W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ গান্ধীমণ্ডপ প্ৰাঙ্গনত শনিবাৰে “অসম প্ৰদেশ কংগ্ৰেছৰ ৭৫ সংখ্যক স্বাধীনতা বৰ্ষ উদযাপন সমিতি”ৰ অধ্যক্ষ শশৰৎ বৰকটকীৰ সভাপতিত্বত এখন আলোচনা সভা আনুষ্ঠিত হয়। এই সভাত ৪ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা আয়োজিত হ'বলগীয়া গান্ধী স্মাৰক বক্তৃতা ৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । যুৱ-প্ৰজন্মই জাতিৰ পিতা গৰাকীৰ আদৰ্শ যাতে গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্য সন্মূখত ৰাখি এই বক্তৃতামালা অনুষ্ঠানটোৰ সফল আয়োজনৰ বাবে লাগতিয়াল বিভিন্ন দিশ সম্পৰ্কে বিতং আলোচনা কৰা হয়। সভাখনত আয়োজক সমিতিৰ সকলো সদস্য উপস্থিত থাকি সভাখনৰ সৌষ্ঠব বৃদ্ধি কৰে। সভাত কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ ক্ৰমে উল্লেখ বলিন কুলী (উপাধ্যক্ষ),নৃপেন্দ্ৰ ঠাকুৰীয়া (আহবায়ক), দ্বিজেন শৰ্মা (প্ৰাক্তন সাংসদ), আব্দুল হামিদ (প্ৰাক্তন সাংসদ), চিৰাজুল হুছেইন শইকীয়া,কুশল শৰ্মা,ড০ অশ্বিন কুমাৰ মহন্ত,গোলাপ মালাকাৰ, ৰঞ্জিত ঠাকুৰীয়া, শচিন শৰ্মা
উপস্থিত থাকে।
No comments:
Post a Comment