বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় সমিতি গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় সমিতি গঠন

 




W7s News ষ্টাফৰিপোৰ্টাৰ : বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় সমিতিখন দেওবাৰে গঠন  কৰা হয়। এই উপলক্ষে মহানগৰীৰ উলুবাৰীস্থিত পাঞ্চজন্য ভৱনত ক'ভিড বিধি মানি বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় সংযুক্ত মহামন্ত্ৰী কোতেশ্বৰ শৰ্মাৰ উপস্থিতিত পৰিষদৰ সভাপতি ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। এই সভাত লক্ষ্মী দত্ত, মাণিক নাহাতা, প্ৰফুল্ল গোস্বামীক উপদেষ্টা, মুনিন্দ্ৰ মোহন ডেকাক সভাপতি, পৰমেশ দত্তক কাৰ্যকৰী সভাপতি, আনন্দ বসুমতাৰী, ভোলা মাঝি, ৰাজলক্ষ্মী গোস্বামী, তাৰাৱতী শৰ্মাক উপ-সভাপতি, পল্লৱ পৰাশৰক সম্পাদক, ব্ৰজ জ্যোতি শৰ্মা, বিধান চন্দ্ৰ দেৱক সহ:সম্পাদক, ৰমেশ আগৰৱালাক কোষাধ্যক্ষ, ৰাজকুমাৰ পুৰোহিত, নাটোৱাৰলাল আগৰৱালাক সহ:

কোষাধ্যক্ষ, লক্ষী গগৈক ধৰ্ম প্ৰচাৰ প্ৰমুখ, দিলীপ চক্ৰৱৰ্তীক মঠ-মন্দিৰ প্ৰমুখ, বিজিত ডেকাক বজৰং দলৰ সংযোজক, সুনীল লহকৰ আৰু পৃথিৰাজ বৰদলৈক সহ: সংযোগক, ৰিমা পাঠকক দুৰ্গাবাহিনীৰ সংযোজক, দিবাকৰ বৰাক সেৱা প্ৰমুখ, মুনিন্দ্ৰ ডেকা (মুন) ক সহ:সেৱা প্ৰমুখ, কৃষ্ণ সিংহক বিশেষ সম্পৰ্ক প্ৰমুখ, অৰূপ লহকৰক বিশেষ সহ:সম্পৰ্ক প্ৰমুখ, সুৰেন্দ্ৰ গোয়েলক গো-ৰক্ষা প্ৰমুখ, ঘনকান্ত মহন্তক সমৰষ্টা প্ৰমুখ, কুলৰাম বৰাক সৎসঙ্গ প্ৰমুখ, মহেন্দ্ৰ ৰাজপুতক সদস্য হিচাপে লৈ এখন ৩১ জনীয়া কমিটি গঠন কৰা হয়। সভাত এই কমিটিৰ কাৰ্যকাল তিনিবছৰীয়া হ'ব  বুলি কোৱাৰ লগতে আগন্তুক বছৰত কমিটিৰ কাৰ্যক্ৰম সম্বন্ধে বিশদভাৱে আলোচনা কৰে কেন্দ্ৰীয় সংযুক্ত মহামন্ত্ৰী কোষেশ্বৰ শৰ্মাই। সভাত ক'ভিড মহামাৰীৰ বাবে  বিশেষ ব্যৱস্থা লোৱাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here