বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 August 2021

বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক

 


 



W7s News ষ্টাফৰিপোৰ্টাৰ :   মহানগৰীৰ উলুবাৰীস্থিত পাঞ্চজন্য ভৱনত বিশ্ব হিন্দু পৰিষদৰ নৱনিৰ্বাচিত সমিতি খনৰ প্ৰথমখন বৈঠক শনিবাৰে অনুষ্ঠিত হয়। প্ৰান্তুীয় সভাপতি ডাঃ মুনীন্দ্ৰ মোহন ডেকাৰ সভাপতিত্বত  অনুষ্ঠিত বৈঠকখন যুটীয়া সম্পাদক বিধান চন্দ্ৰ দেৱৰয়ে আঁতধৰে। বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পল্লব পৰাশৰে । সভাত উপস্থিত থাকি নবনিৰ্বাচিত প্ৰান্তীয় বিষয় ববীয়া সকলে দায়িত্ব লৈয়ে সমগ্ৰ উত্তৰ-পূৱ প্ৰান্তৰ জিলা সমিতি সমূহৰ লগত  যোগাযোগ কৰি পোৱা তথ্য সমূহ সভাত ব্যক্ত কৰে । সভাত উপস্থিত থাকি ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী দিনেশ তিৱাৰীয়ে পৰিষদ যাতে নিয়াৰীকৈ চলাই নিয়াত সুবিধা হয় সেই সংক্ৰান্তত বহল ভাবে বক্তব্য আগবঢ়াই প্ৰান্তীয় বিষয় ববীয়া সকলক সুন্দৰ পৰামৰ্শ আগবঢ়ায় । বৈঠকত পৰিষদৰ সাংগঠনিক দিশটো মজবুত কৰাৰ বাবে  ১১ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ দহ দিনীয়া পৰিষদ বৰ্গ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়, ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ বজৰং দলৰ বৰ্গ আৰু ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ দূৰ্গা বাহিনীৰ বৰ্গ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । বৈঠকত নবনিৰ্বাচিত কাৰ্যকৰী সভাপতি ড° পৰমেশ দত্তইও  বক্তব্য আগবঢ়ায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here