সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডত অতিষ্ঠ হৈ আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 August 2021

সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডত অতিষ্ঠ হৈ আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ

 


 



W7s News ষ্টাফৰিপোৰ্টাৰ:বিগত সময়তছোৱাত  গুৱাহাটীৰ বিভিন্ন অঞ্চলত সঘনাই সংঘটিত হৈ থকা চুৰি কাণ্ডৰ বাবে অঞ্চলবাসী ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ মঠ মন্দিৰ সমূহত চুৰি কাৰ্য্যই সচেতন মহলক যথেষ্ট চিন্তিত কৰি তুলিছে। বিগত সময়চোৱাত দুস্কৃতিকাৰীয়ে পাণ্ডু-সদিলাপুৰ, মালিগাওঁ, নীলাচলপুৰ, কুমাৰপাৰা, ভঙাগড় আদি অঞ্চলৰ মঠ-মন্দিৰৰ পৰা দান পাত্ৰ, ভোৰতাল, বাচন-বৰ্তন, শৰাই ইত্যাদি চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰিছে। লগতে মঠ-মন্দিৰৰ পবিত্ৰতা ম্লান কৰিছে। যাৰবাবে আজি "বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ তৰফৰ পৰা  চুৰিকাৰ্য ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক  স্মাৰক পত্ৰ প্ৰদান কৰা হয় । গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ


সভাপতি শুভৰাম বৰা, সম্পাদক চন্দন ৰাভা, নুনমাটী প্রখণ্ডৰ সহ: সম্পাদক অভিষেক আগৰৱাল আৰু  মালিগাওঁ প্রখণ্ডৰ সদস্যা ভাগ্য ৰাণী  ডেকাই  শনিবাৰে কামৰূপ (ম) জিলা উপায়ুক্ত  আৰু আৰক্ষী আয়ুক্ত, গুৱাহাটী মহানগৰ  লগ  কৰি সমগ্ৰ বিষয়টো জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ লগতে নৈশ ভাগত মঠ-মন্দিৰৰ পহৰা আৰু তহলদাৰী ব্যৱস্থাটো অধিক কটকটীয়া কৰিবলৈ দাবী জনোৱা হয়। লগতে অতিশীঘ্ৰে অঞ্চলটো কেইটাৰ চুৰিকাণ্ডৰ লগত জড়িত চোৰক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here