ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পর্কৰ উৎসৱ ৰাখী বন্ধন উৎসৱৰ উছাহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পর্কৰ উৎসৱ ৰাখী বন্ধন উৎসৱৰ উছাহ

 




W7s News ষ্টাফৰিপোৰ্টাৰ: ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পর্কৰ উৎসৱ ৰাখী বন্ধন দেওবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তথা গুৱাহাটী মহানগৰীত পালন কৰা হয়। পৱিত্ৰ ৰাখী বন্ধনৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীৰ মিনিষ্টাৰ কলনীত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই ওলগ জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পৱিত্ৰ দিনটোত কয় ' ভাতৃ ভগ্নীৰ বাবে আজি পৱিত্ৰ দিন। এই দিনটোত ভগ্নী সকলে ভাতৃৰ পৰা আশ্ৰয় আৰু ভাতৃসকলে মৰম আৰু আশীৰ্বাদ বিচাৰে। ৰাখীৰ এই পৱিত্ৰ দিনটোৱে মোক দুগুণ উৎসাহেৰে কাম কৰি যোৱাৰ উৎসাহ দিলে।' এই কাৰ্যসূচীত বিজেপিৰ মহিলা মৰ্চা, প্ৰজাপিতা  ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, এছ অ' এছ ভিলেজ, মৰোৱাৰী যুৱ মঞ্চৰ কামাখ্যা শাখা, সমৃদ্ধি শাখাৰ সদস্যৰ লগতে অন্যান্য দল সংগঠনৰ নেতৃবৃন্দই ৰাখী পিন্ধাই মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰে। এই পৱিত্ৰ উৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পৰা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই অসম খন আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে নাৰী সকলৰ সুৰক্ষা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহবান জনায়। মুখ্যমন্ত্ৰীয়ে মৰমৰ ভগ্নীসকললৈ একোখন শ্রীমদ্ভাগৱতগীতা উপহাৰ হিচাপে দিয়ে। পবিত্ৰ উৎসৱৰ মাজতো দেশ সেৱাত ব্ৰতী হৈ থকা চি আৰ পি এফ জোৱান সকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে দেওবাৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত নুনমাটিস্থিত চি আৰ পি এফৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত পালন কৰা হয় ৰাখী বন্ধন উৎসৱ।মহিলা মৰ্চাৰ নেত্ৰী সকলে জোৱান সকলক পূজা অৰ্চনা কৰি ৰাখি পিন্ধায়। ৰাখি পিন্ধি জোৱান সকলে উৎফুল্লিত হৈ মহিলা সকলক ভগ্নী হিচাপে আশীৰ্বাদ প্ৰদান কৰে। জোৱান সকলে এইদৰে ৰাখী পিন্ধোৱাত শিবিৰতোকে নিজৰ ঘৰ বুলি অনুভৱ কৰা বুলি ব্যক্ত কৰে। সেইদৰে গুৱাহাটীত বিভিন্ন দল-সংগঠনৰ মহিলা নেতৃবৃন্দই ৰাখী বন্ধৱ উৎসৱ ক'ভিড বিধি মানি পালন কৰে। উল্লেখ্য, এই পবিত্ৰ উৎসৱটো শাওন আৰু ভাদৰ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here