সুৰাৰ বিপনী বন্ধ কৰাৰ বাবে কামৰূপ (ম) জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান বৰাগাঁওৰবাসী ৰাইজৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

সুৰাৰ বিপনী বন্ধ কৰাৰ বাবে কামৰূপ (ম) জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান বৰাগাঁওৰবাসী ৰাইজৰ

 



W7s News ষ্টাফৰিপোৰ্টাৰ :সুৰাৰ বিপনী বন্ধ কৰাৰ বাবে কামৰূপ (ম) জিলা উপায়ুক্তক সোমবাৰে বৰাগাঁওৰবাসী ৰাইজে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰ যোগে বৰগাঁওবাসী ৰাইজে উল্লেখ কৰে যে বিগত কিছুদিনৰ পৰা পশ্চিম বৰগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ত সুৰাৰ বিপনী খোলাৰ প্ৰতিযোগিতা চলিছে। যাৰফলত উঠি অহা প্ৰজন্মৰ ধ্বংসৰ গৰাহলৈ নিয়াৰ শংকা প্ৰকাশ কৰা হৈছে। এই অঞ্চলটোত দুখন সুৰাৰ বিপনী আছে আৰু দুয়োখন আমি বন্ধ কৰিবলৈ কামৰূপ (ম) জিলা উপযুক্তক অনুৰোধ জনায়। লগতে অসম চৰকাৰক সুৰাৰ বাদে অন্য ব্যৱসায়ত যুৱ শক্তিক নিয়োগ কৰাৰ সুবিধা দিবলৈ আহবান জনায়। উক্ত অঞ্চলত বৈশ্য নামৰ এজন লোকে উক্ত অঞ্চলটোত সুৰাৰ বিপনী দিব লাগে বুলি বহু লোকৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰি আহিছে। সেই কাৰ্যৰ স্থানীয় বাসিন্দা সকলে তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত অঞ্চলত সুৰাৰ বিপনী নালাগে বুলি মৌখিক আৰু লিখিতভাবে বিভাগীয় কৰ্তৃপক্ষক জনাইছে। গতিকে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজিত পেগুক দাবী জনায় অঞ্চলবাসী ৰাইজে। উক্ত অঞ্চলত নতুনকৈ সুৰাৰ বিপনী খোলাৰ অনুজ্ঞাপত্ৰ দিলে অঞ্চলবাসী ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও স্মাৰকপত্ৰযোগে স্থানীয় বাসিন্দাসকলে উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here