সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰাজ্যিক প্ৰতিনিধিৰ আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰাজ্যিক প্ৰতিনিধিৰ আলোচনা

 



W7s News ষ্টাফৰিপোৰ্টাৰ  :অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সোমবাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ ৰাজ্যিক প্ৰতিনিধিৰ এক অনানুষ্ঠানিক আলোচনা সম্পন্ন হয়। অসম কলেজ শিক্ষক সংস্থাৰ হৈ সভাপতি বিশ্বজিত ভূঞা, সাধাৰণ সম্পাদক ড. হিমাংশু মৰল আৰু সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ হৈ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু উপ-সভাপতি ড. জ্যোতিষ গোস্বামীয়ে নেতৃত্ব দিয়া আলোচনাত দুয়োটো সংগঠনে ৰাজ্যত এন পি এছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন পুন: বাহাল কৰাৰ বাবে হাতে হাত ধৰি আগবাঢ়িবলৈ সন্মতি প্ৰকাশ কৰে। কভিড পৰিবেশ সুস্থিৰ হলেই অসমৰ সকলো কৰ্মচাৰী সন্থা, সংঘক একগোট কৰি ৰাজ্যৰ প্ৰতিজন কৰ্মচাৰীকে লগত লৈ এক শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ দুয়োটা সংগঠনে সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত কমদিনৰ ভিতৰতে অসমৰ সকলো কৰ্মচাৰী সন্থা, সংঘৰ প্ৰতিনিধিৰ এক আলোচনা অনুষ্ঠিত কৰিবলৈ দুয়ো সন্থাই সহমত পোষণ কৰে বুলিসদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতিঅচ্যুতানন্দ হাজৰিকাই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here