে দখল কৰা লোভনীয় বজাৰত সুস্থ প্ৰতিযোগিতাৰে কিয়দাংশ মুনাফা থলুৱা উদ্যোগীৰ হাতত ৰখাই এনে প্ৰয়াসৰ মূল উদ্দেশ্য।ফিছফেডৰ ৰূপনগৰস্থিত বাতানুকুল বিপণন কেন্দ্ৰ প্ৰাঙ্গনত ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰহিত্যত শনিবাৰে অনুষ্ঠিত নাতিদীৰ্ঘ অনুষ্টুপীয়া অনুষ্ঠানত সামগ্ৰীটি আনুষ্ঠানিকভাৱে জনসাধাৰণলৈ উলিয়াই দিয়ে মীন বিভাগৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ শিৰোধাৰ্য্য বিষয়া  সঞ্জয় তামুলী ফুকনে। অনুষ্ঠানত ফিছফেডৰ বিষয়া-কৰ্মচাৰীবৃন্দৰ উপৰিওঁ অগ্ৰণী মীন সমবায় সমিতিৰ সদস্য আৰু কৃষি উন্নয়ন বিষয়া  নিৰোদ নাথে অংশ গ্ৰহণ কৰে। উল্লেখ্য, ফিছফেডে ক্ৰেতাক fishfedassam@gmail.com আৰু FISHFEDMart  ৰ জৰিয়তে মৎস্য ক্ৰয় কৰি ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here