এছ'চিয়েছন অৱ ড্ৰাগছ ৰিহেবিলিটেছন চেণ্টাৰছ অৱ আছামৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

এছ'চিয়েছন অৱ ড্ৰাগছ ৰিহেবিলিটেছন চেণ্টাৰছ অৱ আছামৰ সংবাদমেল

 




নিবনুৱা সমস্যা সমাধান নোহোৱালৈ বৃদ্ধি পাই থাকিব ৰাজ্যত ড্ৰাগছ আসক্তৰ সংখ্যা


অসমত তিনি লাখৰ অধিক ড্ৰাগছ আসক্ত লোক আছে


অসমত থকা ১০০ টা নিচা মুক্তি কেন্দ্ৰত চিকিৎসাধীন প্ৰায় পাঁচ হাজাৰ লোক



গুৱাহাটীত আছে ৪০-৫০ জন নিদল ইউজাৰ



কিশোৰ,যুৱক যুৱতীৰ মাজত আসক্তৰ সংখ্যা বেছি


উড়তা পাঞ্জাৱ নহয় উড়তা অসম হ'বলৈ বেছি দিন নাই




W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমত তিনি লাখৰ অধিক ড্ৰাগছ আসক্ত লোক আছে। অসমত থকা প্ৰায় ১০০ টা নিচা মুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ আছে প্ৰায় পাঁচ হাজাৰ লোক- এই তথ্য এছ'চিয়েছন অৱ ড্ৰাগছ ৰিহেবিলিটেছন চেণ্টাৰছ অৱ আছামৰ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এছ'চিয়েছনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে এছ'চিয়েছনৰ সভাপতি ভ দীপক সাহনিয়ে। তেওঁ লগতে কয় ' আমি নিজে এটা সময়ত ড্ৰাগছৰ প্ৰতি আসক্ত আছিলোঁ। আমি নিচা মুক্ত কেন্দ্রৰ জৰিয়তে নৱ জীৱন লাভ কৰি চৰকাৰক ড্ৰাগছ মুক্ত ভাৰত গঢ়াত সহায় কৰিবলৈ এছ'চিয়েছন গঠন কৰিছোঁ। সাম্প্ৰতিক সময়ত অসমত যিদৰে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে সেইফালৰ পৰা চাবলৈ গলে উড়তা পাঞ্জাৱ নহয় উড়তা অসম হ'বলৈ বেছি দিন নালাগিব। নিবনুৱা সমস্যা সমাধান নোহোৱালৈ বৃদ্ধি পাই থাকিব ৰাজ্যত ড্ৰাগছ আসক্তৰ সংখ্যা। সেইদৰে ক'ভিড পৰিস্থিতিৰ বাবে বহুলোক মানসিক হতাশগ্রস্ততাত ভুগিছে। গুৱাহাটীত থকা  প্ৰায় ৬২ টা নিচা মুক্তি কেন্দ্ৰত দুই সহস্ৰাধিক লোক চিকিৎসধীন হৈ আছে। নিচা এক প্ৰকাৰৰ ৰোগ । গুৱাহাটীত আছে প্ৰায় ৪০-৫০ জন নিদল ইউজাৰ।কিশোৰ,যুৱক যুৱতীৰ মাজত আসক্তৰ সংখ্যা বেছি।ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ত সজাগতা সৃষ্টি কৰিব লাগে। ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈ নীতি শিক্ষা, আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন। এই নিচা মুক্ত কেন্দ্ৰৰ জৰিয়তে বহুতো ড্ৰাগছ সেৱনকাৰী সুস্থ হৈ উঠি নৱজীৱন লাভ কৰিবলৈ সক্ষম হৈছে।সংবাদ মেলত এছ'চিয়েছনৰ সাধাৰণ সম্পাদক সিদ্ধাৰ্থ কুমাৰ দত্ত, উপদেষ্টা ৰবিউল হুছেইন আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here