৯৫ সংখ্যক জন্ম জয়ন্তীত ৰাজ্যজুৰি সুধাকন্ঠক স্মৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 September 2021

৯৫ সংখ্যক জন্ম জয়ন্তীত ৰাজ্যজুৰি সুধাকন্ঠক স্মৰণ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : ৯৫ সংখ্যক জন্ম জয়ন্তীত ভাৰতৰত্ন,সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিলে জাতিয়ে। ৰাজ্যৰ প্রান্তে প্ৰান্তে সুধাকন্ঠক সোঁৱৰি অনুষ্ঠিত হ'ল গীত, মাত, কবিতা, সভা আদি। সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত

'সমন্বয় দিৱস' উদ্ যাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে নিত্যানন্দ ডেকাই। ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ সন্মুখত থকা সুধাকন্ঠৰ প্ৰতিমূৰ্তিৰ সন্মুখত 

বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি

অৰ্পণ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ অধ্যক্ষ মংগল সিং হাজোৱাৰীয়ে। সুধাকন্ঠৰ ৯৫ সংখ্যক ওপজা দিন উপলক্ষে ৯৫ খন পতাকা উত্তোলন কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ অধ্যক্ষ মংগল সিং হাজোৱাৰীয়ে। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মূল অনুষ্ঠান অনুষ্ঠিত হয়। মৃদুল কুমাৰ দত্তই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ যুটীয়া সচিব মঞ্জুলা হাজৰিকা ই উপস্থিত বিশিষ্ট ব্যক্তি সকলক আদৰণি জনায়। এই অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট আবৃত্তিকাৰ অনুপজ্যোতি চৌধুৰীয়ে এটা কবিতা আবৃত্তিৰে সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত ২০২১ চনৰ 'দুধনৈ ব্ৰহ্মপুত্ৰ ভুপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান কৰা হয় কলা সাধক, গীতিকাৰ, কণ্ঠশিল্পী ধৰণী পামক।

বঁটা প্ৰদান কৰে ভাৰতৰত্ন ড০  ভূপেন হাজৰিকাৰ ভ্ৰাতৃবধু সুমিত্ৰা হাজৰিকা, সাদিন কাকতৰ সম্পাদক, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপদেষ্টা অনুৰাধা শৰ্মা পূজাৰী, ন্যাসৰ অধ্যক্ষ মংগল সিং হাজোৱাৰী, ন্যাসৰ ন্যাসৰ ক্ষী সূৰ্য হাজৰিকা, যুটীয়া সম্পাদক মঞ্জুলা হাজৰিকা আদিয়ে। এই বঁটাত আছে অংগবস্ত্ৰ, এখন শ্বল, শৰাই, জাপি, স্মাৰক, গ্ৰন্থৰ টোপোলা, মানপত্ৰ আদি।

ধৰণী পামে ড০ ভূপেন হাজৰিকাৰ বহু কালজয়ী গীত ৰাভা ভাষালৈ অনুবাদ কৰিছে। তেওঁ বঁটা গ্ৰহণ কৰি কয় ' মই এই বঁটাৰ বাবে যোগ্য বুলি নাভাবোঁ। মই সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক ভগবান যেন গণ্য কৰোঁ। তেওঁৰ গীত শুনি শুনি তেওঁৰ গীতৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ।তেওঁৰ বহুবাৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁৰ গীত সমূহ ৰাভা ভাষালৈ অনুবাদ কৰাৰ বাবে মোক অনুমতি দিছিল। তেওঁৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব বিচাৰোঁ। এই বঁটা মোক দিয়া বাবে ন্যাসৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম।'তেওঁ লগতে ড০ ভূপেন হাজৰিকাৰ অন্যতম জনপ্ৰিয় গীত 'মেঘে গিৰ গিৰ কৰে' ৰাভা ভাষাত পৰিবেশন কৰি উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। একেটা অনুষ্ঠানতে 'ভূপেন হাজৰিকা হিতৈষী বঁটা' মৰণোত্তৰ ভাৱে বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, অনাতাঁৰ শিল্পী অৰুণ শৰ্মাক আগবঢ়োৱা হয় । প্ৰয়াত নাট্যকাৰ, ঔপন্যাসিক,সাহিত্য অকাডেমী বঁটা প্ৰাপক অৰুণ শৰ্মাৰ পত্নী আৰতি শৰ্মাই এই বঁটা গ্ৰহণ কৰে। এই বঁটাৰ লগত অংগবস্ত্ৰ, শৰাই, শ্বল, ফুলাম জাপি, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰ আদি দিয়া হয়। এই বঁটা প্ৰদান কৰে অভিনেত্ৰী বিদ্যা ৰাও,ন্যাসৰ উপ সভাপতি প্ৰদীপ পূজাৰী, অশোক কুমাৰ সেনাপতি, ময়ুখ হাজৰিকা আদিয়ে। এই অনুষ্ঠানত লেখক, সাংবাদিক পুলিন কলিতা আৰু লেখিকা, গীতিকাৰ তথা ন্যাসৰ যুটীয়া সম্পাদক মঞ্জুলা হাজৰিকাই সম্পাদনা কৰা ড০ ভূপেন হাজৰিকাৰ নিৰ্বাচিত কিছু গদ্য  'সুধাকণ্ঠৰ গদ্য' শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাই কয় ' সুধাকণ্ঠৰ গদ্য' গ্ৰন্থখনৰ জৰিয়তে সম্পাদকদ্বয়ে বিশাল সম্ভাৰৰ মুকুটা কিছু বিচাৰি আনিছে। সুধাকন্ঠৰ উল্লেখযোগ্য  সৃষ্টি কৰ্মৰ ভিতৰত এইখন আলোকস্তম্ভ।  গ্ৰন্থখনত ঋতুবোধৰ কথাত গুৰুত্ব দিয়া হৈছে, লগতে শিল্পবোধ,নতুন পুৰুষ কথাতো গুৰুত্ব দিয়া হৈছে। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই আমাক সাংস্কৃতিক ভাবে আগুৱাই লৈ যোৱাৰ লগতে বিশ্বদৰবাৰত অসমীয়াৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছিল। অসমীয়াৰ হৃদয় যোগাত্মক চিন্তাৰে স্পণ্দিত হওঁক। ' এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী জে পি দাস, তৰালি শৰ্মা, ময়ুখ হাজৰিকা, অনিন্দিতা পাল, জবা চক্ৰৱৰ্তী, ৰূপম ভূঞা, গায়ত্ৰী হাজৰিকা, শিশু শিল্পী নিস্থাপ্ৰিয়া দেৱী, ৰিয়েলিটি শ্ব' 'আকাশ চুবৰ মন'ৰ ফাইনেলিষ্ট নয়নজ্যোতি হাজৰিকা, ৱাহিদা ৰহমান, সন থ কুমাৰ দাস আদিয়ে সুধাকণ্ঠৰ গীতেৰে সুধাকণ্ঠক ওপজা দিনত শ্ৰদ্ধাঞ্জলি জনায়। আনহাতে দিলীপ হীৰাৰ বাঁহী  বাদনেৰে অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠানত অভিনেত্ৰী চেতনা দাস, ন্যাসৰ যুটীয়া সম্পাদক মণিষা হাজৰিকা, বিশিষ্ট ভাস্কৰ বীৰেণ সিংহ,

