বিশিষ্ট কলা নিৰ্দেশক, পৰিচালক ফটিক বৰুৱাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

বিশিষ্ট কলা নিৰ্দেশক, পৰিচালক ফটিক বৰুৱাৰ মৃত্যু

 




W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমীয়া চলচ্চিত্ৰৰ প্ৰসিদ্ধ কলা নিৰ্দেশক, পৰিচালক ফটিক বৰুৱা আৰু নাই ৷ সোমবাৰে পুৱা ৯-৪৫ বজাত তেওঁগুৱাহাটীৰ হেল্ থ চিটি হাস্পতালত জীৱননাট সামৰে ৷ হেল্ থ চিটি হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই জনোৱা অনুসৰি প্ৰায় দুবছৰ ধৰি হাঁওফাঁওৰ জটিল কৰ্কট ৰোগত ভুগি থকা বৰুৱাক চলিত বছৰৰ ১৯ আগষ্টত গুৰুতৰ অৱস্থাত হেলথ্‌ চিটীত ভৰ্তি কৰোৱা হয়। আইচিইউত চিকিৎসাধীন বৰুৱাই চিকিৎসকৰ সকলো চেষ্টাক ব্যৰ্থ কৰি সোমবাৰে পুৱা ৯.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। বিগত এবছৰ ধৰি তেওঁ হেলথ্‌ চিটীত কেমো থেৰাপী লৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। বিশিষ্ট কলা নিৰ্দেশক জনৰ মৃত্যুত হেলথ্‌ চিটী হাস্পতাল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।১৯৫০ চনৰ ২ এপ্ৰিলত  তিনিচুকীয়াৰ পৰ্বতীয়াত 

জন্ম গ্ৰহণ কৰা ফটিক বৰুৱাই চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। ১৯৭৫ চনত তেওঁ আব্দুল মজিদৰ 'বনজুই'ৰ জৰিয়তে কলা নিৰ্দেশনাৰ কাম আৰম্ভ কৰে।তেওঁ জাহ্নু বৰুৱাৰ স্বৰ্ণকমল বঁটাপ্ৰাপ্ত 'হালধীয়া চৰায়ে বাওধান খায়', 'তৰা', 'কুশল','পখী', ড° ভবেন্দ্ৰনাথ শইকীয়াৰ 'অগ্নিস্নান','অনিৰ্বাণ', 'কোলাহল'পৰা হিন্দী চিনেমা 'ৰক অন টু'কে ধৰি প্ৰায় চাৰিকুৰি অসমীয়া,হিন্দী অাৰু বাংলা চিনেমাৰ কলা নিৰ্দেশক হিচাপে কাম কৰি খ্যাতি ৰাখি থৈ গ’ল ফটিক বৰুৱাই ৷ তেওঁ হেমেন দাসৰ 'যুজঁ', সঞ্জীৱ হাজৰিকাৰ 'হলধৰ', 'মীমাংসা', 'মৎসগন্ধা', বৰুৱাই কলা নিৰ্দেশক হিচাপে কাম কৰা জাহ্নু বৰুৱাৰ চিনেমা সমুহৰ লগতে আৰু মঞ্জু বৰাৰ ' আই ক'ত নাই', 'অস্তৰাগ', 'লাজ',' বৈভৱ' , শিৱ ঠাকুৰৰ 'বোৱাৰী', ' ঘৰ-সংসাৰ', 'মন মন্দিৰ', 'এই দেশ মোৰ দেশ', আদি চলচিত্ৰৰ লগতে বিশেষভাৱে উল্লেখযোগ্য কেইখনমান চিনেমা 'শকুন্তলা আৰু শংকৰ জোচেফ আলী', 'ৰাংঢালী','বোৱাৰী',' দেশ','নয়নমণি','পূজা','সৰৱজান',ৰাগ-বিৰাগ', 'নিষিদ্ধ নদী','গুণ গুণ গানে গানে','অনুৰাগ','অস্তৰাগ'ইত্যাদি৷ তদুপৰি তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কমিচন প্ৰগেমৰ অধীনত 'বুদ্ধিৰাম', 'জোনাকীৰ পোহৰ' আদিৰ পৰিচালনাৰ কাম কৰিছিল।মৃত্যুৰ আগলৈ তেওঁ প্ৰতিভাৰ স্বীকৃতিস্বৰূপে  ইম্পা চলচ্চিত্ৰ বঁটা,ৰাজ্যিক চলচ্চিত্ৰ বঁটা,প্ৰাগ চিনে এৱাৰ্ড, মুন লাইট মিডিয়া বঁটা ইত্যাদি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিশিষ্ট  কলা নিৰ্দেশক, পৰিচালক ফটিক বৰুৱাক জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্ধা জনোৱা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, নাতিৰ লগতে আত্মীয় স্বজনক এৰি যায়। গুৱাহাটীৰ কাহিলিপাৰাৰ পাৱাৰ হাউচৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here