বিজেপিৰ "আশীৰ্বাদ" যাত্ৰা অসমৰ বাবে "অভিশাপ" হ'ব-চিপিআই(এম-এল) বিজেপিৰ আশীৰ্বাদ যাত্ৰা" বাতিলৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

বিজেপিৰ "আশীৰ্বাদ" যাত্ৰা অসমৰ বাবে "অভিশাপ" হ'ব-চিপিআই(এম-এল) বিজেপিৰ আশীৰ্বাদ যাত্ৰা" বাতিলৰ দাবী

 




W7s News নিউজ ডেস্ক : চিপিআই(এম-এল) ৰ অসম ৰাজ্যিক সমিতিয়ে  কৰ'না মহামাৰী আৰু ৰাজ্যখনত বিৰাজ কৰি থকা অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত ১৮ আগষ্টত বিজেপি দলে আয়োজন কৰা "আশীৰ্বাদ যাত্ৰা" বাতিল কৰিবলৈ দাবী জনাইছে। কৰ'না ভাইৰাছৰ তৃতীয় ঢৌ আহিব বুলি খোদ কেন্দ্ৰীয় চৰকাৰখনে ৰাইজক সজাগ কৰি থকাৰ পাছত আৰু কুম্ভমেলাই উত্তৰ প্ৰদেশত মৃত্যুৰ কিৰিলি পৰাৰ পাছতো তাৰ পৰা কোনো শিক্ষা ন'লৈ , একমাত্ৰ সংকীৰ্ণ দলীয় স্বাৰ্থ আগত ৰাখি এনেদৰে হাজাৰ হাজাৰ লোকক লৈ সমাগমৰ  আয়োজন কৰাটোৱে অসমক নিশ্চিত বিপদৰ মুখলৈ ঠেলি দিব আৰু বিজেপিৰ এই আশীৰ্বাদ যাত্ৰা অসমৰ ৰাইজৰ বাবে অভিশাপ যাত্ৰাত পৰিণত হ'ব বুলি দলটোৱে মত প্ৰকাশ কৰে। অসম ৰাজ্যিক সমিতি চিপিআই (এম-এল)ৰ সম্পাদক ৰুবুল শৰ্মাই

 কয় ' হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কৰৰ বোজা আৰু মুল্য বৃদ্ধিৰে অসমৰ মানুহৰ জীৱন কোঙা কৰি পেলাইছে আৰু ব্যৱসায়ীয়ে আত্মহত্যাৰ দৰে পথ ল'বলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত এই দলটোৱে এনে বিলাসী জাকজমকীয়া অনুষ্ঠান কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে।দলটোৱে সকিয়াই দিয়ে যে যদি তৃতীয় ঢৌৱে অসমত উত্তৰ প্ৰদেশৰ দৰে মৃত্যুৰ তাণ্ডৱ চলায় তেন্তে তাৰ বাবে বিজেপি দল আৰু চৰকাৰ দায়ী হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here