ন্যাসৰ সাংস্কৃতিক সম্পাদক অনুপম লস্কৰ, সাংস্কৃতিক কর্মী গোলাপ জালান,  লগতে বহুসংখ্যক সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে  অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত ভাৰতৰত্ন  ড০ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস পালন কৰা হয়। সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। সভাত সমজুৱাৰ তৰফৰ পৰা সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাই বক্তব্য আগবঢ়ায়। সভাৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী' গীত পৰিবেশন কৰা হয়। সভাত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিবেশন কৰে তৃষ্ণা দেৱী, ক্ৰান্তিকা শাণ্ডিল আৰু মলয়া ভাৰলীয়ে। সভাত গুৱাহাটী কাৰ্যালয়ৰ সচিব চন্দন শৰ্মাই

শলাগৰ শৰাই আগবঢ়ায়। আনহাতে ফিছফেডৰ ৰূপনগৰস্থিত সদৰ কাৰ্যালয় প্ৰাঙ্গণত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাখন আঁতধৰে ফিছফেডৰ পৰিচালন সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মাই। সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে নীলাচল জাতীয় বিদ্যালয়ত ড০ ভূপেন হাজৰিকাক স্মৰণ কৰা হয়। এই উপলক্ষে বন্তি প্ৰজ্জ্বলন আৰু মালপূৰ্ণ কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই। তাৰপাছত বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়।  সমগ্ৰ ৰাজ্যৰ লগতে চানমাৰিৰ গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনে সুধাকণ্ঠৰ ৯৫ সংখ্যক ওপজা দিন পালন কৰে। ক'ভিড বিধি মানি আয়োজিত ওপজা দিনৰ অনুষ্ঠানত সুধা কণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন, পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে বিশিষ্ট লেখক ভবানী প্ৰসাদ অধিকাৰী, সংগঠনৰ সভাপতি সুৰেন্দ্ৰ নাথ শৰ্মা, উপ সভাপতি ড০ ভাস্কৰ ফুকন, সম্পাদক নেছাৰ আহমেদ, প্ৰাক্তন সম্পাদক গজেন কলিতা, ভূপেনদাৰ সৈতে দীৰ্ঘকাল বাদ্য সংগত কৰা পদ্ম বৰুৱাকে ধৰি বহু বিশিষ্ট জনে। আনহাতে সুধাকণ্ঠৰ জীৱনৰ নানা দিশ সামৰি মনোজ্ঞ বক্তৃতা প্ৰদান কৰি ভবানী প্ৰসাদ অধিকাৰীয়ে কয় যে ভূপেনদাই গীত-মাতৰ জৰিয়তে  নিজৰ কান্দোনবোৰ  লুকুৱাছিল আৰু হাঁহিবোৰ বিলাই দিছিল। আনহাতে বিশিষ্ট সংগীত শিল্পী পদ্ম বৰুৱাই ভূপেন হাজৰিকাৰ ৰসাল সান্নিধ্য আৰু বৰ্ণাঢ্য অভিজ্ঞতাৰ স্মৃতিচাৰণ কৰে। বুধবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক ওপজা দিনত স্মৰণ কৰে বিভিন্ন জনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here