দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল

 



ক'ভিড নীতিক ঠাট্টা কৰিবলৈ বিজেপিয়ে আশীৰ্বাদ যাত্ৰা কৰিছে



গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি গোচৰ ৰুজু কৰিব, নেতা মন্ত্ৰীৰ বিৰুদ্ধে,আশীৰ্বাদ যাত্ৰাৰ বিৰুদ্ধে



 W7s News ষ্টাফৰিপোৰ্টাৰ : ক'ভিড নীতিক ঠাট্টা কৰিবলৈ বিজেপিয়ে আশীৰ্বাদ যাত্ৰা কৰিছে। সেয়েহে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত সোমবাৰে  গোচৰ ৰুজু কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি। দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এই কথা সদৰী কৰে। তেওঁ লগতে কয় 'নেতা মন্ত্ৰীৰ বিৰুদ্ধে,আশীৰ্বাদ যাত্ৰাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছোঁ। অসমত ক'ভিড পৰিস্থিতি সন্তোষজনক নহয়। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শনিবাৰে  অসমত ১৫ জনে ক'ভিড-১৯ ত মৃত্যু হৈছে। শনিবাৰৰ দিনটোত গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ১২৬ জন। শনিবাৰলৈ ৫ লাখ ৮৩ হাজাৰ ৪৮৫ জন ক'ভিডত  আক্রান্ত হৈছে। সেইদৰে শনিবাৰলৈ ৫৫৬৬ জন লোকৰ ক'ভিডত মৃত্যু হৈছে।অসমত এতিয়াও ক'ভিডত মানুহৰ মৃত্যু হৈ আছে। এতিয়াও স্বাস্থ্য বিভাগে যুঁজিয়েই আছে ক'ভিডৰ বিৰুদ্ধে। কিন্তু জন আশীৰ্বাদ যাত্ৰাৰ কি প্ৰয়োজন আছিল এই সময়ত।ক'ভিড নীতিক ঠাট্টা কৰিবলৈ এই যাত্ৰা। জন আশীৰ্বাদ যাত্ৰা নহয়,জন ঠাট্টা যাত্ৰা এয়া। জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হোৱা মুহূৰ্ততে কেশৱ মহন্তই হাত যোৰ কৰি ৰাইজক কৈছে, কভিড নীতি মানি চলক। এই সময়ত ঢোল বজাই,নাচনী নচুৱাই কৰা এই পৰিবেশ আমি মানি নলও। আমি বিহু এৰিলোঁ,মুছলমানে ঈদ এৰিলে। জনতাই সকলো মানি চলিছে। কিন্তু তেওঁলোকে নিজেই ভঙা কৰিছে। বৈবাহিক কাৰ্য্যসূচীত ২৫ জন,ধৰ্মীয় স্থানত ২০ জন কিন্তু জন আশীৰ্বাদত হাজাৰ হাজাৰ মানুহ। এয়া কেনে নীতি। সৰ্বানন্দ সোণোৱাল অসমলৈ অহা ২৪ ঘণ্টা পাৰ হ'ল কিন্তু এতিয়াও ক'ভিডত মৃত্যু হোৱা সকলৰ বাবে এটা শব্দ ও নকল,সমবেদনা জ্ঞাপন নকৰিলে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিছে। কেৱল মোদী মোদী কৰিছে। গৃহ বিভাগৰ দায়িত্বত ইমানদিনে তেওঁৱেই আছিল।তথাপিও কিন্তু অসম মিজোৰাম সীমান্তৰ ঘটনা সন্দৰ্ভত একো নক'লে। তেওঁলোকৰ যাত্ৰাৰ ফলত চিকিৎসক বহুত সমস্যা হৈছে। ক'ভিড নীতি কেৱল সাধাৰণ জনতাৰ বাবেহে কিন্তু নেতাৰ বাবে একো নাই। সেয়া আমাক স্পষ্ট কৰিব লাগে। আন্তঃজিলা যাতায়ত বন্ধ হৈ থকা সময়তো কিন্তু বিভিন্ন স্থানৰ পৰা আহি আদৰণি জনাইছে। অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এতিয়া এছ অ' পি ভংগকাৰীক হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰিবনে?সেয়েহে উচ্চ ন্যায়ালয়ত আমি কাইলৈ গোচৰ ৰুজু কৰিম নেতা মন্ত্ৰীৰ বিৰুদ্ধে,আশীৰ্বাদ যাত্ৰাৰ বিৰুদ্ধে।কভিড নীতি ভঙ্গ কৰি হাৰাশাস্তি কৰাৰ বাবে।সৰ্বানন্দ সোনোৱালক অসমৰ ৰাইজে আৰু কিমান আশীৰ্বাদ দিব লাগে।

এফালে ক'ভিডত মানুহৰ মৃত্যু হৈ আছে,আনফালে বিজেপিয়ে যাত্ৰা কৰিছে কভিড নীতি ধোঁৱা চাঙত তুলি।প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ এই ধৰণৰ কাণ্ড গ্ৰহণযোগ্য নহয়। এয়া জন আশীৰ্বাদ যাত্ৰা নে জন অভিশাপ যাত্ৰা।

ৰাজহুৱা স্থানত ২০০ জন মানুহৰো সমাবেশ হ'ব নোৱাৰে। মন্ত্ৰী বিধায়ক আৰু তেওঁলোকৰ সাঙ্গু-পাঙ্গুৰ বাবে কভিড নীতি বেলেগ নেকি?এছ অ' পি খন কেৱল দিন হাজিৰা কৰা সকলৰ বাবেহে নেকি? কাইলৈৰ পৰা অসমত সকলো খোলা দি দিয়ক। যদি তেওঁলোকে ক'ভিডৰ সৈতে সহবাস কৰিব পাৰে তেন্তে আমিও পাৰিম। মুখ্যমন্ত্ৰী তেওঁ হ'ব নোৱাৰিলে,তেওঁৰ দক্ষতাৰ অভাৱ আছে।কিন্তু তেওঁক টো অসমৰ ৰাইজে মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদ সকলো কৰিলে আৰু  তেওঁক কিমান আশীৰ্বাদ লাগে। ৰে'লত পান জপা দি মানুহ নি আছে কভিড নাই কিন্তু বাছ চলিলে হে কভিড বিয়পে। কোন কেইজন অফিচাৰে এই এছ অ' পি  কেইখন বনাই আছে ৰাজহুৱা কৰিব লাগে। তেওঁলোকৰ সময়ৰ অভাৱ নে এনেই বনাই আছে  এছ অ' পি কেইখন। কেৱল বৰাক ব্ৰহ্মপুত্ৰ আৰু দুই বাহু মেলি আছে সৰ্বানন্দ সোণোৱালে।কেৱল আসনৰ লোভ সৰ্বানন্দ সোণোৱালৰ।কাইলৈৰ পৰা বিৰোধীয়েও ডাঙৰ ডাঙৰ ৰেলি উলিয়াব। চৰকাৰে কেনেকৈ তেওঁলোকক বাধা দিব। ডি জি পি লৈ প্ৰশ্ন, আজিলৈ কোনো মন্ত্ৰী বিধায়কৰ জৰিমনা বিহি পাইছে নে? নিয়ম অকল সাধাৰণ জনতাই কিয় মানিব? আমাক ইয়াৰ উত্তৰ দিয়ক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here